অসম

assam

ETV Bharat / sukhibhava

স্বামীৰ কোন কেইটা কথাত সৃষ্টি হ'ব পাৰে গৃহকন্দল ? - পত্নীৰ পেছা বা কামক মূল্য নিদিয়া

কোন কেইটা কথা আঁতৰাই চলিলে স্বামীয়ে শুনিব নালাগে পত্নীৰ হুঁটা মাত(Disappointing things of husbands) ৷ জানি লওক স্বামীসকলে...

These are the most annoying and disappointing things of husbands
স্বামীৰ কোন কেইটা কথাত সৃষ্টি হ'ব পাৰে গৃহকন্দল ?

By

Published : Sep 14, 2022, 9:05 PM IST

কোৱা হয় যে স্বামী-স্ত্ৰীৰ মাজত হোৱা কাজিয়াই তেওঁলোকৰ প্ৰেম আৰু বৃদ্ধি কৰে আৰু তেনেই সাধাৰণ কথা ৷ এইবোৰ কাৰণে ইজনে সিজনৰ লগত সম্পৰ্ক মজবুত কৰে, কিন্তু কেতিয়াবা ই সম্পৰ্ক মজবুত হোৱাৰ ঠাইত স্বামী-স্ত্ৰীৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটাব পাৰে(Disappointing things of husbands)। এইবোৰ কাৰণ সৰু যেন লাগিব পাৰে, কিন্তু ইয়ে স্বামী-স্ত্ৰীৰ মনত তিক্ততাৰ সৃষ্টি কৰিব পাৰে । আজি আমি কথা পাতিম স্বামীৰ এনে কিছুমান কথা কি যি কোনো পত্নীয়ে সহ্য কৰিব নোৱাৰে আৰু ইয়াৰ বাবে পতি-পত্নী দুয়োৰে সম্পৰ্কও দুৰ্বল হৈ পৰে-

  • ৰাজহুৱা স্থানত অপমান কৰা(Insult in public)

বহু স্বামীৰ এই অভ্যাস আছে যে আনৰ সন্মুখত পত্নীক ঠাট্টা কৰিহে সুখী হয় । এনে কৰি তেওঁ নিজকে শক্তিশালী যেন অনুভৱ কৰে । তেওঁ অনুভৱ কৰে যে তেওঁলোকৰ ওচৰ-চুবুৰীয়া মানুহবোৰ তেওঁলোকৰ ওপৰত আপ্লুত হৈ পৰিছে ।

  • পত্নীৰ পৰিয়ালক গালি পাৰা(Cursing wife's family)

দুটা পৰিয়ালৰ মাজত সদায় কিবা এটা বা আনটো বিষয়ত মতানৈক্য থাকে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি সদায় এইবোৰ কথা আপোনাৰ পত্নীৰ ওচৰত ধৰি ৰাখিব লাগে বা তেওঁৰ ভাতৃ, পিতৃ বা মাতৃক আদিক গালি-গালাজ কৰি থাকিব লাগে ৷ এনে কৰিলে পত্নীৰ দৃষ্টিত আপোনাৰ সন্মান কমি যায় ।

  • পত্নীক আন মহিলাৰ সৈতে তুলনা কৰা(Telling another woman better than wife)

প্ৰত্যেকৰে নিজস্ব সামৰ্থ্য আছে । যি পাইছে তাক কেতিয়াও শিল বুলি নাভাবিব । সদায় যিকোনো মহিলা বন্ধু, আত্মীয়, ওচৰ-চুবুৰীয়া আদিৰ আগত পত্নীক বেয়া বা অন্য মহিলাতকৈ হীন বুলি কোৱা অভ্যাসে আপোনাৰ পত্নীক যথেষ্ট আঘাত দিব পাৰে ।

  • পত্নীক কুৎসিত বুলি কোৱা(Call wife ugly)

যেতিয়া আপুনি সৌন্দৰ্যৰ তুলনা কৰিবলৈ আৰম্ভ কৰে, তেতিয়া সেই দুজন ধুনীয়া মানুহ/বস্তুৰ ভিতৰত এজনে গুৰুত্ব হেৰুৱাবলৈ আৰম্ভ কৰে । এনে অৱস্থাত যদি আপুনি সদায় আপোনাৰ পত্নীৰ চেহেৰা বা জীৱনশৈলীক লৈ ঠাট্টা কৰে, তেন্তে আপোনাৰ সন্মান হেৰুৱাই পেলায় ।

  • পত্নীৰ পেছা বা কামক মূল্য নিদিয়া(Not valuing wife's profession or work)

আপোনাৰ পত্নীয়ে আপোনাৰ তুলনাত কম উপাৰ্জন কৰিলেও বা ঘৰুৱা কাম কৰিলেও আপুনি তেওঁৰ কামক মূল্য দিব লাগে । ঘৰৰ বাহিৰত চম্ভালি লোৱাৰ পিছতো সদায় ঠাট্টা-মস্কৰা কৰিলে পত্নীৰ মনত দুখ, অপমান আৰু খং বেছি হ'ব পাৰে ।

  • পত্নীৰ সমস্যাৰ বিষয়ে নুশুধা(Never ask their problem)

আপুনি কামৰ বাবে ব্যস্ত থাকিবলগীয়া হ'লেও তেওঁ সমস্যাসমূহৰ বিষয়ে অৱগত হোৱা উচিত যে তেওঁ কোনো অশান্তিতো ভোগা নাই ? সাধাৰণতে মহিলাসকলে তেওঁলোকৰ সমস্যাৰ বিষয়ে খুলি ক'ব নোৱাৰে তেনে স্থলত আপুনি স্বামী হিচাপে তেওঁৰ প্ৰতি কেয়াৰ কৰাটো যদি বন্ধ কৰে, তেন্তে সম্পৰ্কটো নামৰহে সম্পৰ্ক হৈ থাকিব ।

লগতে পঢ়ক :সংগীক হেৰুওৱালৈ ভয় কৰে নেকি ? এই অনুভৱৰ সৈতে কেনেদৰে মোকাবিলা কৰিব জানি লওক

ABOUT THE AUTHOR

...view details