অসম

assam

ETV Bharat / sukhibhava

নিম্ন গ্লাইচেমিক সূচক আহাৰে হৃদৰোগীৰ ওজন হ্ৰাস কৰাত সহায় কৰে - হৃদৰোগীয়ে শৰীৰৰ ওজন কমোৱাৰ উপায় কি

ইউৰোপিয়ান ছ’চাইটি অৱ্ কাৰ্ডিঅ'লজীৰ বৈজ্ঞানিক কংগ্ৰেছৰ এচিএনএপি-ইউৰোহাৰ্টকেয়াৰ কংগ্ৰেছ 2022 ত উপস্থাপন কৰা এক অধ্যয়ন অনুসৰি, নিম্ন গ্লাইচেমিক সূচক আহাৰ খোৱাটোৱে কৰোনেৰী ধমনী ৰোগ (Coronary artery disease) থকা ৰোগীসকলৰ শাৰিৰীক স্বাস্থ্যৰ উন্নতি ঘটায় ৷

glycemic index diet
নিম্ন গ্লাইচেমিক সূচক আহাৰ

By

Published : May 24, 2022, 2:58 PM IST

কাৰ্ব’হাইড্ৰেট সমৃদ্ধ খাদ্যই ৰক্তত শৰ্কৰাৰ স্তৰ কিমান সোনকালে প্ৰভাৱিত কৰে তাৰ ওপৰত ভিত্তি কৰি গ্লাইচেমিক ইণ্ডেক্সে ( নিম্ন গ্লাইচেমিক ইণ্ডেক্সযুক্ত) কাৰ্ব’হাইড্ৰেট সমৃদ্ধ খাদ্যৰ স্থান নিৰ্ধাৰণ কৰে । উচ্চ গ্লাইচেমিক ইণ্ডেক্স খাদ্যই দ্ৰুতগতিত ৰক্ত শৰ্কৰা বৃদ্ধি কৰে ৷ বগা পিঠা, বগা চাউল, আলু আৰু মিঠাই উচ্চ গ্লাইচেমিক ইণ্ডেক্সযুক্ত খাদ্য । নিম্ন গ্লাইচেমিক ইণ্ডেক্সযুক্ত খাদ্যবোৰ অধিক লাহে লাহে হজম হয় আৰু লাহে লাহে ৰক্ত শৰ্কৰা বৃদ্ধি কৰে; নিম্ন গ্লাইচেমিক ইণ্ডেক্সযুক্ত খাদ্যত অন্তৰ্ভুক্ত হয় ফল আৰু পাচলি যেনে আপেল, কমলা, ব্ৰুকলি আৰু শাক, মাহজাতীয় শস্য যেনে বুট, দাইল আৰু ৰাজমাহ আৰু সম্পূৰ্ণ শস্য যেনে মুগা চাউল আৰু ওটচ । মাংস, কুকুৰা আৰু মাছৰ নিম্ন গ্লাইচেমিক ইণ্ডেক্সযুক্ত ৰেটিং নাই কিয়নো এইবোৰ খাদ্যত কাৰ্ব’হাইড্ৰেট নাথাকে ।

পৰ্যৱেক্ষণমূলক অধ্যয়নে আগতে সূচাইছে যে, উচ্চ গ্লাইচেমিক ইণ্ডেক্স আহাৰ কাৰ্ডিঅ'ভাস্কুলাৰ ৰোগ 2 আৰু প্ৰকাৰ 2 ডায়বেটিছৰ বৰ্ধিত বিপদাশংকাৰ সৈতে সম্পৰ্কিত । এই অধ্যয়নটোৱে কৰোনেৰী ধমনী ৰোগ থকা ৰোগীৰ ক্ষেত্ৰত কঁকালৰ পৰিধি, হিপছৰ পৰিধি আৰু কঁকালৰ পৰা হিপছৰ অনুপাতৰ ওপৰত ভিত্তি কৰি নিম্ন গ্লাইচেমিক ইণ্ডেক্স আহাৰৰ বডী মাছ ইণ্ডেক্স (BMI)ৰ ওপৰত লাভালাভ নিৰ্ণয় কৰে (Glycemic index diet helps in weight loss ) ৷

2016 ৰ পৰা 2019 চনৰ ভিতৰত অধ্যয়নটোৱে তিনি মাহ ধৰি নিম্ন গ্লাইচেমিক ইণ্ডেক্স আহাৰ বা নিয়মীয়া আহাৰ গ্ৰহণ কৰা 160 জন ৰোগীক অন্তৰ্ভূক্ত কৰিছিল ৷ ৰোগীসকলৰ বয়স 38 ৰ পৰা 76 বছৰৰ ভিতৰত আছিল ৷ নিম্ন গ্লাইচেমিক ইণ্ডেক্স আহাৰ বা নিয়মীয়া আহাৰ গ্ৰহণ কৰা দুয়োটা গোটেই কৰোনেৰী ধমনী ৰোগৰ বাবে উন্নত মানৰ চিকিৎসা লাভ কৰি আছিল । নিম্ন জি.আই. গোটৰ ৰোগীসকলক নিম্ন জি.আই. যুক্ত খাদ্য গ্ৰহণ কৰি প্ৰ'টিন আৰু চৰ্বিৰ স্বাভাৱিক ব্যৱহাৰ অব্যাহত ৰাখি উচ্চ জি.আই. যুক্ত খাদ্য বাদ দিবলৈ পৰামৰ্শ দিয়া হৈছিল ।

