প্ৰতি বছৰে মহিলাৰ থাইৰয়ড ৰোগৰ ঘটনা বৃদ্ধি পায় । এই ৰোগৰ বাবে মহিলাসকলে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । বেছিভাগ ক্ষেত্ৰতে মহিলাসকলে এই ৰোগৰ লক্ষণসমূহৰ বিষয়ে অৱগত নহয় ।
থাইৰয়ড থাকিলে শৰীৰত কি প্ৰাৰম্ভিক লক্ষণ দেখা যায় আৰু এই ৰোগ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ইয়াৰ বিষয়ে বিতংভাৱে জানো আহক । চিকিৎসকে কয় যে, মহিলাৰ ওজন হঠাৎ বৃদ্ধি হোৱাটো থাইৰয়ডৰ এটা প্ৰধান লক্ষণ । থাইৰয়ড গ্ৰন্থিৰ হাইপোথাইৰয়ডিজমৰ বাবে মেদবহুলতা বৃদ্ধি পায়, এইটো এনে এক অৱস্থা য’ত থাইৰয়ডৰ সক্ৰিয়তা কমিবলৈ আৰম্ভ কৰে । এই সময়ত বিপাকীয় ক্ৰিয়া কমিবলৈ আৰম্ভ কৰে আৰু শৰীৰত চৰ্বি জমা হ’বলৈ আৰম্ভ কৰে । ইয়াৰ বাবে ওজন বৃদ্ধি পায় ।
বেছিভাগ ক্ষেত্ৰতে মহিলাসকলে এই পৰিস্থিতিক আওকাণ কৰে । তেওঁলোকে নাজানে যে ওজন বৃদ্ধি হোৱাটোৱেই থাইৰয়ড ৰোগৰ প্ৰাৰম্ভিক লক্ষণ । যদি জীৱনশৈলী ভাল হয় । খাদ্যৰ যত্ন লয়, কিন্তু তথাপিও ওজন বাঢ়িছে, তেতিয়া ই থাইৰয়ডৰ লক্ষণ । এনে অৱস্থাত তৎক্ষণাত পৰীক্ষাটো কৰিব লাগে ।
থাইৰয়ড কি ?