সমগ্ৰ দেশতে ‘টমেটো ফ্লু’ নামৰ নতুন ভাইৰাছজনিত ৰোগ বিয়পি পৰাক লৈ চিকিৎসা বিজ্ঞানীসকলে জাৰি কৰিছে এক সতৰ্কবাণী(Lancet warns about tomato flu) । দেশত ক'ভিড আতংকৰ মাজতে এই নতুন ৰোগে সকলোৰে মাজত এক আতংকৰ সৃষ্টি কৰিছে ৷ বৰ্তমান সকলোৰে মনত এটায়ে প্ৰশ্ন ক'ৰ পৰা আহিল এই নতুন ৰোগ(New virus attacking children in India) । এই ফ্লুৰ ফলত যথেষ্ট সংখ্যক লোক সংক্ৰমিত হোৱাৰ পিছতে বৰ্তমান কেৰেলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
কিন্ত এতিয়া প্ৰশ্ন হয় যে, টমেটো ফ্লু কি, ইয়াৰ লক্ষণসমূহ কি, এই ৰোগৰ পৰা কেনেকৈ হাত সাৰি থাকিব পাৰি লগতে ইয়াৰ মৃত্যুৰ হাৰ কিমান এই আটাইবোৰৰ বিষয়ে সবিশেষ জানো আহক । লগতে ভাৰতত ইয়াৰ চিকিৎসা কি আৰু ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি ।
দৰাচলতে ভৰি আৰু মুখৰ লগত জড়িত এই সংক্ৰমণক টমেটো জ্বৰ আৰু টমেটো ফ্লু বুলি কোৱা হৈছে(Tomato flu virus cases in India) । বৰ্তমানলৈকে ভাৰতত ৮২ টা শিশু টমেটো ফ্লুত আক্ৰান্ত হোৱাৰ খবৰ আহি পৰিছে(82 cases detected so far) । বিগত ৬ মে'ত কেৰেলাৰ কোলাম জিলাত এই ঘটনা পোহৰলৈ আহিছিল । লেন্সেণ্ট জাৰ্নেলৰ এক প্ৰতিবেদন অনুসৰি পাঁচ বছৰৰ তলৰ শিশু এই ৰোগত আক্ৰান্ত হৈছে ।
এই ৰোগৰ লক্ষণ কি কি ?
লেন্সেটৰ এক প্ৰতিবেদনত কোৱা হৈছে যে, এই ৰোগত ছালত ৰঙা দাগ দেখা দিবলৈ পোৱা যায় আৰু ডাঙৰ ডাঙৰ ফোহাও দেখা দিয়ে । কোৱা হৈছে যে, কৰ'না, চিকুনগুনিয়া, ডেংগু আৰু মাংকি পক্স সংক্ৰমণতো একেধৰণৰ লক্ষণ দেখা যায়(Monkey pox symptoms in Kerala) । হয়তো ৰঙা ফোহাৰ বাবেই ইয়াৰ নাম টমেটো ফ্লু ৰখা হৈছে । টমেটো ফ্লু হৈছে এটি শিশুৰ পৰা আন এটি শিশুলৈ বিয়পিব পৰা এক সংক্ৰামক ৰোগ । আন আন লক্ষণৰ কথা ক'বলৈ গ'লে ইয়াৰ ভিতৰত আছে ছালৰ ফোহা, তীব্ৰ জ্বৰ, বিষ, গাঁঠি ফুলা, পানীলগা আৰু ভাগৰুৱা অনুভৱ কৰা আদি ।
পাঁচ বছৰৰ তলৰ শিশু আক্ৰান্ত
এই ৰোগৰ আচৰিত কথাটো হ'ল যে, পাঁচ বছৰৰ তলৰ শিশুৱে এই ৰোগত আক্ৰান্ত হয় । ইয়াৰ বাবে শিশুৰ ছালত জ্বলা-পোৰা আৰু খজুৱতি হয় । ইয়াৰ বাহিৰেও এই ৰোগত আক্ৰান্ত হ'লে ৰোগী শিশুটিৰ তীব্ৰ জ্বৰ হোৱা দেখা যায় । টমেটো ফ্লুত আক্ৰান্ত হোৱা শিশুৰ শৰীৰ আৰু গাঁঠিৰ তীব্ৰ বিষৰ লগতে পানীলগাৰ সমস্যাও থাকে ।