অসম

assam

ETV Bharat / sukhibhava

প্ৰসৱৰ পিচত নকৰিব এইসমূহ কাম, নহ’লে গোটেই জীৱন ভুগিব লাগিব - সন্তান জন্ম দিয়াৰ পিছত কৰিব নোৱাৰা কাম

Things Not to Do After Giving Birth: প্ৰসৱৰ পিচত কৰা সৰু সৰু ভুলৰ বাবেই মহিলাসকলে পিচলৈ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । গতিকে জানি লওক প্ৰসৱৰ পিচত কি কি কৰিব নালাগে ৷

These things every women should avoid after giving birth
প্ৰসৱৰ পিচত কেতিয়াও নকৰিব এইসমূহ ভুল

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 12:55 PM IST

এই পৃথিৱীত মাতৃ হোৱাটো এনেকুৱা এটা সুখ আৰু গৌৰৱময় মুহূৰ্ত যিটো হয়তো শব্দৰে প্ৰকাশ কৰিব পৰা নাযাব । নাৰীৰ গৰ্ভৰ পৰা যেতিয়া নতুন জীৱনৰ জন্ম হয়, তেতিয়া ই নিজৰ মাজতে এক সৰু ব্ৰহ্মাণ্ডত পৰিণত হয় । এগৰাকী নাৰীয়ে সন্তান জন্ম দিলে ভয়ংকৰ শাৰীৰিক যন্ত্ৰণাৰ সন্মুখীন হ’বলগীয়া হয় । প্ৰসৱৰ সময়ত হোৱা বিষ ইমানেই অধিক হয় যে আনকি কল্পনা কৰাটোও কঠিন । কিন্তু মাতৃ হোৱাৰ পিচত নাৰীয়ে এই সকলোবোৰ কষ্ট পাহৰি নিজৰ সন্তানৰ ওপৰত মনোনিৱেশ কৰে । স্বাভাৱিক প্ৰসৱৰ পিচত মহিলাসকলে নিজৰ বিশেষ যত্ন লোৱাটো প্ৰয়োজন । কিন্তু বহু মহিলাই প্ৰসৱৰ পিচত কিছু ভুল কৰে যাৰ বাবে পিচলৈ বহু শাৰীৰিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । বিশেষজ্ঞৰ মতে প্ৰসৱৰ পিচত মহিলাসকলে কি কি কাম কৰিব লাগে আৰু কি কি কাম কৰিব নালাগে জানো আহক...

গধুৰ বস্তু উঠোৱা

প্ৰসৱৰ পিচত মহিলাসকলে গধুৰ বস্তু উঠাব নালাগে । প্ৰসৱ এটা স্বাভাৱিক প্ৰক্ৰিয়া. যদিও ই শৰীৰত বহুত অসুবিধাৰ সৃষ্টি কৰে । এনে পৰিস্থিতিত মহিলাসকলে কমেও ৪০ দিনলৈ গধুৰ বস্তুৰ কোনো কাম কৰিব নালাগে । গধুৰ বস্তু তুলিলে পেটৰ তলৰ অংশত বিষ আৰু অন্যান্য সমস্যাও হ’ব পাৰে ।

তললৈ মূৰ কৰি কাম কৰা

প্ৰসৱৰ পিচত মহিলাসকলে প্ৰায়ে শিশুৰ যত্ন লোৱা বা ঘৰৰ কাম-কাজৰ বাবে তললৈ মূৰ কৰি কাম কৰে ৷ কিন্তু এনেকৈ কাম কৰিলে কঁকালৰ বিষ বেছি হয় । এই বিষ লগে লগে অনুভৱ কৰা নহয় । কেতিয়াবা কেইবছৰমানৰ পিচত হে কঁকালৰ বিষ আৰম্ভ হয় । কাৰণ তললৈ মূৰ কৰি কাম কৰাৰ সময়ত কঁকালৰ তলৰ অংশ আৰু পেশীবোৰত অধিক চাপ পৰে, যাৰ ফলত বিষ হয় । সেয়ে প্ৰসৱৰ পিচত কেইমাহমান এনে বিষয়ত গুৰুত্ব দিব লাগে ।

গৰম খাদ্য খোৱা

প্ৰসৱৰ পিচত কমেও এসপ্তাহলৈকে মহিলাসকলে গৰম খাদ্য খাব লাগে । প্ৰসৱ এটা স্বাভাৱিক প্ৰক্ৰিয়া যদিও ই শৰীৰক অতি দুৰ্বল কৰি তোলে । শৰীৰৰ বাবে শক্তি পুনৰ লাভ কৰিবলৈ গৰম খাদ্য খোৱাটো অতি প্ৰয়োজনীয় হৈ পৰে । গৰম খাদ্য সহজে হজম হয় আৰু পুষ্টিকৰ উপাদান শৰীৰত সহজে উপলব্ধ হয় । গৰম খাদ্যই শৰীৰক উষ্ণতা প্ৰদান কৰে যিটো শীতকালত প্ৰসৱৰ পিচত অতি গুৰুত্বপূৰ্ণ ।

বি.দ্ৰু: এই প্ৰতিবেদনত উল্লেখ কৰা পদ্ধতি আৰু পৰামৰ্শ কাৰ্যকৰী কৰাৰ আগতে চিকিৎসক বা আনুষংগিক বিশেষজ্ঞৰ পৰামৰ্শ লওক ।

লগতে পঢ়ক:গৰ্ভাৱস্থাৰ সময়ত ভ্ৰমণ কৰা মহিলাসকলে কি কি ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত

ABOUT THE AUTHOR

...view details