অসম

assam

ETV Bharat / sukhibhava

বিভিন্ন ৰোগ নিৰাময়ৰ বাবে লাভদায়ক তেজপাত

বহু ঔষধি গুণাগুণেৰে সমৃদ্ধ তেজপাত ৷ ইয়াত কেলচিয়াম, পটাছিয়াম, তাম, জিংক, আইৰণ, মেগনেছিয়ামৰ দৰে পুষ্টিকৰ উপাদান পোৱা যায়, যি মানসিক চাপ হ্ৰাস কৰাৰ লগতে বিভিন্ন প্ৰকাৰৰ সংক্ৰমণৰ পৰা আমাৰ শৰীৰটোক সুৰক্ষা দিয়ে ৷ সেয়ে আজি তেজপাতৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক-

Bay Leaf Benefits
বিভিন্ন ৰোগ নিৰাময়ৰ বাবে লাভদায়ক তেজপাত

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 5:06 PM IST

আমাৰ সকলোৰে পাকঘৰত মছলা থাকে ৷ আমাৰ ধাৰণা এয়ে যে মছলা স্বাস্থ্যৰ বাবে খুবেই হানিকাৰক ৷ কিন্তু প্ৰকৃততে সকলো মছলা স্বাস্থ্যৰ বাবে হানিকাৰক নহয় ৷ কিছুমান এনে মছলাও আছে, যিবোৰ স্বাস্থ্যৰ বাবে খুবেই লাভজনক ৷ ইয়াৰ ভিতৰত অন্যতম হৈছে তেজপাত ৷ তেজপাত বহু ঔষধি গুণ সমৃদ্ধ ৷ ইয়াত কেলচিয়াম, পটাছিয়াম, তাম, জিংক, আইৰণ, মেগনেছিয়ামৰ দৰে পুষ্টি থাকে, যি চাপ হ্ৰাস কৰাৰ লগতে বিভিন্ন প্ৰকাৰৰ সংক্ৰমণৰ পৰা আমাৰ শৰীৰটোক সুৰক্ষা দিয়ে ৷ আজি তেজপাতৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক-

শ্বাস-প্ৰশ্বাসৰ ৰোগ প্ৰতিৰোধ

তেজপাতে কাহ, চৰ্দি আৰু ব্ৰংকাইটিছৰ দৰে শ্বাস-প্ৰশ্বাসৰ সমস্যা প্ৰতিহত কৰে ৷ ইয়াত বহুতো যৌগ থাকে, যি শ্বাস-প্ৰশ্বাসৰ ৰোগৰ পৰা আমাৰ শৰীৰটোক সুৰক্ষা দিয়ে ৷

হজমশক্তি উন্নত কৰে

তেজপাতে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰে ৷ ই বৃক্ক স্বাস্থ্যৱান কৰি ৰাখে ৷ তদুপৰি, ইয়াত পোৱা জৈৱিক যৌগবোৰে পেটৰ বিকাৰ, ইৰিটেবল বাৱেল চিণ্ড্ৰোম হ্ৰাস কৰাতো যথেষ্ট সহায় কৰে ৷ আপোনাৰ খাদ্যত তেজপাত অন্তৰ্ভূক্ত কৰি আপুনি হজম শক্তি উন্নত কৰিব পাৰে ৷

চাপৰ পৰা সকাহ

তেজপাতত লিজিল নামৰ এবিধ উপাদান থাকে ৷ এই উপাদানে উদ্বেগ আৰু চাপ আঁতৰ কৰাত সহায় কৰে ৷ ইয়াত পোৱা গুণাগুণবোৰে হতাশাৰ সম্ভাৱনাও হ্ৰাস কৰিব পাৰে ৷

ডায়েবেটিছ নিয়ন্ত্ৰণ

ডায়েবেটিছ ৰোগীসকলৰ বাবে তেজপাত অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ ই শৰীৰত ডায়েবেটিছৰ স্তৰ হ্ৰাস কৰে ৷ টাইপ-২ ডায়বেটিছৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত তেজপাত অতি উপকাৰী ৷ তদুপৰি, বেয়া কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰাটো ই যথেষ্ট সহায়ক ৷

শৰীৰ ফুলা সমস্যা

তেজপাতে শৰীৰৰ প্ৰদাহ হ্ৰাস কৰাতো সহায় কৰে ৷ ই আৰ্থ্ৰাইটিছ আৰু অন্যান্য প্ৰদাহজনিত ৰোগৰ বাবেও উপকাৰী ৷

সংক্ৰমণ প্ৰতিৰোধ

তেজপাতত ভিটামিন-চি পোৱা যায়, যি সংক্ৰমণ আৰু শৰীৰৰ জ্বলা-পোৰা সমস্যাৰ পৰা সুৰক্ষা দিয়াত সহায় কৰে ৷

চুলিৰ বাবে উপকাৰী

চুলিৰ বিকাশতো তেজপাত খুবেই উপকাৰী ৷ ই চুলি সৰাৰ সমস্যা দূৰ কৰাৰ লগতে ইয়াত পোৱা গুণাগুণবোৰে উফিৰ পৰা পৰিত্ৰাণ পোৱাতো সহায় কৰে ৷

লগতে পঢ়ক:Cervical Cancer: ভাৰতত প্ৰতি বছৰে ৭৭ হাজাৰ মহিলাৰ মৃত্যু হয় ছাৰ্ভাইকেল কেন্সাৰত

ABOUT THE AUTHOR

...view details