অসম

assam

ETV Bharat / sukhibhava

যিকোনো বতৰতে শৰীৰক বিষমুক্ত কৰি ৰাখিবলৈ খাওক এই ৫ বিধ পানীয় - বিষমুক্ত

আমাৰ শৰীৰক সুস্থ কৰি ৰাখিবলৈ পুষ্টিকৰ উপাদানৰ প্ৰয়োজন হয় । যদিও শৰীৰে নিজেই ভিতৰত থকা বিষাক্ত পদাৰ্থ বাহিৰ কৰে, কিন্তু সময়ৰ লগে লগে শৰীৰৰ এই ক্ষমতা কমিবলৈ আৰম্ভ কৰে । সেয়ে আজি আমি এই প্ৰতিবেদনৰ জৰিয়তে আপোনালোকক ৫টা এনে পদ্ধতিৰ বিষয়ে উল্লেখ কৰিম যাক অনুসৰণ কৰি আপুনি শৰীৰক প্ৰাকৃতিকভাৱে বিষমুক্ত কৰিব পাৰে ৷

These home remedies can detox your body
যিকোনো বতৰতে শৰীৰত শৰীৰক বিষমুক্ত কৰি ৰাখিবলৈ খাওক এই ৫বিধ পানীয়

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 5:04 PM IST

আমাৰ শৰীৰক সুস্থ হৈ থাকিবলৈ পুষ্টিকৰ উপাদানৰ প্ৰয়োজন হয় ৷ আমাৰ শৰীৰত স্বাভাৱিকভাৱে নিজকে বিষমুক্ত কৰাৰ ক্ষমতা আছে যদিও প্ৰায়ে ভুল খাদ্যাভ্যাস আৰু জীৱন-যাপনৰ অসাৱধানতাৰ বাবে এই ক্ষমতা কমিবলৈ আৰম্ভ কৰে ৷ এনে পৰিস্থিতিত শৰীৰত গঠিত বিষাক্ত পদাৰ্থবোৰ আঁতৰাবলৈ শৰীৰৰ ডিটক্সৰ প্ৰয়োজন হৈ পৰে ৷ এই প্ৰতিবেদনত আমি আপোনালোকক ঘৰত উপলব্ধ এনে কিছুমান সামগ্ৰীৰ বিষয়ে ক’বলৈ ওলাইছো, যাক গ্ৰহণ কৰিলে আপুনিও শৰীৰত জমা হোৱা বিষাক্ত পদাৰ্থবোৰ আঁতৰাব পাৰিব ৷

  • জিৰা পানী

জিৰাৰ পানী এন্টি অক্সিডেন্ট আৰু এন্টি মাইক্ৰ’বিয়াল গুণেৰে ভৰপূৰ, যিয়ে শৰীৰক বিষমুক্ত কৰাৰ কাম কৰে ৷ জিৰাপানী পান কৰিলে বিপাকীয় ক্ৰিয়া বৃদ্ধি পায় আৰু ভোক বৃদ্ধি কৰা হৰম’নবোৰ নিয়ন্ত্ৰণত থাকে ৷ ইয়াৰ সহায়ত ওজন কমোৱাত সহায় হ’ব পাৰে ৷

  • নেমু চৰবত

শৰীৰৰ বিষমুক্ত কৰিবলৈ নেমু চৰবত এক উত্তম পানীয় ৷ ইয়াত জালুকৰ গুড়ি আৰু ক’লা নিমখ মিহলাই খালে ইয়াৰ প্ৰভাৱ আৰু সোৱাদ দুগুণ বৃদ্ধি কৰিব পৰা যায় ৷ যদি আপুনি ইয়াক পান কৰে তেন্তে আপোনাৰ পাচনতন্ত্ৰ সুস্থ হৈ থকাই নহয়, আপোনাৰ বিপাকীয় ক্ৰিয়াও সঠিক হৈ থাকিব ৷

  • আমলখিৰ ৰস

যদিও ইয়াক পান কৰিবলৈ সোৱাদ নালাগিব পাৰে, কিন্তু ইয়াৰ উপকাৰিতাৰ কথা জানি আপুনি ইয়াক পান কৰিবলৈ বাধ্য হ’ব ৷ ই আপোনাৰ যকৃত, চুলি, ছাল আৰু চকুৰ লগত জড়িত সমস্যা দূৰ কৰে ৷ ইয়াৰ উপৰিও ইয়াত প্ৰদাহ নিবাৰণ, ডায়েবেটিক প্ৰতিৰোধী আৰু এন্টিঅক্সিডেন্ট গুণো আছে ৷

  • সঠিক পৰিমাণে টোপনি যাওক

যদি আপুনি শৰীৰৰ ডিটক্স ব্যৱস্থা উন্নত কৰিব বিচাৰে তেন্তে নিশ্চিতভাৱে ৭ৰ পৰা ৯ ঘণ্টা টোপনি যাওক ৷ গভীৰ আৰু দীঘলীয়া টোপনিয়ে শৰীৰত জমা হোৱা বিষাক্ত পদাৰ্থ পৰিষ্কাৰ কৰাত সহায় কৰে ৷ টোপনিৰ অভাৱৰ বাবে মানসিক চাপ, ডায়েবেটিছ, উচ্চ ৰক্তচাপ আদি সমস্যা দেখা দিব পাৰে ৷

  • প্ৰচুৰ পৰিমাণে পানী সেৱন কৰক

দৈনিক ৩ৰ পৰা ৪ লিটাৰ পানী খালে শৰীৰত জমা হোৱা বিষাক্ত পদাৰ্থ যেনে ইউৰিয়া, কাৰ্বন ডাই অক্সাইড আদি সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যায় ৷ ইয়াৰ ফলত শৰীৰ বিষমুক্ত হোৱাই নহয় সমগ্ৰ শৰীৰ সুস্থ হৈ থাকে ৷

লগতে পঢ়ক:শীতকালত শিশুক সুৰক্ষা প্ৰদান কৰে প্ৰকৃতিৰ অমূল্য উপহাৰ মাতৃদুগ্ধই

ABOUT THE AUTHOR

...view details