নিয়মীয়া আহাৰ গ্ৰহণ কৰা গোটটোক কৰোনেৰী ধমনী ৰোগৰ বাবে পৰামৰ্শ দিয়া আহাৰ গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছিল ৷ তেওঁলোকৰ ক্ষেত্ৰত চৰ্বি আৰু কিছুমান প্ৰ'টিনযুক্ত খাদ্য যেনে গাখীৰ, চীজ, মাংস, কণীৰ কুহুম আৰু ভজা খাদ্য সীমিত কৰা হৈছিল ।

অংশগ্ৰহণকাৰীসকলৰ গড় বয়স আছিল ৫৮ বছৰ আৰু তাৰে মহিলা আছিল ৫২ শতাংশ । তিনি মাহত, বেচলাইনৰ তুলনাত দুয়োটা গোটতে শৰীৰৰ সকলো জোখ হ্ৰাস হৈছিল, কিন্তু পৰিৱৰ্তনবোৰ কেৱল নিম্ন জি.আই. গোটৰহে পৰিলক্ষিত হৈছিল ( low glycemic index diet helps heart patients lose weight)।

যেতিয়া গৱেষকসকলে গোটবোৰৰ মাজত অধ্যয়নটো সম্পূৰ্ণ কৰিবলৈ বেচলাইনৰ পৰা হোৱা পৰিৱৰ্তনবোৰ তুলনা কৰিছিল, নিম্ন জি.আই. আহাৰৰ ফলত বিএমআই আৰু কঁকালৰ পৰিধি যথেষ্ট হ্ৰাস হোৱা দেখিবলৈ পাইছিল । নিয়মীয়া আহাৰৰ গোটৰ 1.4 কিগ্ৰা/মি2 ৰ তুলনাত নিম্ন জি.আই. গোটত বিএমআই 4.2 কিগ্ৰা/2m হ্ৰাস পোৱা দেখা পোৱা গৈছিল । নিয়মীয়া আহাৰৰ গোটৰ 3.3 চে:মি:ৰ তুলনাত নিম্ন জি.আই. গোটত কঁকালৰ পৰিধি 9 চে:মি: হ্ৰাস হয় । হিপছৰ পৰিধি আৰু কঁকালৰ পৰা হিপছৰ অনুপাতৰ ক্ষেত্ৰত গোটবোৰৰ মাজত কোনো গুৰুত্বপূৰ্ণ পাৰ্থক্য দেখা ন’গল ৷

গৱেষকসকলে এইটোও পৰীক্ষা কৰিছিল যে এই হস্তক্ষেপে মহিলা আৰু পুৰুষক বেলেগ ধৰণে প্ৰভাৱিত কৰিছে নেকি ! তেওঁলোকে দেখিলে যে নিম্ন জি.আই.আহাৰে মহিলাৰ তুলনাত পুৰুষৰ কঁকালৰ পৰিধি, হিপছৰ পৰিধি আৰু কঁকালৰ পৰা হিপছৰ অনুপাত প্ৰভাৱিত কৰাৰ সম্ভাৱনা অধিক । বিএমআইৰ ওপৰত নিম্ন জি.আই. আহাৰৰ লাভজনক প্ৰভাৱ পুৰুষ আৰু মহিলাৰ বাবে একে আছিল ।

ৰিপাব্লিকান স্পেচিয়েলাইজড চাইণ্টিফিক-প্ৰেক্টিকেল মেডিকেল চেণ্টাৰ অৱ্ থেৰাপী এণ্ড মেডিকেল ৰিহেবিলিটেচন, তাছকেন্ট, উজবেকিস্তানৰ অধ্যয়ন লেখক জামোল উজোকভে এইদৰে কয়, "যদিও এই ফলাফলবোৰ নিশ্চিত কৰিবলৈ ডাঙৰ অধ্যয়নৰ প্ৰয়োজন, আমাৰ গৱেষণাই এয়া সূচায় যে এক সন্তুলিত আহাৰৰ অংশ হিচাপে কম জি.আই.যুক্ত খাদ্যৰ ওপৰত গুৰুত্ব দিয়াটোৱে হৃদ ৰোগীসকলক তেওঁলোকৰ শৰীৰৰ ওজন আৰু তেওঁলোকৰ কঁকালৰ পৰিধি নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে" (Tips to lose weight for heart patients) ৷

লগতে পঢ়ক:ক্ৰেনবেৰী খোৱাটোৱে স্মৃতিশক্তি উন্নত কৰাত সহায় কৰি ডিমেনচিয়া আঁতৰ কৰে

ABOUT THE AUTHOR

...view details