ছালৰ যত্ন আপোনাৰ দৈনন্দিন অভ্যাসৰ ভিতৰত এটা হ’ব লাগে । কাৰণ, ই আপোনাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ । ছালখন সুস্থ কৰি ৰাখিবলৈ আমি সদায় শুনি আহিছো যে ৰ’দৰ ক্ষতিকাৰক অতিবেঙুনীয়া (UV) ৰশ্মিৰ সংস্পৰ্শ সীমিত কৰাটো আৰু ৰ’দত থকাৰ সময়ত ছানস্ক্ৰীণ লগোৱাটো গুৰুত্বপূৰ্ণ(Essential Skin Vitamins)।
কিন্তু শৰীৰে কিছু ৰ’দ পোৱাটো সকলো বেয়া নহয় । দৈনিক মাত্ৰ ১০-১৫ মিনিটৰ সংস্পৰ্শলৈ আহিলে শৰীৰত ভিটামিন ডি উৎপন্ন হয় । ভিটামিন D ভিটামিন C, ই আৰু Kৰ দৰে অন্যতম ভিটামিন আপোনাৰ ছালৰ বাবে উপযোগী(what vitamins are best for skin health)।
ভিটামিন C
ভিটামিন C এপিডাৰ্মিছ (ছালৰ বাহিৰৰ স্তৰ)ৰ লগতে ডাৰ্মিছ (ছালৰ ভিতৰৰ স্তৰ)তো অধিক পৰিমাণে পোৱা যায় । ইয়াৰ কেন্সাৰ প্ৰতিৰোধী (এন্টিঅক্সিডেন্ট) গুণ আৰু কলাজেন উৎপাদনত ইয়াৰ ভূমিকাই আপোনাৰ ছালখন সুস্থ কৰি ৰখাত সহায় কৰে । এই কাৰণেই ভিটামিন চি বহুতো এন্টিএজিং ছালৰ যত্ন লোৱা সামগ্ৰীত পোৱা অন্যতম মূল উপাদান(what vitamins improve skin health)।
ভিটামিন D
ভিটামিন D বেছিকৈ তৈয়াৰ হয় যেতিয়া আপোনাৰ ছালে সূৰ্যৰ পোহৰ শোষণ কৰে । এনে হ’লে কলেষ্টেৰল ভিটামিন Dলৈ পৰিণত হয় । তাৰ পিছত ভিটামিন ডি আপোনাৰ যকৃত আৰু বৃক্কে গ্ৰহণ কৰি সমগ্ৰ শৰীৰত বিতৰণ কৰি সুস্থ কোষ গঠন কৰাত সহায় কৰে । ইয়াৰ ভিতৰত ছালও অন্তৰ্ভুক্ত, য’ত ভিটামিন ডিয়ে ছালৰ ৰংত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে(which vitamins are good for skin health)। চ’ৰিয়াচিছৰ চিকিৎসাতো ই সহায় কৰিব পাৰে ।