অসম

assam

ETV Bharat / sukhibhava

সুস্বাদু ব্যঞ্জনৰ বাবে ব্যৱহাৰ কৰি চাওকচোন এই কেইটা Tips and Tricks - ক্ৰীমযুক্ত গ্ৰেভি বনাবলৈ কি কৰিব লাগে

সোৱাদযুক্ত খাদ্য তৈয়াৰ কৰাৰ ক্ষেত্ৰত সকলোৱে জুখি মাখি খাদ্য তৈয়াৰ কৰি ভাল পায়, কাৰণ যিকোনো বস্তুৰ পৰিমাণ যদি অলপ বেছি বেছি হয় তেন্তে খাদ্যৰ সোৱাদ নষ্ট হৈ পৰে । আনহাতে, যদি আপুনি কিছুমান ৰজাঘৰীয়া খাদ্য বনাব বিচাৰে, তেন্তে বনাবলৈ ঘণ্টাৰ পিছত ঘণ্টা সময় লাগে । এনে অৱস্থাত ইয়াত আমি এনে কিছুমান টিপছ আৰু ট্ৰিক্সৰ বিষয়ে কৈছো, যিয়ে আপোনাৰ কাম সম্পূৰ্ণ সহজ কৰি তোলাই নহয় বৰঞ্চ ই খাদ্যৰ সোৱাদ তিনিগুণ বৃদ্ধি কৰিব(Tips and Tricks to Make Food Tasty) ।

These cooking tips and tricks will make your food tastier
সুস্বাদু ব্যঞ্জনৰ বাবে ব্যৱহাৰ কৰি চাওকচোন এই কেইটা Tips and Tricks

By

Published : Sep 14, 2022, 9:07 PM IST

সোৱাদযুক্ত খাদ্য খাই কোনে ভাল নাপায় ৷ আমাৰ সংস্কৃতিত ভিন্ন সোৱাদৰ ভিন্ন প্ৰকাৰৰ খাদ্য আছে যাক আমি প্ৰায়েই তৈয়াৰ কৰিবলৈ চেষ্টা কৰো ৷ সোৱাদযুক্ত খাদ্য তৈয়াৰ কৰাৰ ক্ষেত্ৰত সকলোৱে জুখি মাখি খাদ্য তৈয়াৰ কৰি ভাল পায়, কাৰণ যিকোনো বস্তুৰ পৰিমাণ যদি অলপ বেছি বেছি হয় তেন্তে খাদ্যৰ সোৱাদ নষ্ট হৈ পৰে । আনহাতে, যদি আপুনি কিছুমান ৰজাঘৰীয়া খাদ্য বনাব বিচাৰে, তেন্তে বনাবলৈ ঘণ্টাৰ পিছত ঘণ্টা সময় লাগে । এনে অৱস্থাত ইয়াত আমি এনে কিছুমান টিপছ আৰু ট্ৰিক্সৰ বিষয়ে কৈছো, যিয়ে আপোনাৰ কাম সম্পূৰ্ণ সহজ কৰি তোলাই নহয় বৰঞ্চ ই খাদ্যৰ সোৱাদ তিনিগুণ বৃদ্ধি কৰিব(Tips and Tricks to Make Food Tasty) ।

  • মচুৰ দাইলত সোৱাদযুক্ত ফ্লেভাৰ(Tasty flavor in Daal) ভাৰতীয় খাদ্যৰ প্ৰধান ব্যঞ্জন মচুৰ মাহ । চৌকাত ৰন্ধা মচুৰ দাইল বৰ সোৱাদযুক্ত হয় । যদিও চহৰবোৰত চৌকাত দালি বনোৱাটো কঠিন । দাইল বনাবলৈ আটাইতকৈ সহজ উপায় হ’ল তাক উতলোৱা হয় আৰু ইয়াত মছলা দিয়া হয় যাতে ইয়াৰ সোৱাদ আৰু বৃদ্ধি পায় । কিন্তু ইয়াৰ সোৱাদ আৰু অধিক বঢ়াবলৈ হ’লে ৰন্ধাৰ আগতে দাইলখিনি ৰোষ্ট কৰি তাৰ পিছত উতলাই ল’ব লাগে । এনে কৰিলে আপোনাৰ দাইলখনত আৰু অধিক সোৱাদ বৃদ্ধি পায় ।
  • মছমচীয়া পুৰী কেনেকৈ বনাব(How to make Kurkuri Poori) প্ৰায়ে মানুহে পুৰী বনাওঁতে হয় তাত তেল জমা হয় নতুবা পুৰীবোৰ বেছি তিতি যায় । পুৰি ক্ৰিস্পি বনাবলৈ মাত্ৰ আপোনাৰ আটাত অলপমান চুজি দি দিব এনে কৰি পুৰি ক্ৰিস্পি আৰু সোৱাদযুক্ত হয় ।
  • ক্ৰীমযুক্ত গ্ৰেভি বনাবলৈ কি কৰিব লাগে(What to do to make Creamy Gravy) মানুহে প্ৰায়ে বজাৰত পোৱা ক্ৰীম ব্যৱহাৰ কৰি ক্ৰীমযুক্ত গ্ৰেভি তৈয়াৰ কৰে । কিন্তু স্বাস্থ্যৰ প্ৰতি সচেতন লোকসকলে আজিকালি চৰ্বিমুক্ত বস্তু ব্যৱহাৰ কৰে । যদি আপুনি মাৰ্কেট ক্ৰীম ব্যৱহাৰ নকৰে । তেনেস্থলত গ্ৰেভিৰ সোৱাদ বৃদ্ধি কৰিবলৈ আপুনি গাখীৰ, মলাই, বা কাজু পেষ্ট ব্যৱহাৰ কৰিব পাৰে ।
  • All-in-One Gravy কেনেকৈ বনাব পাৰি(How to make All-in-One Gravy) বহুতে ৰান্ধিবলৈ সময় নাপায় । গতিকে চিন্তা নকৰিব কিয়নো আপুনি আগতীয়াকৈ সকলো গ্ৰেভি প্ৰস্তুত কৰিব পৰা যাব । এই গ্ৰেভিটো আপুনি এসপ্তাহৰ বাবে সংৰক্ষণ কৰিব পাৰে । ইয়াৰ বাবে প্ৰথমে বিলাহী, পিয়াঁজ, হালধি, আদা কিছুমান লৈ কোমল হোৱালৈকে ভাজিব লাগে । তাৰ পিছত এই সকলোবোৰ মিহলাই দীৰ্ঘদিনত ফ্ৰীজত ৰাখিব পাৰিব ।

ABOUT THE AUTHOR

...view details