অসম

assam

ETV Bharat / sukhibhava

Benefits of Bael Juice: স্বাস্থ্যৰ পক্ষে বেলৰ চৰবতৰ এই আচৰিত উপকাৰিতাসমূহ জানি লওক - ইৰিটেবল বাৱেল চিনড্ৰম

বেল প্ৰাকৃতিক গুণাগুণেৰে সমৃদ্ধ, যাৰ বাবে ই ইৰিটেবল বাৱেল চিনড্ৰম (IBS)ৰ দৰে পাচনতন্ত্ৰৰ বিকাৰৰ চিকিৎসাত উপযোগী । সেয়ে আমি বেলেৰে তৈয়াৰী চৰবত খোৱাটো খুবেই লাভদায়ক ৷ ই আমাৰ মল সহজে বাহিৰ কৰাত সহায় কৰে, নিয়মিতভাৱে মলত্যাগ কৰাত সহায় কৰিব পাৰে, পেটৰ অস্বস্তি আৰু পেট ফুলাৰ দৰে লক্ষণসমূহ লাঘৱ কৰিব পাৰে ৷ আহক জানো ইয়াৰ অন্য উপকাৰিতাসমূহ-

superb health benefits of Bael juice
স্বাস্থ্যৰ পক্ষে বেলৰ চৰবতৰ এই আচৰিত উপকাৰিতাসমূহ জানি লওক

By

Published : Aug 2, 2023, 7:43 PM IST

আমি সৰুকালৰ পৰাই শুনি আহিছো যে পেট পৰিষ্কাৰ কৰিবলৈ আমি বেল খাব লাগে । কিন্তু এয়া বৈজ্ঞানিকভাৱেও সত্য । বেলে সুন্দৰকৈ পেট পৰিষ্কাৰ কৰাত সহায় কৰে । যদি আপুনি নিয়মীয়াকৈ 3 মাহৰ বাবে বেলৰ চৰবতত খাব পাৰে, তেন্তে আপোনাৰ পেটৰ সৈতে জড়িত যেনে কোষ্ঠকাঠিন্যৰ আদিৰ বিভিন্ন সমস্য শীঘ্ৰেই দূৰ হ'ব । পকা বেলৰ পাল্পখিনি উলিয়াই চেনীৰ সৈতে মিহলি কৰক আৰু সেইবোৰ পানী বা গাখীৰত মিহলি কৰি চৰবত তৈয়াৰ কৰি আপুনি গ্ৰহণ কৰিব পাৰে আহক জানো এনেদৰে বেল খালে আমাৰ কেনেধৰণৰ স্বাস্থ্য লাভালাভ হ’ব পাৰে ।

পাচনতন্ত্ৰৰ বাবে উপকাৰী: বেলৰ চৰবতত এনে এবিধ এনজাইম থাকে যিয়ে হজম শক্তি উন্নত কৰাত সহায় কৰে আৰু বদহজম হ্ৰাস কৰে ।

কোষ্ঠকাঠিন্য দূৰ কৰে: ই অন্ত্ৰৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰি কোষ্ঠকাঠিন্য হ্ৰাস কৰিব পাৰে ।

বিপাকীয় ক্ৰিয়া উন্নত কৰাত সহায় কৰে: বেলৰ চৰবতত এন্টিঅক্সিডেন্ট থাকে যিয়ে বিপাকীয় ক্ৰিয়া উন্নত কৰাত সহায় কৰিব পাৰে ।

ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে: বেলৰ চৰবতত এনে গুণ আছে যিয়ে গ্লুক’জৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে ।

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে: ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু এন্টিঅক্সিডেন্ট থাকে যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে ।

স্বাস্থ্য উপকাৰিতা: বেলৰ চৰবতত ভিটামিন চি, ভিটামিন এ, আঁহ আৰু অন্যান্য পুষ্টিকৰ উপাদান থাকে, যিয়ে স্বাস্থ্য ৰক্ষাত সহায় কৰে ।

আন্ত্ৰিক স্বাস্থ্য:বেলৰ চৰবতত থকা প্ৰদাহ নিবাৰণকাৰী গুণে আন্ত্ৰিক স্বাস্থ্য উন্নত কৰাত সহায় কৰিব পাৰে ।

ছালৰ বাবে উপকাৰী: ইয়াত এনে কিছুমান গুণ আছে যিয়ে ছালখনক সুস্থ আৰু উজ্জ্বল কৰি তোলাত সহায় কৰে ।

বয়স বৃদ্ধিৰ লক্ষণ হ্ৰাস কৰাত সহায় কৰে:বেলৰ চৰবতত প্ৰাকৃতিক এন্টিঅক্সিডেন্ট থাকে যিয়ে বয়স বৃদ্ধিৰ লক্ষণ হ্ৰাস কৰাত সহায় কৰিব পাৰে ।

ৰক্তচাপ নিয়ন্ত্ৰণত সহায়ক: ই পটাছিয়ামৰ এক উত্তম উৎস, যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰিব পাৰে ।

লগতে পঢ়ক:Bad Cholesterol: হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ এক মুখ্য কাৰণ হৈছে শৰীৰত বৰ্ধিত High Cholesterol; এই অদ্ভুত দেখা ফলবিধে কৰিব নিৰাময়

ABOUT THE AUTHOR

...view details