অসম

assam

ETV Bharat / sukhibhava

Healthy Kidney: এইকেইটা পদ্ধতিৰে সুস্থ কৰি ৰাখক আপোনাৰ বৃক্ক - healthy kidney diet

বৃক্কক আমাৰ শৰীৰৰ এটি প্ৰধান অংগ বুলি গণ্য কৰা হয় ৷ কিন্তু অনিয়মিত খাদ্যাভ্যাস, সুৰা বা অন্য হানিকাৰক পদাৰ্থৰ দ্বাৰা সাধাৰণতে ইয়াত বিৰূপ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে ৷ ইয়াৰ লগতে শাক-পাচলি, ফল-মূল, আহাৰৰ মাধ্যমেৰে শৰীৰৰ ভিতৰলৈ প্ৰৱেশ কৰা বিষাক্ত দ্ৰব্যই বৃক্ক নষ্ট কৰিব পাৰে ।

These are the methods to keep your kidneys healthy
এইকেইটা পদ্ধতিৰে সুস্থ কৰি ৰাখক আপোনাৰ বৃক্ক

By

Published : Dec 1, 2022, 8:23 PM IST

Updated : Dec 2, 2022, 4:06 PM IST

বৃক্কক আমাৰ শৰীৰৰ এটি প্ৰধান অংগ বুলি গণ্য কৰা হয় ৷ কিন্তু অনিয়মিত খাদ্যাভ্যাস, সুৰা বা অন্য হানিকাৰক পদাৰ্থৰ দ্বাৰা সাধাৰণতে ইয়াত বিৰূপ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে ৷ ইয়াৰ লগতে শাক-পাচলি, ফল-মূল, আহাৰৰ মাধ্যমেৰে শৰীৰৰ ভিতৰলৈ প্ৰৱেশ কৰা বিষাক্ত দ্ৰব্যই বৃক্ক নষ্ট কৰিব পাৰে । যি পৰীক্ষাগাৰতো শীঘ্ৰই ধৰা নপৰে । ধৰা পৰে মানে ডায়েলাইছিছ সংৰোপণৰ সময় আহি পৰে । বহুতে পানী বা ফলৰ ৰস নাখায় । পানীৰ নামত সুৰা, কল্ড ড্ৰিংকছ, চাহ, কফি খাই কিডনীৰ সক্ষমতা হ্ৰাস কৰে । অতিমাত্ৰা মাংস, কণী, মছলা আদিয়েও কিডনীত প্ৰভাৱ পেলায় ।

আচৰিত হ’বলগীয়া কথাটো হ’ল প্ৰাণায়ামত ক্ৰিয়েটিনাইন কমি অহাৰ প্ৰমাণ যথেষ্ট আছে(how to improve kidney function) । কিন্তু জটিল ৰোগীয়ে এজন যোগ শিক্ষকৰ তত্ত্বাৱধানত থাকি ভালদৰে শিকি লোৱা ভাল(These are the methods to keep your kidneys healthy) ।

  • প্ৰাণায়ম
  • ভ্ৰষ্টিকা-পাঁচ মিনিট
  • কপালভাটি-পাঁচ মিনিটকৈ আৰম্ভ কৰি ১০-১৫ মিনিট পৰ্যন্ত
  • বাহ্য- তিনিবাৰ
  • উজ্জায়ি-তিনিবাৰ
  • অনুলোম বিলোম- ৩০ মিনিট । পাঁচ মিনিটকৈ আৰম্ভ কৰি বঢ়াই নিব
  • ভ্ৰামৰী- ২১ বাৰ
  • উদ্‌গ্ৰীথ- ২১ বাৰ
  • প্ৰণৱ- ৫-১০ মিনিট

জীয়াই থাকিবলৈ বহুত শক্তি এই ধ্যানে দিয়ে(symptoms of healthy kidney)। কিছুমানে কপালভাটি প্ৰাণায়াম ৩০ মিনিট বা তাতোকৈ বেছিকৈ কৰে । ক্ৰিয়েটিনাইন তিনিৰ ওপৰ পালেগৈ ১৫-২০ মিনিট সময়হে কপালভাটি প্ৰাণায়াম কৰিব । অত্যন্ত লাহে লাহে কৰিব লাগে । একেবাৰে আৰামত বহি এই প্ৰাণায়াম কৰিব । কিন্তু সাধাৰণ অৱস্থাত ৩০ মিনিট কপালভাটি প্ৰাণায়াম কৰা লোকৰ বৃক্কৰ অসুখ নহয় বুলি কোৱা হয় ।

