অসম

assam

ETV Bharat / sukhibhava

চৰ্দি-কাহৰ পৰা আপোনাৰ শৰীৰক ৰক্ষণাবেক্ষণ দিব এই আদাৰ কেণ্ডিয়ে - how to make ginger candy for cough

এন্টিঅক্সিডেন্ট গুণেৰে সমৃদ্ধ আদা স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি বিবেচিত হৈছে । শীতকালত কাহ আৰু চৰ্দিৰ বাবে এইটো ঘৰুৱা ঔষধ যদিও আদাৰ সোৱাদ বহুতে ভাল নাপায় । এনে পৰিস্থিতিত আপুনি ঘৰতে সোৱাদযুক্ত আদাৰ কেণ্ডি বা চকলেট বনাব পাৰে আৰু দীৰ্ঘদিনলৈ সংৰক্ষিত কৰিও ৰাখিব পাৰে । তৈয়াৰৰ সহজ পদ্ধতি জানি লওক-

Tasty ginger candy is a home remedy for cold and cough, prepare it at home in this way
চৰ্দি-কাহৰ পৰা আপোনাৰ শৰীৰক ৰক্ষণাবেক্ষণ দিব এই আদাৰ কেণ্ডি

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 11:27 AM IST

Updated : Dec 14, 2023, 12:15 PM IST

পৰিৱৰ্তিত বতৰত চৰ্দি, কাহ আৰু জ্বৰৰ সমস্যা সাধাৰণতে দেখা যায় ৷ এনে পৰিস্থিতিত স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় ৷ এই ঋতুত শৰীৰ সুস্থ কৰি ৰাখিবলৈ বিভিন্ন ধৰণৰ খাদ্য খোৱাটো বাঞ্ছনীয় ৷

কাহ আৰু চৰ্দিৰ পৰা হাত সাৰিবলৈ মানুহে প্ৰায়ে আদাৰ ৰস আৰু মৌ ব্যৱহাৰ কৰে ৷ চৰ্দি আৰু কাহ কমোৱাৰ বাবে আদাক ঔষধ হিচাপে গণ্য কৰা হয় ৷

যদি আপুনিও আদাৰ সোৱাদ ভাল নাপায়, তেন্তে আপুনি ইয়াক আন এটা ধৰণে সোৱাদযুক্ত কৰি তুলিব পাৰে ৷ হয়, আজি আপুনি আদাক কেণ্ডি বা চকলেটৰ দৰেও গ্ৰহণ কৰিব পাৰে ৷ ই সোৱাদযুক্ত হোৱাৰ লগতে স্বাস্থ্যৰ বাবেও উপকাৰী ৷ ৰেচিপি জানো আহক-

সামগ্ৰী

আদা- ২০০ গ্ৰাম

গুড়- ৩০০ গ্ৰাম

হালধি – এচিকুট

নিমখ- ৰুচি অনুসৰি

নিমখ চেনিৰ গুড়ি – কোট কৰিবলৈ

ৰেচিপি

  • আদাৰ কেণ্ডি বনাবলৈ প্ৰথমে আদাৰ বাকলি উলিয়াই ভালদৰে ধুই লওক ৷ এতিয়া ইয়াক ৰুকি লওক ৷
  • ৰুকি লোৱা আদা খিনিত গুড় দিয়ক ৷ এতিয়া মিক্সাৰত আদা আৰু গুৰ একেলগে পিচি লওক ৷
  • এতিয়া এই পেষ্টটো গৰম কৰি লওক ৷ ইয়াৰ বাবে কেৰাহী এখন লৈ গেছত থৈ দিয়ক ৷ কেৰাহী গৰম হ’লে এই মিশ্ৰণখিনি ঢালি দিব৷ এতিয়া একেৰাহে লৰাই ২-৩ মিনিট মান ৰান্ধিব ৷
  • তাত অলপ নিমখ আৰু হালধি দিব৷ ইয়াৰ পিছত আৰু ৩-৪ মিনিট ৰান্ধিব ৷
  • মিশ্ৰণখিনি কেৰাহী এৰি নিদিয়ালৈকে লৰাই থাকক, যদি এনে হোৱা দেখিছে তেন্তে আপোনাৰ মিশ্ৰণখিনি তৈয়াৰ হৈ গৈছে ৷
  • এতিয়া এই মিশ্ৰণখিনি প্লেট এখনত উলিয়াই লওক ৷ ঠাণ্ডা হ’বলৈ দিব ৷ ঠাণ্ডা হোৱাৰ পিছত নিজৰ পছন্দৰ আকৃতিৰ সৰু সৰু কেণ্ডি প্ৰস্তুত কৰক ৷
  • আৱৰণৰ বাবে নিমখ আৰু চেনি মিহলাই তাৰ ওপৰত লগাব পাৰে ৷ এতিয়া সকলো কেণ্ডি কোট কৰি এয়াৰ টাইট পাত্ৰত ৰাখি দৈনিক এটা কেণ্ডি উপভোগ কৰক ৷

লগতে পঢ়ক:বিভিন্ন ৰোগৰ পৰা শৰীৰক ৰক্ষণাবেক্ষণ দিয়াত মাস্কে কিদৰে সহায় কৰে ?

Last Updated : Dec 14, 2023, 12:15 PM IST

ABOUT THE AUTHOR

...view details