শীতকাল অহাৰ লগে লগে চৰ্দি-কাহৰ দৰে সমস্যাবোৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰে ৷ দ্ৰুতগতিত বতৰ সলনি হৈ থকাৰ ফলত নানা ধৰণৰ শাৰীৰিক সমস্যাই দেখা দিয়ে ৷ বিশেষকৈ ২ৰ পৰা ১০ বছৰৰ শিশুৰ ক্ষেত্ৰত ৷ যাৰ বাবে এইদিনকেইটাত শিশুৰ উচিত যত্ন লোৱাটো খুবেই প্ৰয়োজন ৷
পুৱা ঠাণ্ডা বতাহ চলাচল কৰাৰ বাবে শিশুৰ চৰ্দি হ'ব পাৰে ৷ যেতিয়া চৰ্দি হয়, কাহ আৰু কফৰ সমস্যাই শিশুসকলক আটাইতকৈ বেছি আমনি কৰে ৷ আনহাতে ইয়াৰ ফলত শিশুৰ জ্বৰো হয় ৷ শিশুক শীতকালত ঠাণ্ডাৰ পৰা সুৰক্ষিত কৰিবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাটো খুবেই জৰুৰী ৷ ইয়াৰ বাবে খোৱা-বোৱা, পৰিস্কাৰ-পৰিচ্ছন্নতা আদি সকলো দিশতে শিশুৰ যত্ন লোৱাটো খুবেই প্ৰয়োজনীয় ৷ এই কেইটা দিনত আপুনি আপোনাৰ সন্তানৰ প্ৰতি ল’বলগীয়া যত্নৰ বিষয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক-
পৰিস্কাৰ-পৰিচ্ছন্নতাৰ যত্ন ল'ব
শীতকালত শিশুৰ পৰিস্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ ৷ তেওঁলোকক হাত ধোৱাৰ অভ্যাস কৰালে বহু ৰোগৰ পৰা বচাই ৰাখিব পাৰে ৷ খোৱাৰ আগত আৰু পিছত হাত পৰিস্কাৰ কৰাৰ অভ্যাস কৰাব ৷এই দিনকেইটাত শিশুৰ কাপোৰো পৰিস্কাৰ কৰি ৰাখিব লাগে ৷ শীতকালত শিশুসকলক সদায়েই গৰম পানীৰে গা ধোৱাৰ অভ্যাস কৰাব ৷
ফল-পাচলি খাবলৈ দিব
শীতকালৰ সময়চোৱাত তুলনামূলকভাৱে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে ৷ যাৰ ফলত শিশুসকল অধিক অসুস্থ হৈ পৰে ৷এই দিনকেইটাত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ শিশুসকলক নেমুৰ দৰে টেঙা ফল আৰু পাচলি খাবলৈ দিব ৷ শিশুৰ আহাৰত অন্তৰ্ভুক্ত কৰক শুকান ফল৷ কাঠবাদাম, আখৰোট শুকান ফল খোৱাটোৱে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে ৷