অসম

assam

ETV Bharat / sukhibhava

শিশুৰ শুকান কাহ নিৰাময়ৰ ঘৰুৱা উপায় জানি লওক - শিশুৰ শুকান কাহ

Dry cough in children: কেতিয়াবা বহু ঔষধ খোৱাৰ পাছতো শুকান কাহ ভাল নহয় ৷ এনে পৰিস্থিতিত আপুনি কেতবোৰ ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰি আপোনাৰ সন্তানক শুকান কাহৰ সমস্যাৰ পৰা সকাহ দিব পাৰে ৷ আজি শুকান কাহৰ ঘৰুৱা প্ৰতিকাৰসমূহৰ বিষয়ে জানো আহক-

These are the home remedies for dry cough in children
শিশুৰ শুকান কাহ নিৰাময়ৰ ঘৰুৱা উপায় জানি লওক

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 5:21 PM IST

পৰিৱৰ্তনশীল বতৰৰ প্ৰথম প্ৰভাৱ শিশুৰ স্বাস্থ্যৰ ওপৰতে পৰে ৷ এনে বতৰত শিশুৰ জ্বৰ-কাহৰ আদি হোৱাটো খুবেই স্বাভাৱিক ৷ এই দিনকেইটাত বিশেষকৈ শুকান কাহে শিশুসকলক বাৰুকৈয়ে আমনি কৰে ৷ শুকান কাহৰ ফলত শিশুটোৰ ডিঙি বিষোৱা আৰম্ভ হয় ৷ বহু ঔষধ খোৱাৰ পাছতো কেতিয়াবা শুকান কাহ ভাল নহয় ৷ এনে পৰিস্থিতিত আপুনি কেতবোৰ ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰি আপোনাৰ সন্তানক শুকান কাহৰ সমস্যাৰ পৰা সকাহ দিব পাৰে ৷ আজি শুকান কাহৰ ঘৰুৱা প্ৰতিকাৰসমূহৰ বিষয়ে জানো আহক-

গৰম পানীৰে গাৰ্গল

আপুনি আপোনাৰ সন্তানক কুহুমীয়া গৰম পানীত অলপ নিমখ গাৰ্গল কৰিবলৈ দিব ৷ এনে কৰাৰ দ্বাৰা অতি সোনকালে তেওঁলোকে শুকান কাহৰ পৰা সকাহ পাব ৷

ভিক্স প্ৰয়োগ কৰিব

শুকান কাহ হ’লে শিশুৰ বুকুত ভিক্স লগাব ৷ তাৰ পাছত তেওঁলোকক এখন কাপোৰ লৈ শুই থাকিবলৈ দিব ৷ এই উপায় অৱলম্বন কৰিলেও শিশুৰ শুকান কাহ খুব সোনকালে ভাল হয় ৷

হালধিৰ গাখীৰ

শুকান কাহ আঁতৰাবলৈ আপুনি শিশুক হালধিৰ গাখীৰ দিব পাৰে ৷ হালধিৰ এণ্টিবেক্টেৰিয়েল, এণ্টিভাইৰেল আৰু এণ্টি-ইনফ্লেমেটৰী গুণ আছে, যিয়ে বন্ধ নাকৰ সমস্যা দূৰ কৰাত সহায় কৰে ৷ হালধিৰ গাখীৰ খালে শিশুটোৰ ডিঙিটোয়েও আৰাম পাব ৷

ডালিমৰ ৰস

আধা কাপ ডালিমৰ ৰসত এক চিমুটি আদাৰ গুৰি বা শুকান জালুক মিহলাই আপোনাৰ সন্তানক খাবলৈ দিব ৷ শুকান কাহ উপশম কৰাত এই ৰেচিপিটো যথেষ্ট উপকাৰী বুলি প্ৰমাণিত ৷

মৌ

যদি আপোনাৰ সন্তান এবছৰতকৈ ডাঙৰ হয়, তেন্তে আপুনি মৌ খুবাব পাৰে ৷ ই শুকান কাহৰ লগতে ডিঙিৰ বিষৰ পৰাও সকাহ দিব ৷

হাইড্ৰেটেড ৰাখিব

শিশুৰ শৰীৰত পানীৰ অভাৱ হ'লে বহু সমস্যাই দেখা দিব পাৰে ৷ সেয়েহে তেওঁলোকক নিদিৰ্ষ্ট সময়ৰ মূৰে মূৰে পানী খাবলৈ দিব ৷

লগতে পঢ়ক:ডায়েবেটিছক নিয়ন্ত্ৰণত ৰাখিব বিচাৰে নেকি ? তেন্তে নিয়মিতভাৱে খাওক ডালচেনিৰ চাহ

ABOUT THE AUTHOR

...view details