নিউজ ডেস্ক,5 আগষ্টঃমাইণ্ড চাইট, মাইণ্ড আৰ্ট, কেফে কনভাৰ্চেশ্বনৰ মনোবিজ্ঞানী আৰু প্লে’ থেৰাপিষ্ট তথা মুম্বাইৰ বৈৰাভালীৰ 'প্ৰফুলতা চাইক’লজিকেল ৱেলনেছ চেন্টাৰ'ৰ কেৰিয়াৰৰ পৰামৰ্শদাতা কাজল ইউ দাৱেৰ কথাৰেঃ
"বহুদিনৰে পৰা ঔষধ গ্ৰহণ কৰি থকাৰ বাবে শিশুটিৰ পঢ়াৰ প্ৰতি আকৰ্ষণ কমা বুলি এগৰাকী অভিভাৱকে আমাৰ কাষ পাইছিল । আন এগৰাকী অভিভাৱকৰ সমস্যাটো আছিল বেলেগ ধৰণৰ । শিশুটিয়ে খেলাৰ পাছত ভাগৰুৱা হৈ যায় আৰু পঢ়িবলৈ বহিব নিবিচাৰে ।ফলত শিশুটিক শিকোৱাটো টান কাম হৈ পৰে । এটি শিশুক পঢ়িবলৈ বহোৱাটো সঁচাকৈয়ে পৰ্বতত বগোৱাৰ দৰে টান কাম । কিন্তু একে সময়তে আমি উপলব্ধি কৰিব লাগিব যে শিশুৰ বাবে খেলাটোৱেই সকলো ।গতিকে আমি দুয়োটাৰে মাজত ভাৰসাম্য ৰক্ষা কৰিম কেনেকৈ? "
মাইণ্ড চাইট, মাইণ্ড আৰ্ট, কেফে কনভাৰ্চেশ্বনৰ মনোবিজ্ঞানী আৰু প্লে’ থেৰাপিষ্ট তথা মুম্বাইৰ বৈৰাভালীৰ প্ৰফুলতা চাইক’লজিকেল ৱেলনেছ চেন্টাৰৰ কেৰিয়াৰ পৰামৰ্শদাতা কাজল ইউ দাৱে শিশু এটিক কেনেদৰে খেলৰ মাধ্যমেৰে কিছুমান কাম কৰাব পাৰি সেই বিষয়ে কিছু দিহা দিছে।
খেলৰ জৰিয়তে এটি শিশুৱে নিজকে শক্তিৱন্ত, চিন্তামুক্ত অনুভৱ কৰাৰ লগতে সৃষ্টিশীলতা শিকিব পাৰে । ইয়াৰ বাবে কিছু পৰামৰ্শ আগবঢ়োৱা হ’ল -
- যদি শিশুটিয়ে পাঠ্যপুথিত থকা পাঠবোৰ পঢ়িবলৈ ইচ্ছা নকৰে তেন্তে শিশুটিক সেয়া কাহিনী হিচাপে বা চৰিত্ৰৰ ৰূপত বুজাই দিয়ক ।
- যদি শিশুটিয়ে অৰ্থবোৰ বুজি পোৱাত টান পায় তেতিয়া বিষয়টোৰ গুণৰ বিষয়ে বৰ্ণনা কৰক আৰু চিনাক্তকৰণৰ খেল হিচাপে খেলক । যদি শিশুটি চিত্ৰাংকনৰ প্ৰতি আগ্ৰহী তেতিয়া ছবি অভিধানক মাধ্যম হিচাপে ব্যৱহাৰ কৰিব পাৰে ।
- শিশু এটিয়ে ভালদৰে শিকিবলৈ হ’লে বিষয় একোটাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাটো অত্যন্ত জৰুৰী । যেতিয়া শিশুটিৰ বিষয়বস্তুটোৰ প্ৰতি কোনো ধৰণৰ আগ্ৰহ দেখা নাযায় তেতিয়া বুজিব লাগিব যে সেই বিষয়টোৰ লগত তেওঁৰ কিবা আৱেগ-অনুভূতি জড়িত আছে । উদাহৰণ স্বৰূপে গণিতৰ প্ৰতি ভয়, লিখিবলৈ ইচ্ছা নকৰা আদি সকলো এনেধৰণৰ আৱেগৰ কাৰণেই ঘটে । কিয়নো শিশুটিয়ে হেঁচা অনুভৱ কৰে আৰু এই পৰিস্থিতিৰ লগত কেনেদৰে মোকাবিলা কৰিব লাগিব তাকে লৈ চিন্তিত হয় । যদি অত্যধিক ইংৰাজী ভাষা ব্যৱহাৰ হোৱাৰ ফলত শিশুটিয়ে চাপ অনুভৱ কৰে তেতিয়া নাটকৰ আশ্ৰয় লওক, চৰিত্ৰবোৰ অংকন কৰক, কাহিনী বা সংলাপেৰে পাঠবোৰকক সৃষ্টিশীল কৰি তোলক যাতে অধিক আমোদজনক হৈ উঠে আৰু মানসিক চাপ দূৰ হয় ।
- গেজেটৰ অধিক ব্যৱহাৰ কেনেদৰে নিয়ন্ত্ৰণ কৰিব?