ভ্ৰষ্টিকা অৰ্থাৎ দীঘল উশাহ-নিশাহ পেট ভৰ্তি নথকা অৱস্থাত যেতিয়াই তেতিয়াই কৰিব পাৰে । বৃক্কক সংযোজন কৰা শিৰাবোৰ মৰি যায় বা দুৰ্বল হৈ গ’লে অক্সিজেনৰ সৰবৰাহ বন্ধ হৈ পৰে । বৃক্কলৈ অক্সিজেনৰ যোগান প্ৰতিক্ষণত অপৰিহাৰ্য । দীঘলকৈ লোৱা উশাহে এই কাম সহজে সমাধা কৰে। কপালভাটি প্ৰাণায়ামে মৃত শিৰা পুনৰ্জীৱিত কৰে। অনুলোম বিলোম প্ৰাণায়ামে ইয়াক সতেজ সবল আৰু সক্ৰিয় কৰি ৰাখে ।

খাদ্য

তিতা নোখোৱাসকল সাৱধানে থাকিব । অধিকাংশ বৃক্ক ৰোগীয়ে তিতা নাখাইছিল । তিতা বস্তু নিয়মীয়াকৈ খাব । আমিষ ভোজন, ৰাগীয়াল বস্তু বৰ্জনীয়। আঁহত পাত, নিমপাতে ৰোগীক উদ্ধাৰ কৰে(healthy kidney foods) । লগত দহখিলা তুলসী পাত অৱশ্যেই খাব । অমৰলতা আৰু ছালকুৱৰীৰ ৰসো ৰোগীক খাবলৈ দিয়া হয় । বেছিভাগ ৰোগীৰ ক্ষেত্ৰতো দেখা যায়-আন ঔষধৰ পাৰ্শ্বক্ৰিয়া, সুৰাপান অত্যাধিক মাংসভোজন, তিতা একেবাৰে নোখোৱাটো মূল কাৰণ । বিবাহৰ পুৰ্বে বৃক্ক দুৰ্বল থাকিলে বিবাহৰ পিছত শক্তি ক্ষয়ৰ বাবেও ৰোগ বাঢ়ি যোৱা পৰিলক্ষিত হৈছে । দুপৰ টেঙাৰ পাত খালে বৃক্কৰ পাথৰ বাহিৰ কৰি দিয়ে(healthy kidney diet) ।

একুপ্ৰেছাৰ

হাতৰ তলুৱাত বুঢ়া আঙুলিৰ ফালে টিপিব । অলপ বিষ অনুভৱ কৰা ঠাইত কপালভাটি প্ৰাণায়ামৰ সময়ত ৫-১০ মিনিট একুপ্ৰেছাৰ কৰিব । হাত চাপৰি মাৰিব । দুইখন হাতৰ তলুৱাত আৰু ভৰিৰ তলুৱাৰ একে অংশতো একুপ্ৰেছাৰ কৰিব(how to know my kidney is healthy at home) ।

প্ৰাকৃতিক চিকিৎসা

এগিলাচ কুহুমিয়া পানী, এগিলাচ স্বাভাৱিক পানী লওক । তিনিঢোক কুহুমীয়া পানী, এগিলাচ স্বাভাৱিক পানী খাওক। এইটো প্ৰতিক্ৰিয়া তিনিবাৰ কৰক । তাৰ পিছত কপালভাটি প্ৰাণায়াম কৰক । এইদৰে আকৌ এবাৰ পানী খাই কপালভাটি পাঁচমিনিট কৰক । তিনিবাৰ পুনৰাবৃত্তি কৰিলে এসপ্তাহ পিছত বৃক্কৰ পাথৰ ওলাই যায় । আপেল দিনে এটাকৈ খালেও পাথৰ ওলাই যায় । আপেলে ডায়েলাইছিছৰ দৰে কাম কৰে ।

লগতে পঢ়ক:Thyroid: মহিলাৰ ক্ষেত্ৰত সততে দেখা পোৱা এই লক্ষণসমূহ থাইৰয়ডৰ লক্ষণো হ’ব পাৰে

Last Updated : Dec 2, 2022, 4:06 PM IST

ABOUT THE AUTHOR

...view details