পৰিৱৰ্তনশীল বতৰত পেটৰ সমস্যা সঘনাই হয় ৷ বিশেষকৈ পেটৰ বিষ আৰু ডায়েৰিয়া একেলগে হোৱাৰ ফলত পেটৰ অৱস্থা একেবাৰে বেয়া হৈ পৰে ৷ বতৰৰ লগতে ভুল খাদ্যাভ্যাস আৰু লেতেৰা পানীও পেট বেয়া হোৱাৰ অন্যতম প্ৰধান কাৰণ ৷ বতৰ সলনি হোৱাৰ লগে লগে যদি আপোনাৰো পেটৰ সমস্যা বাঢ়ে, তেন্তে আপুনি ঔষধ খোৱাৰ সলনি কিছুমান ঘৰুৱা প্ৰতিকাৰৰ সহায় ল'ব পাৰে ৷ আজি সেই বিষয়ে জানো আহক-
- জিৰা
মচলা হিচাপে ব্যৱহৃত জিৰাই আপোনাক ডায়েৰিয়াৰ পৰা সকাহ পোৱাত যথেষ্ট সহায় কৰিব পাৰে ৷ পেটৰ সমস্যাত ভূগিলে ১ চাহ চামুচ জিৰা খাব ৷ ডায়েৰিয়াৰ সমস্যাত জিৰাক অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ জিৰা খাই উঠি এক গিলাচ কুহুমীয়া পানী খাব ৷ এনেদৰে খোৱাৰ ফলত আপুনি ডায়েৰিয়াৰ পৰা যথেষ্ট সকাহ পাব ৷
- কল
কলে আপোনাক ডায়েৰিয়াৰ সমস্যাৰ পৰা যথেষ্ট সকাহ দিব ৷কলত পোৱা পেক্টিন নামৰ উপাদানটোৰ লগতে পটাছিয়াম ডায়েৰিয়া নিৰ্মূলত যথেষ্ট উপকাৰী ৷
- আদা
আদাক পেটৰ সমস্যা সমাধানত অত্যন্ত উপকাৰী বুলি গণ্য কৰা হয় ৷ ইয়াত পোৱা এণ্টিফাংগাল আৰু এণ্টিবেক্টেৰিয়েল গুণাগুণে পেটৰ বিষৰ পৰা আপোনাক অতি সোনকালে সকাহ দিব ৷পেটৰ সমস্যাত ভূগিলে আপুনি এক গিলাচ গাখীৰত এক চামুচ আদা গুৰি মিহলি কৰি খাব পাৰে ৷
- পুদিনা