অসম

assam

ETV Bharat / sukhibhava

International Day Against Drug Abuse and Illicit Trafficking 2023: ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হওক সমাজ - আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস কিয় পালন কৰা হয়

বৰ্তমান সময়ত বৃহৎ সংখ্যক যুৱ প্ৰজন্ম তথা কিশোৰে ড্ৰাগছ সেৱন কৰে । সহজ ভাষাত ক’বলৈ গ’লে শিশুৰ ড্ৰাগছৰ আসক্তি বৃদ্ধি পাইছে । ইয়াৰ বাবে তেওঁলোকে সকলো ধৰণৰ ড্ৰাগছৰ আশ্ৰয় লৈছে ।

Today is International Day Against Drug Abuse and Illicit Trafficking , know its history and importance
ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হওক সমাজ

By

Published : Jun 26, 2023, 8:01 AM IST

বৰ্তমান সময়ত ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম । ড্ৰাগছৰ ভয়াৱহতাই সমাজখনত এনেদৰে শিপাই গৈছে, যাৰবাবে ধ্বংসৰ গৰাহলৈ ক্ৰমাৎ ঢাপলি মেলিছে এটা প্ৰজন্ম । ড্ৰাগছৰ কৱলৰ পৰা সকলোকে উদ্ধাৰ কৰাৰ উদ্দেশ্যে প্ৰত্যেক বছৰে ২৬ জুন অৰ্থাৎ আজিৰ দিনটোতে পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস বা ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় দিৱস ।

১৯৮৭ চনৰ ৭ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে এটা প্ৰস্তাৱ গৃহীত কৰে । এই প্ৰস্তাৱত ড্ৰাগছৰ অবৈধ ব্যৱহাৰ আৰু অবৈধ সৰবৰাহৰ প্ৰতিৰোধৰ বাবে প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস পালন কৰাৰ বিষয়ে চৰ্চা চলিছিল ।

ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হওক সমাজ

আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসৰ ইতিহাস

বৰ্তমান সময়ত বৃহৎ সংখ্যক যুৱ প্ৰজন্ম তথা কিশোৰে ড্ৰাগছ সেৱন কৰে । সহজ ভাষাত ক’বলৈ গ’লে কিশোৰসকলৰ মাজত ড্ৰাগছৰ আসক্তি ক্ৰমাগত বৃদ্ধি পাইছে । ইয়াৰ বাবে তেওঁলোকে সকলো ধৰণৰ ড্ৰাগছৰ আশ্ৰয় লৈছে । অজ্ঞানতাৰ অভাৱত এই বোকাত আৱদ্ধ হৈ পৰিছে তেওঁলোক । ইয়াৰ ফলত তেওঁলোকৰ স্বাস্থ্য আৰু কেৰিয়াৰত ব্যাপকভাৱে প্ৰভাৱ পৰিছে ।

অধিক ব্যৱহাৰৰ বাবেও অবৈধ সৰবৰাহ চলি আছে । ইয়াৰ পৰিপ্ৰেক্ষিতত ১৯৮৭ চনৰ ৭ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘই সমাজখনক ড্ৰাগছমুক্ত কৰাৰ প্ৰস্তাৱ দাখিল কৰে । এই প্ৰস্তাৱত ২৬ জুনত আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱস উদযাপনৰ কথা কোৱা হৈছিল, যিটো সকলো দেশৰ সৰ্বসন্মতিক্ৰমে গৃহীত কৰা হৈছিল । ইয়াৰ পিছত ১৯৮৯ চনৰ ২৬ জুনত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস পালন কৰা হয় । সেই সময়ৰ পৰা প্ৰতি বছৰে ২৬ জুনত এই দিৱস পালন কৰা হয় ।

ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হওক সমাজ

আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসৰ তাৎপৰ্য

এই দিৱসৰ মূল উদ্দেশ্য হৈছে কিশোৰটিক ড্ৰাগছ আসক্তিৰ পৰা ৰক্ষা কৰা আৰু সৰবৰাহ নিষিদ্ধ কৰা । ইয়াৰ ফলত কিশোৰসকলৰ ভৱিষ্যত সোণালী হৈ পৰিব । আজিৰ দিনটোত বিশ্বজুৰি ড্ৰাগছ আসক্তিৰ বিৰুদ্ধে এক সজাগতা অভিযান চলোৱা হয় । ইয়াত মানুহক মদ্যপানৰ ফলত হোৱা ক্ষতিৰ বিষয়ে সচেতন কৰা হয় । ভাৰততো ড্ৰাগছ আৰু অবৈধ সৰবৰাহ ৰোধৰ বাবে কঠোৰ আইন আছে । অৱশ্যে মানুহ সচেতন হোৱাটো প্ৰয়োজন । সহযোগিতা অবিহনে এয়া সম্ভৱ নহয় । ইয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উপলক্ষে চৌপাশৰ এনে লোক, যিসকল ড্ৰাগছ আৰু অবৈধ কামত জড়িত । তেওঁলোকক সত্যৰ পথত আগুৱাই নিবলৈ উদ্যোগ লোৱা উচিত ।

লগতে পঢ়ক:World Allergy Awareness Week: "জলবায়ু পৰিৱৰ্তন বনাম এলাৰ্জী: সাজু হওক": বিশ্ব এলাৰ্জী সজাগতা সপ্তাহ

ABOUT THE AUTHOR

...view details