অসম

assam

কোষ্ঠকাঠিন্যৰ ফলত অসুবিধা অনুভৱ কৰিছে নেকি ? এইসমূহ পানীয়ই কৰিব সহায়

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 5:28 PM IST

Relieve Constipation: কোষ্ঠকাঠিন্যই যেতিয়া পেটত অশান্তিৰ সৃষ্টি কৰে তেতিয়া দৈনন্দিন জীৱনৰ স্বাভাৱিক কাম-কাজত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰে, কিন্তু চিন্তিত হোৱাৰ প্ৰয়োজন নাই, এইসমূহ পানীয়ৰ দ্বাৰা কোষ্ঠকাঠিন্যৰ পৰা প্ৰাকৃতিকভাৱে পাওক সকাহ ।

These Natural Drinks can Helps Relieve Constipation Instantly
কোষ্ঠকাঠিন্যৰ ফলত অসুবিধা অনুভৱ কৰিছে নেকি ? এইসমূহ পানীয়ই কৰিব সহায়

কোষ্ঠকাঠিন্য হ’ল শৰীৰৰ সেই সমস্যা যেতিয়া এজন ব্যক্তিৰ বাবে মল বাহিৰ কৰাটো যথেষ্ট অসুবিধাজনক হৈ পৰে ৷ আজিকালি আমি বিভিন্ন ধৰণৰ খাদ্য গ্ৰহণ কৰো কেতিয়াবা বিয়া কেতিয়াবা পাৰ্টিত আমি নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰো আৰু ইয়াৰ ফলতেই আমাৰ পেটৰ সমস্যা আৰু বৃদ্ধি পাবলৈ ধৰে লগতে কোষ্ঠকাঠিন্যৰ দৰে সমস্যাই দেখা দিয়ে ৷

সেয়ে এনে ক্ষেত্ৰত নিশা শুবলৈ যোৱাৰ আগতে আমি কিছুমান আঁহযুক্ত পানীয় সেৱন কৰিলে কোষ্ঠকাঠিন্যৰ পৰা সকাহ পাব পাৰো ৷ এই পানীয়সমূহ হৈছে ক্ৰমে-

১/ আপেল চাইডাৰ ভিনেগাৰ (Apple Cider Vinegar)

আপেল চাইডাৰ ভিনেগাৰ আমাৰ পেটৰ বাবে অতি উপকাৰী বুলি বিবেচিত হয়, যাৰ ফলত হজম শক্তি বৃদ্ধি পায় ৷ ইয়াৰ বাবে মৌ আৰু ২ চামুচ আপেল চাইডাৰ ভিনেগাৰ এগিলাচ কুহুমীয়া পানীত মিহলাই শুবলৈ যোৱাৰ আগতে খাওক ৷

২/ নেমুৰ পানী (Lemon Water)

নেমুৰ পানী আমাৰ স্বাস্থ্যৰ বাবে অতি উপযোগী পানীয় যিটো প্ৰস্তুত কৰাটো অতি সহজ ৷ ই পাচন এনজাইমক উদ্দীপিত কৰে আৰু শৰীৰক বিষমুক্ত কৰে ৷ আচলতে দিনটোৰ যিকোনো সময়তে ইয়াক পান কৰিব পাৰে ৷ কিন্তু যদি শুবলৈ যোৱাৰ আগতে আপুনি ইয়াক সেৱন কৰে তেন্তে কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰিব পৰা যায় ৷

৩/ এলোভেৰা বা ছালকুঁৱৰীৰ ৰস (Aloe Vera Juice)

এলোভেৰা ছালৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা হয়, কিন্তু হয়তো আপুনি এই বিষয়ে জ্ঞাত নহয় যে ই আন্ত্ৰিক স্বাস্থ্যৰ বাবেও অতি উপকাৰী ৷ আপুনি এলোভেৰা পানীৰ লগত মিহলাই ৰস প্ৰস্তুত কৰি শোৱাৰ আগতে পান কৰিব পাৰে ৷ পেটত হ’ব পাৰে পুৱা ক্লিয়াৰ কৰা হয় ৷

৪/ চফ গুটিৰ চাহ (Fennel Seed Tea)

চফ সাধাৰণতে নেচাৰেল মাউথ ফ্ৰেচনাৰ হিচাপে ব্যৱহাৰ কৰা হয় যদিও ই পাচনতন্ত্ৰৰ বাবেও উপকাৰী ৷ ই পাচন পেশীবোৰ শিথিল কৰি পেটৰ সৈতে জড়িত সমস্যা ৰোধ কৰে ৷ ইয়াৰ সহায়ত বনৌষধি চাহ তৈয়াৰ কৰিব আপুনি শুবলৈ যোৱাৰ পূৰ্বে গ্ৰহণ কৰিব পাৰে ৷

লগতে পঢ়ক:শিশুৰ বিকাশত গভীৰ প্ৰভাৱ পেলাব পাৰে কাণৰ সংক্ৰমণে

ABOUT THE AUTHOR

...view details