এজন ব্যক্তিৰ শাৰীৰিক উচ্চতা বিভিন্ন ৰোগৰ কাৰক হ’ব পাৰে । শৰীৰৰ উচ্চতা পূৰ্বতে হৃদৰোগৰ পৰা কৰ্কট ৰোগলৈকে বহুতো ৰোগৰ সৈতে সম্পৰ্কিত আছিল বুলি জনা যায় ৷ বিজ্ঞানীসকলে কিন্তু নিৰ্ধাৰণ কৰিব পৰা নাছিল যে ওখ বা চাপৰ কোনটো উচ্চতাৰ ফলত তেওঁলোক আচলতে বিপদত পৰে ৷ উচ্চতাক প্ৰভাৱিত কৰা কাৰক যেনে পুষ্টি আৰু আৰ্থসামাজিক স্থিতি এইসমূহক এই বেমাৰ বা বিপদৰ বাবে দায়ী বুলি ক’ব পাৰি (Taller people more at risk of skin infections) ৷
ৰকি মাউণ্টেইন ৰিজিঅনেল ভি এ চিকিৎসা কেন্দ্ৰৰ শ্ৰীধৰণ ৰাঘৱনে পূৰ্বৰ ফলাফলবোৰৰ পৰা নিশ্চিত কৰিছিল যে ওখ হোৱাটো এট্ৰিয়েল ফাইব্ৰিলেচন আৰু ভেৰিকোজ শিৰাৰ উচ্চ বিপদাশংকাৰ সৈতে সম্পৰ্কিত আৰু কৰোনেৰী হৃদৰোগ, উচ্চ ৰক্তচাপ আৰু উচ্চ কলেষ্টেৰলৰ বাবে কম বিপদাশংকাযুক্ত ।
আলোচনী পি.এল.ও.এছ জেনেটিক্সত প্ৰকাশিত এই অধ্যয়নটোৱে অধিক উচ্চতা আৰু পেৰিফেৰেল নিউৰ’পেথীৰ উচ্চ বিপদাশংকাৰ মাজত নতুন সম্পৰ্কৰ ওপৰতো আলোকপাত কৰিছিল ৷ যিয়ে আমাৰ হাত-ভৰিৰ স্নায়ু দুৰ্বল কৰি পেলাই যাৰ ফলত ভৰি আৰু গোৰোহাৰ আলচাৰৰ দৰে ছাল আৰু হাড়ৰ সংক্ৰমণ হয় ৷