অসম

assam

আপোনাৰ স্বাস্থ্যৰ পক্ষে বিপদ মাতিব পাৰে এইসমূহ খাদ্যই

By

Published : Oct 19, 2022, 5:35 PM IST

Updated : Oct 19, 2022, 6:10 PM IST

খাদ্য হৈছে জীয়াই থকাৰ সকলোতকৈ প্ৰয়োজনীয় চালিকা শক্তি । খাদ্যৰ বাবেই সকলো জীয়াই থাকে নাইবা জীয়াই থাকিবৰ বাবেই সকলোকে খাদ্যৰ প্ৰয়োজন । মুঠকে খাদ্যই হৈছে প্ৰধান । কিন্তু ইয়াৰ আন এটা দিশ আছে আৰু সেইটো হ’ল খাদ্য আমাৰ শত্ৰুও হ’ব পাৰে ।

These foods are deadly for your health
আপোনাৰ স্বাস্থ্যৰ পক্ষে বিপদ মাতিব পাৰে এইসমূহ খাদ্যই

খাদ্য হৈছে জীয়াই থকাৰ সকলোতকৈ প্ৰয়োজনীয় চালিকা শক্তি । খাদ্যৰ বাবেই সকলো জীয়াই থাকে নাইবা জীয়াই থাকিবৰ বাবেই সকলোকে খাদ্যৰ প্ৰয়োজন । মুঠকে খাদ্যই হৈছে প্ৰধান । কিন্তু ইয়াৰ আন এটা দিশ আছে আৰু সেইটো হ’ল খাদ্য আমাৰ শত্ৰুও হ’ব পাৰে ।

যিয়ে শৰীৰত বহু ৰোগ আনিব পাৰে, বহু ৰোগৰ কাৰক হব পাৰে, মৃত্যুৰ ওচৰ চপাই নিব পাৰে কিছুমান খাদ্যই । সেয়ে সদায় চাই মেলি খাদ্য গ্ৰহন কৰিব লাগে। কিন্তু কেতিয়াবা অজানিতে আমাৰ খাদ্যৰ টেবুলতো আমাৰ শৰীৰৰ বাবে অপকাৰী খাদ্য় থাকিব পাৰে, যি আমি পুষ্টিকৰ বুলি ভাবিব পাৰো ।

আপোনাৰ স্বাস্থ্যৰ পক্ষে বিপদ মাতিব পাৰে এইসমূহ খাদ্যই

পেকেট ফলৰ ৰস(Packaged fruit juices)

ফলৰ ৰসৰ পেকেট এটা ক্ৰয় কৰোঁতে,পেকেটত ১০০ শতাংশ ফল ব্যৱহাৰ কৰি তৈয়াৰ কৰা ৰস বুলি লিখা থাকে, কিন্তু ই স্বাস্থ্যৰ বাবে ভাল নহয়, ই কেৱল বিজ্ঞাপনৰ এক পদ্ধতি। ইয়াত স্বাস্থ্যৰ বাবে ক্ষতিকাৰক কিছুমান ফ্লেভাৰ মিহলোৱা হয় ।

এনাৰ্জী ড্ৰিংক(Energy Drink)

এনাৰ্জী ড্ৰিংকৰ বেছিভাগতে কেফেইন, টাউৰিন, গুয়াৰানা, বি ভিটামিন, আৰু গ্লুকোৰোনোলেক্টনৰ দৰে শক্তি মিশ্ৰণ থাকে যি শৰীৰৰ বাবে সুৰক্ষিত নহ’ব পাৰে । যদি সেইবোৰ অত্যাধিক পৰিমাণে গ্ৰহণ কৰা হয়, সেইবোৰ ক্ষতিকাৰক হ’ব পাৰে নাইবা একপ্ৰকাৰে ক’ব পাৰে যে সেইবোৰ একপ্ৰকাৰৰ অবৈধ ড্ৰাগ, ধূমপান বা সুৰাৰ দৰে ক্ষতিকাৰক হ’ব পাৰে এনাৰ্জী ড্ৰিংক ।

আপোনাৰ স্বাস্থ্যৰ পক্ষে বিপদ মাতিব পাৰে এইসমূহ খাদ্যই

বগা পাউৰুটি(White bread)

অন্যান্য ব্ৰেড বিকল্পতকৈ আঁহ আৰু প্ৰ’টিনৰ ক্ষেত্ৰত বগা ব্ৰেড যথেষ্ট বেয়া । মধুমেহ ৰোগৰ আশংকা থাকে, লগতে এই ৰোগীৰ বাবেও ই বেয়া। শৰীৰত ইনচুলিন বৃদ্ধি কৰা । অতিৰিক্ত পৰিমাণৰ ইনচুলিন শৰীৰে হৰমন মুকলি কৰাত প্ৰতিৰোধ কৰে ।

কেঁচা মৌ(Raw honey)

কেঁচা মৌ অৰ্থাত যি পোনে পোনে মৌ বাহৰ পৰা আহৰণ কৰা হয়, তেনে মৌ পেষ্টুৰাইজেচন প্ৰক্ৰিয়াৰ মাজেৰে নাযায় য’ত ক্ষতিকাৰক বিষাক্ত পদাৰ্থবোৰ থাকি যায় । ফলস্বৰূপে, এই মৌত প্ৰায়ে গ্ৰেনোটক্সিন থাকে, যাৰ ফলত পৰৱৰ্তী ২৪ ঘণ্টাৰ বাবে মূৰ ঘূৰোৱা, দুৰ্বলতা, অত্যাধিক ঘাম ওলোৱা, আৰু ওকালি অহা হ’ব পাৰে ।

টেমাত সংৰক্ষিত খাদ্য(Food stored in cans)

আজিকালি বহু লোকেই টেমাত সংৰক্ষিত কৰি ৰখা সামগ্ৰীবোৰ খাদ্য বিকল্প হিচাপে বাছনি কৰে । কিন্তু এই কেনিং হৈছে এক এনে প্ৰক্ৰিয়া য'ত সামগ্ৰী বিধ বহু দিন বা বছৰ ধৰি ভালে ৰাখিবৰ বাবে তাত অত্যধিক পৰিমাণে কেমিকেল মিহলোৱা হয়। সেই কেমিকেলত খাদ্যবিধৰ উপকাৰী গুণ সম্পূৰ্ণৰূপে নাশ কৰে ।

লগতে পঢ়ক:World Menopause Day 2022 : ৰজোনিবৃত্তিয়ে মহিলাৰ সামগ্ৰিক স্বাস্থ্যত কেনে প্ৰভাৱ পেলাব পাৰে

Last Updated : Oct 19, 2022, 6:10 PM IST

ABOUT THE AUTHOR

...view details