শুকান ফলবোৰক আদৰ্শ লঘু আহাৰ হিচাপে গণ্য কৰা হয় যিহেতু সেইবোৰৰ কোনোধৰণৰ নেতিবাচক প্ৰভাৱ শৰীৰত নপৰে বৰঞ্চ অসংখ্য লাভালাভহে থাকে ৷ আমি যেতিয়া শুকান ফলৰ কথা পাঁতো সহজেই মনলৈ আহে কাজু, কাঠবাদাম আৰু পিস্তাৰ বিষয়ে ৷ কিন্তু এই ফলসমূহক বাদ দি আৰু এবিধ ফল আছে যাৰ স্বাস্থ্যৰ ওপৰত যথেষ্ট যোগাত্মক প্ৰভাৱ আছে ৷ এই শুকান ফলবিধ হ’ল কিচমিচ ৷ বজাৰত বিভিন্ন প্ৰকাৰৰ কিচমিচ উপলব্ধ , কিন্তু আজি আমি ইয়াত ক'লা কিচমিচৰ কিছুমান লাভালাভৰ বিষয়ে আলোচনা কৰিম ৷
পুনেস্থিত এগৰাকী ডায়েটিচিয়ান Radhika Kalraই কৈছে যে ওজন হ্ৰাস কৰা, শৰীৰত শক্তি বজাই ৰখা আৰু বহুতো ৰোগ প্ৰতিৰোধ কৰাত ক'লা কিচমিচ যথেষ্ট সহায়ক ৷ ঔষধি গুণেৰে ভৰপূৰ ক'লা কিচমিচ সমগ্ৰ শৰীৰৰ লগতে চুলি আৰু ছালৰ বাবে মহৌষধ সদৃশ ৷ পুষ্টিৰে ভৰপূৰ এই ক'লা কিচমিচ আপোনালোকে নিয়মীয়াকৈ খাব পাৰে ৷
Radhika Kalra ই জনায় যে ক'লা কিচমিচ ক'লা আঙুৰৰ পৰা তৈয়াৰ কৰা হয় ৷ ইয়াত আঁহ, প্ৰ'টিন, কেলচিয়াম, এণ্টিঅক্সিডেণ্ট, পটাছিয়াম আৰু পলিফেনল থাকে ৷ আইৰন, পটাছিয়াম আৰু মেঙ্গানিজৰ ই এক ভাল উৎস বুলিও তেওঁ জানিবলৈ দিয়ে ৷
Keeps blood pressure under control
আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষি বিভাগ আৰু ৰাষ্ট্ৰীয় জৈৱ প্ৰযুক্তি তথ্য কেন্দ্ৰত (NCBI) প্ৰকাশিত গৱেষণা অনুসৰি, ক'লা কিচমিচত পোৱা পলিফেনল, ফাইবাৰ আৰু পটাছিয়ামে উচ্চ ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে ৷ আমাৰ বিশেষজ্ঞই কয় যে কিচমিচত পোৱা উচ্চ পটাছিয়াম স্তৰে তেজত ছডিয়াম হ্ৰাস কৰাত সহায় কৰে, যাৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰণ হয় ৷
Beneficial for bones
ক'লা কিচমিচত ব’ৰন থাকে, যাক হাড়ৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ আমি সকলোৱে জানো, আমাৰ হাড়ৰ বাবে কেলচিয়াম অত্যাৱশ্যকীয় ৷ ক'লা কিচমিচত উপযুক্ত পৰিমাণত কেলচিয়াম পোৱা যায় ৷ সেয়েহে, ক'লা কিচমিচ খোৱাটো স্বাস্থ্যৰ বাবে ভাল, বিশেষকৈ Osteoporosis ত ভুগি থকা লোকসকলৰ বাবে ই উপকাৰী ৷
Enhances blood flow
ক'লা কিচমিচৰ ওপৰত কৰা বহুতো গৱেষণাত দেখা গৈছে যে যিহেতু ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ পোৱা যায়, নিয়মীয়াকৈ এমুঠি ক'লা কিচমিচ সেৱনে ৰক্তহীনতাৰ দৰে সমস্যাৰ পৰা সকাহ দিয়ে ৷ ইয়াৰ উপৰিও, ই ঋতুস্ৰাৱৰ বিষ উপশম কৰাৰ বাবেও উপকাৰী ৷