ডায়েবেটিছ ৰোগ সমগ্ৰ বিশ্বতে দ্ৰুতগতিত বিয়পি পৰিছে ৷ কেৱল বয়োজ্যেষ্ঠই নহয়, যুৱক-যুৱতীসকলো ডায়েবেটিছৰ কবলত পৰিবলৈ আৰম্ভ কৰিছে ৷ স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, দুৰ্বল জীৱনশৈলী আৰু মানসিক চাপৰ বাবে ডায়েবেটিছৰ ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ ডায়েবেটিছৰ কোনো নিৰাময় নাই আৰু ইয়াক নিয়ন্ত্ৰণহে কৰিব পাৰি ৷
ডায়েবেটিছ ৰোগীয়েও নিজৰ খাদ্যাভ্যাসৰ প্ৰতি বিশেষ যত্ন ল’ব লাগে ৷ সেয়ে খাদ্য তালিকাত সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰিব লাগে, যাতে শৰীৰে প্ৰয়োজনীয় পুষ্টিকৰ উপাদান লাভ কৰে ৷ ডায়েবেটিছ ৰোগীৰ ৰক্তশৰ্কৰা নিয়ন্ত্ৰণত শাক-পাচলি সহায় কৰে ৷ শাক-পাচলি খোৱাটো কেৱল ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকৰ বাবেই নহয়, বহু গুৰুতৰ ৰোগৰ বাবেও উপকাৰী বুলি বিবেচিত হৈছে ৷ অৱশ্যে ডায়েবেটিছ ৰোগীয়ে কোনবোৰ শাক-পাচলি খাব লাগে জানো আহক ৷
পালেং শাক
পালেং শাকক আইৰণৰ প্ৰচুৰ উৎস বুলি গণ্য কৰা হয় ৷ ইয়াত সকলো ধৰণৰ পুষ্টিকৰ উপাদান পোৱা যায় ৷ ডায়েবেটিছ ৰোগীৰ বাবে পালেং শাক কোনো বৰদানতকৈ কম নহয় ৷ এটি গৱেষণাৰ মতে, পালেং শাকে ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰে ৷ ডায়েবেটিছ ৰোগীয়েও পালেং শাকৰ ৰস তৈয়াৰ কৰি পান কৰিব পাৰে ৷