অসম

assam

ETV Bharat / sukhibhava

Summer skin care: আয়ুৰ্বেদিক পদ্ধতিৰে গ্ৰীষ্মকালত শৰীৰৰ যতনৰ উপায় - আয়ুৰ্বেদ কি

আয়ুৰ্বেদিক চিকিৎসা পদ্ধতি বিশ্বৰ প্ৰাচীনতম চিকিৎসা পদ্ধতি‌। এই আয়ুৰ্বেদিক পদ্ধতিৰে গ্ৰীষ্মকালত কেনেদৰে শৰীৰৰ যতন ল’ব পাৰি । এই সম্পৰ্কে জনালে আয়ুৰ্বেদিক চিকিৎসক ডাঃ নেহা ৰয়ে ৷

Etv Bharatsummer-health-care-with-ayurveda-for-glowing-skin-in-the-heat
Etv Bharatআয়ুৰ্বেদ অনুসৰি লওক গ্ৰীষ্মকালত ছালৰ যত্ন

By

Published : Aug 13, 2023, 3:50 PM IST

আয়ুৰ্বেদ অনুসৰি লওক গ্ৰীষ্মকালত ছালৰ যত্ন

আয়ুৰ্বেদ অনুসৰি গ্ৰীষ্ম কালক আদান কাল বুলি কোৱা হয় । প্ৰখৰ ৰ’দ আৰু তাপৰ বাবে এই সময়ছোৱাত আমাৰ শাৰীৰিৰ ইমিউনিটি শক্তি কমি যায় । সেয়েহে এই সময়ছোৱাত সকলোৱে নিজকে সুস্থ কৰি ৰখাটো অতি প্ৰয়োজনীয় । অতি বেছি গৰমৰ বাবে এই সময়ছোৱাত মানুহৰ হজম শক্তি কমে । সেয়েহে অতি বেছি খাদ্য গ্ৰহণ কৰিলে খাদ্য হজম নোহোৱাৰ ফলত এচিডিটি বা অন্য সমস্যাৰ সৃষ্টি হ’ব পাৰে ।

সেয়েহে, খাদ্য সদায় যিমান ভোক লাগে তাতকৈ ২৫% কম খাব লাগে । কম খাদ্য গ্ৰহণৰ ফলত শৰীৰে খাদ্য হজম কৰাৰ সময় বেছি পায় । ইয়াৰোপৰি এই সময়ছোৱাত ঠাণ্ডা, ৰসযুক্ত খাদ্য বেছিকৈ খাব লাগে । ঘৰতে খিচমিচ বা খেজুৰ ঠাণ্ডা পানীত ১ ৰ পৰা ২ ঘণ্টা সময় তিয়াই, চফ আৰু পদিনাৰ জুচ তৈয়াৰ কৰিও খাব পাৰে । এয়া স্বাস্থ্যৰ বাবে উপকাৰী ।

গৰমত ফলত ছালৰ হ’ব পৰা বিভিন্ন সমস্যাৰ নিৰাময়ৰ উপায় -

১)গৰমৰ সময়ছোৱাত ঘামৰ ফলত ছালৰ বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে । সেয়েহে এই সময়ছোৱাত সদায় পাতল ৰঙৰ কাপোৰ পৰিধান কৰিব লাগে ।

২) যি অংশ বেছিকৈ ঘামে তাত সঘনাই পাউদাৰ ব্যৱহাৰ কৰিব লাগে।

৩) বাহিৰৰ পৰা আহিলে গা-ধুব লাগে । লগতে পিন্ধি থকা কাপোৰ সলনি কৰিব লাগে ।

৪) একেযোৰ কাপোৰ নুধোঁৱাকৈ দৈনিক পৰিধান কৰিব নালাগে ।

৫) এই সময়ছোৱাত পাৰিলে কটন কাপোৰ পৰিধান কৰিব লাগে।

শালমইনাৰ পৰা পৰিত্ৰাণৰ উপায়

গৰমৰ সময়ছোৱা বহুতে শালমইনাৰ সমস্যাত ভুগা দেখা যায় । সেয়েহে এই সময়ছোৱাত সদায় ছালখন পৰিষ্কাৰ কৈ ৰাখিব লাগে । লগতে হাৰবেল ফেছৱাচ ব্যৱহাৰৰ কৰিব পাৰে । বেচন, দৈৰ মিশ্ৰণৰ তৈয়াৰ কৰি মুখত লাগেও এই সমস্যাৰ পৰা বহু পৰিমাণে পৰিত্ৰাণ পাব পাৰি । এনেদৰেই আপুনি গ্ৰীষ্মকালত আপোনাৰ শৰীৰৰ যতন ল’ব পাৰে ।

লগতে পঢ়ক:Child Care: শিশুৰ জন্মৰ ৬ মাহৰ পিছত কেনেধৰণৰ খাদ্য খুৱাব লাগে ? শিশুৰোগ বিশেষজ্ঞ ডাঃ চামিউল এ. হুছেইনৰ পৰা জানি লওক

ABOUT THE AUTHOR

...view details