ক'ভিড মহামাৰী (Covid-19) আৰু লকডাউনৰ বাবে, আমাৰ বেছিভাগেই ঘৰৰ পৰাই কাম কৰি আছে । যাৰ বাবে কম্পিউটাৰ, ম'বাইল বা ডিজিটেল মাধ্যমত আমি বেছি সময় দিব লগীয়া হৈছে । আপুনি প্ৰায় গোটেই দিনটো আপোনাৰ লেপটপ বা কম্পিউটাৰৰ স্ক্ৰীণলৈ চাই কটাবলগীয়া হৈছে । প্ৰাপ্তবয়স্ক লোক আৰু শিশুসকলেও একেধৰণে টিভি চাই বা সামাজিক মাধ্যমত সময় অতিবাহিত কৰিছে ।
ডিজিটেল স্ক্ৰীণৰ সন্মুখত বেছি সময় থকাৰ বাবে, আপোনাৰ চকুত স্বাভাৱিকতকৈ অধিক চাপ পৰিছে । আপোনাৰ দুটা আটাইতকৈ মূল্যৱান সম্পদ (আপোনাৰ চকু) সুৰক্ষিত কৰি ৰাখিবলৈ আপুনি কিছুমান কাম কৰা উচিত (Keep your eyes safe and secure)।
লেপটপ/কম্পিউটাৰ সঠিক দূৰত্বত ৰাখিব (Keep laptop/computer at proper distance):
বহুলোকে তেওঁলোকৰ ডিজিটেল সঁজুলিবোৰ চকুৰ একেবাৰে ওচৰতে ৰাখে । এনে লোকসকলৰ প্ৰায়ে চকুৰ সমস্যা হোৱাৰ আশংকা অধিক হয় । বিশেষকৈ কৰ্মক্ষেত্ৰত দীঘলীয়া সময়ৰ বাবে কম্পিউটাৰ বা লেপটপ ব্যৱহাৰ কৰা সকলৰ ক্ষেত্ৰত এই সমস্যা দেখা যায় । লেপটপটো আপোনাৰ বাহুৰ সমান দৈৰ্ঘ্যত ৰখাটো দৰকাৰ ।
অৰ্থাৎ, স্ক্ৰীণখন আপোনাৰ চকুৰ পৰা উপযুক্ত দূৰত্বত থাকিব লাগে । আপোনাৰ স্ক্ৰীণ কমেও এটা বাহুৰ দৈৰ্ঘ্য (২৫ ইঞ্চি) দূৰত আৰু চকুৰ স্তৰতকৈ অলপ তলত হ'ব লাগে । এনেদৰে ৰাখিলে চকুৰ ওপৰত পৰা চাপ হ্ৰাস হয় আৰু পোহৰৰ তীব্ৰতা হ্ৰাস কৰে ।
আপোনাৰ স্ক্ৰীণৰ অৱস্থান আৰু উজ্জ্বলতা মিলাওক (Adjust your screen position and brightness):
আপুনি উপলব্ধি কৰাতকৈ আপোনাৰ স্ক্ৰীণৰ স্থান অধিক গুৰুত্বপূৰ্ণ । দৰাচলতে, দিনটোত দীঘলীয়া সময়ৰ বাবে কাম কৰাৰ পাছত আপোনাৰ চকুৱে কেনে অনুভৱ কৰে তাৰ ওপৰত ই এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায় । স্ক্ৰীণৰ অৱস্থান আৰু উজ্জ্বলতা মিলাওক যাতে আপুনি আপোনাৰ ছিষ্টেমত অত্যাধিক জোৰ নকৰাকৈ বা মনোযোগ নিদিয়াকৈ কাম কৰিব পাৰে । যদি আপোনাৰ চকু অত্যাধিক দুৰ্বল হয়, আপুনি চিকিৎসকৰ ওচৰলৈ যোৱা উচিত ।
প্ৰাকৃতিক পোহৰত কাম কৰিবলৈ চেষ্টা কৰক (Try to work in natural light):
সদায়ে এলইডি বা টিউব লাইট ব্যৱহাৰ কৰাৰ সলনি প্ৰাকৃতিক পোহৰত কাম কৰিবলৈ চেষ্টা কৰিব । যেতিয়া সূৰ্যৰ পোহৰ দুৱাৰ আৰু খিৰিকীৰে আপোনাৰ কোঠাত প্ৰৱেশ কৰে, ই আপোনাৰ চকুক আৰাম দিয়ে । ই আপোনাক গোটেই দিনটো সক্ৰিয় হৈ থকাত সহায় কৰে ।
নিয়মীয়া বিৰতি লওক (Take regular breaks):
ঘৰৰ পৰা কাম কৰোঁতে মনত ৰাখিবলগীয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাবোৰৰ ভিতৰত এটা হ'ল নিয়মীয়া বিৰতি লোৱা । এইটো এটা কাৰ্যকৰী উপদেশ যাক বহুলোকে অৱজ্ঞা কৰে কিয়নো তেওঁলোকে নিৰন্তৰ তেওঁলোকৰ কামত মনোনিৱেশ কৰে । অৱশ্যে, আপুনি প্ৰতি ঘণ্টাত কমেও ৫ মিনিটৰ বাবে স্ক্ৰীণৰ পৰা আপোনাৰ দৃষ্টি আঁতৰাই ৰাখিবলৈ চেষ্টা কৰক । ই আপোনাৰ একাগ্ৰতা আৰু উৎপাদনশীলতাও বৃদ্ধি কৰে । এয়া হৈছে এক সৰ্বাংগীন উন্নয়নৰ উপায় ! গতিকে বিৰতি ল'বলৈ নাপাহৰিব ।
চকুৰ ব্যায়াম আৰম্ভ কৰক (Practice Eye Exercises):