আপুনি উদ্বিগ্নতা অনুভৱ কৰে নেকি ? আপুনি অনবৰতে চিন্তাত বুৰ গৈ থাকে নেকি । লগতে ইয়াৰ বাবে আপুনি টোপনি যাব নোৱাৰে বা আপুনি অস্থিৰ অনুভৱ কৰিছে নেকি যদি হয় তেন্তে এই আটাইবোৰেই হৈছ এনজাইটি অৰ্থাৎ উদ্বিগ্নতাৰ লক্ষণ । এনে পৰিস্থিতিত ঔষধতকৈ জীৱনশৈলী আৰু খাদ্যাভ্যাস শুধৰোৱাৰ প্ৰয়োজন বেছি । লগতে যোগাসন আৰু ব্যায়ামে আপোনাক এই কামত সহায় কৰিব পাৰে (How can I stop walking anxiety?)। কিন্তু, আজি আমি এই প্ৰতিবেদনৰ জৰিয়তে আপোনালোকক জনাম খোজ কঢ়াৰ সৈতে এনজাইটিৰ সম্পৰ্ক (Can I walk during anxiety?)৷
উদ্বিগ্নতাত খোজ কাঢ়িলে কি হয় ?
এনজাইটি বা উদ্বিগ্নতাত খোজ কঢ়াটো বহু দিশত উপযোগী হ’ব পাৰে । প্ৰথমতে দৈনিক ৪০ মিনিট খোজ কাঢ়িব লাগে । যেতিয়াই আপুনি উদ্বিগ্নতা অনুভৱ কৰে তেতিয়া এই কামটো কৰক । যিকোনে ঠাইতে আপুনি খোজ কাঢ়িব পাৰে । কিন্তু ঘৰৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰক । অলপ খোলা আৰু বায়ু চলাচল কৰা ঠাইলৈ যাওক । এনে কৰিলে মানসিক চাপৰ পৰা বিৰতি পোৱা যায় আৰু উদ্বেগ কমি যায় ।
১/ মানসিক চাপ কম কৰে
উদ্বেগ আৰম্ভ হয় মানসিক চাপৰ পৰা । এনে পৰিস্থিতিত যেতিয়া আপুনি উদ্বিগ্নতাত ভোগে, তেতিয়া খোজ কাঢ়িলে এই মানসিক চাপ দূৰ কৰে । ই আপোনাৰ মনক শান্ত কৰে আৰু মানসিক চাপ কমায় ।