বদহজম এটা অতি সাধাৰণ সমস্যা যিটো বহুতে ভুগিবলগীয়া হয়, যাৰ ফলত পেটত অস্বস্তি বা বিষ হয় ৷ ইয়াৰ ফলত প্ৰায়ে পেট ফুলা, ওকট-পাকট লগা, কোষ্ঠকাঠিন্য, বমি আৰু গেছৰ সৃষ্টি হয় ৷ কিন্তু আপুনি কেতিয়াবা ভাবিছেনে এই সকলোবোৰ সমস্যাৰ মূল কাৰণ কি ? যদি আমি ইয়াৰ মূল কাৰণৰ বিষয়ে চাবলৈ যাওঁ তেন্তে হয়তো আমি সেই ভুলবোৰ নকৰো যিয়ে পেটৰ সমস্যা বৃদ্ধি কৰিব ৷ সেয়ে আজি আমি এই বিষয়ৰ ওপৰত বিতংভাৱে জানি লও আহক...
বদহজমৰ প্ৰধান কাৰণ
১/ মছলাযুক্ত খাদ্য(Spicy Foods)
বেছিকৈ জলকীয়া আৰু মছলা খালে পেটত বিষ হয়, যাৰ ফলত কিছুমান মানুহৰ বদহজম হ’ব পাৰে ৷
২/ অম্লযুক্ত খাদ্য (Acidic foods)
কিছুমান মানুহে অত্যধিক এচিডিক খাদ্য বা পানীয় সেৱন কৰে, যাৰ ফলত পেটত এচিডৰ উৎপাদন বৃদ্ধি পায়, যাৰ ফলত বদহজম হয় ৷
৩/ অতিমাত্ৰা খাদ্য খোৱা(Overeating)
ভোকতকৈ বেছি খাদ্য খোৱা আৰু সোনকালে খাদ্য শেষ কৰিলে পেটৰ সমস্যা হ’ব পাৰে কাৰণ ই পাচনতন্ত্ৰত প্ৰভাৱ পেলায় ৷
৪/ কেফেইন(Caffeine)
ভাৰতত চাহ-কফি খোৱা লোকৰ অভাৱ নাই ৷ যিহেতু এই পানীয়বোৰত অত্যধিক কেফেইন থাকে, গতিকে আপুনি কোষ্ঠকাঠিন্যত ভুগিব পাৰে ৷
৫/মদ্যপান (Alcohol)