বহুতে শীতকালত গাঁঠিৰ বিষৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । আজিকালি এই সমস্যা কেৱল ক্ৰমবৰ্ধমান বয়সতে নহয় বহু যুৱক-যুৱতীয়েও ইয়াৰ সন্মুখীন হ’বলগীয়া হৈছে । গাঁঠিৰ বিষৰ পৰা উপশম পাবলৈ নিয়মিত যোগাসন আমাৰ শৰীৰৰ বাবে অতি জৰুৰী(Joint pain problems) । গাঁঠিৰ বিষৰ পৰা উপশম পাবলৈ আপুনি নিয়মিতভাৱে কোনবোৰ যোগাসন(Regular yoga to relieve joint pain) কৰিব পাৰে জানো আহক-
বীৰ-ভদ্ৰাসন-আঁঠুৰ বাবে বীৰ-ভদ্ৰাসন অতি উপকাৰী(Different Types of Yoga) । ই কান্ধৰ চাপ দূৰ কৰে । ইয়াৰ ফলত শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে । ই গাঁঠিৰ বিষৰ পৰা সকাহ দিবলৈ কাম কৰে ।
ধনুৰাসন- ধনুৰাসনে কান্ধ খুলি দিয়ে(Dhanurasana) । ইয়াৰ ফলত পিঠিখন ফ্লেস্কিবেল কৰি ৰখাত সহায় হয় । ইয়াৰ ফলত শৰীৰৰ টান আৰু জঠৰতা আঁতৰোৱাত সহায় হয় । ধনুৰাসন কৰিলে গাঁঠিৰ বিষৰ পৰা উপশম পাব পাৰি ।