শীতকালত আমি প্ৰায়ে গৰম আৰু সোৱাদযুক্ত কিবা খাদ্য খাব বিচাৰো ৷ সাধাৰণতে ঠাণ্ডাৰ পৰিমাণ বৃদ্ধি পোৱাৰ বাবে এনে অনুভৱ হয় ৷ ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ শৰীৰটো গৰম কৰি ৰখাটো জৰুৰী যাতে আমি ঠাণ্ডাৰ কু-প্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰিব পাৰো ৷ এনে পৰিস্থিতিত বাহিৰৰ পৰা কিছু অস্বাস্থ্যকৰ খাদ্য খোৱাৰ পৰিৱৰ্তে ঘৰতে কিছু সোৱাদযুক্ত আৰু স্বাস্থ্যকৰ চূপ তৈয়াৰ কৰিব পৰা যায় ৷ এই চূপবোৰৰ সহায়ত আপোনাৰ শৰীৰটো ভিতৰৰ পৰা গৰম হৈ থাকিব, যাৰ বাবে আপোনাৰ ঠাণ্ডা অনুভৱ নহয় আৰু আপোনাৰ মনটো ভালে থাকিব ৷ সেয়ে আজি আমি এনে কেইবিধমান চূপৰ ৰেচিপি লৈ আহিছো যাক আপুনি ঘৰতে অতি সহজে তৈয়াৰ কৰিব পাৰিব লগতে শীতকালত উপভোগ কৰিব পাৰিব ৷
মাছৰুমৰ চূপ
শীতকালত কাঠফুলা বা মাছৰুম খোৱাটো অতি স্বাস্থ্যকৰ ৷ ইয়াৰ দ্বাৰা ভিটামিন ডিৰ অভাৱ পূৰণ হোৱাৰ লগতে অন্যান্য উপকাৰিতাও লাভ কৰিব পৰা যায়৷ গতিকে শীতকালত ইয়াক খোৱাটো অতি উপকাৰী ৷ ইয়াৰ পৰা তৈয়াৰী চূপ বৰ সোৱাদযুক্ত ৷ ইয়াক তৈয়াৰ কৰিবলৈ কেৰাহীত দুচামুচ মাখন গৰম কৰি তাত কটা মাছৰুম, গাজৰ, ইচ্ছা কৰিলে অন্য পাচলিও অন্তৰ্ভুক্ত কৰিব পাৰে ৷ ইয়াক অলপ ভজাৰ পিছত তাত নিমখ, চ’য়া চচ, ভেজিটেবল ষ্টক আদি দি ভালদৰে ভাজি লওক ৷ এতিয়া ইয়াত পাচলিৰ পৰিমান অনুযায়ী পানী দি দিয়ক ৷
ইয়াৰ পিছত এটা বাটিত কৰ্ণ ফ্লাৰ পানীৰ সৈতে মিহলি কৰি লওক এই মিশ্ৰণখিনি উতলি থকা চূপ খিনিত দি দিয়ক আৰু অলপ গাঢ় হোৱাৰ পিছত তাত জালুক ধনিয়া দি গৰমা গৰমে পৰিবেশন কৰক ৷