মায়োকাৰ্ডিয়াল ইনফাৰ্কচন (Myocardial infarction)নামেৰেও জনাজাত হাৰ্ট এটেক প্ৰাপ্তবয়স্ক লোকৰ মৃত্যুৰ অন্যতম এক প্ৰধান কাৰণ । হাৰ্ট এটেকত প্ৰতি বছৰে ১ কোটি ৮০ লাখতকৈ অধিক লোকৰ মৃত্যু হয় । এক অধ্যয়নৰ মতে, ক’ভিড-১৯ মহামাৰীৰ পাছত অনাগত বছৰবোৰত এই সংখ্যা বৃদ্ধি হ’ব পাৰে বুলিও অনুমান কৰা হৈছে(Diagnosis of heart attacks) ৷
ইয়াৰ ভিতৰত গৱেষকসকলে নতুন নতুন তথ্য লাভ কৰিছে । নট্ৰে ডেম বিশ্ববিদ্যালয়ৰ গৱেষক দলে(University of Notre Dame) কৰা গৱেষণাৰ মতে হৃদযন্ত্ৰৰ বিকলতাৰ চিকিৎসা আৰু নিদানত মানৱ শৰীৰৰ কলাৰ আৰ্হি (Human Tissue)উপযোগী হ’ব পাৰে । এই অধ্যয়নৰ ফলাফল বায়’ফিজিক্স ৰিভিউজ জাৰ্নেলত (Biophysics Reviews journal)প্ৰকাশ পাইছে ।
তাৰ পিছত যেতিয়া এটা ডাঙৰ ক’ৰ’নাৰী ধমনীত থকা প্লেকে তেজ আৰু হৃদযন্ত্ৰলৈ অক্সিজেনৰ সোঁত লেহেমীয়া কৰি পেলায় তেতিয়া কোষবোৰ নষ্ট হৈ কলাবোৰ ক্ষতিগ্ৰস্ত হয়, যাক মায়োকাৰ্ডিয়াল ইনফাৰ্কচন বোলা হয়(Myocardial infarction) । ইয়াৰ ফলত এজন ব্যক্তিৰ মৃত্যু হ’ব পাৰে বা হৃদযন্ত্ৰৰ অঞ্চলটো দাগযুক্ত কলালৈ ৰূপান্তৰিত হ’ব পাৰে, যিটো ভৱিষ্যতে অতিক্ৰম কৰাটো কঠিন হৈ পৰে ।
বৰ্তমান লেবত জীৱ-জন্তুক মডেল হিচাপে ব্যৱহাৰ কৰি আন আন অৱস্থা যেনে হৃদৰোগ, কেঞ্চাৰ আদিৰ ওপৰত অধ্যয়ন চলি আছে । কিন্তু জীৱ-জন্তুৰ ওপৰত কাম কৰা প্ৰতি ১০টা চিকিৎসাৰ ভিতৰত কেৱল এটাহে ক্লিনিকেল প্ৰয়োগত সফল হয় । যদিও মানুহৰ ওপৰত কেতিয়াবা সফল পৰীক্ষা-নিৰীক্ষা কৰা হয়, তথাপিও মানৱ শৰীৰৰ কলাত উল্লেখযোগ্য পাৰ্শ্বক্ৰিয়া দেখা যায় যিবোৰ সাধাৰণতে জীৱ-জন্তুৰ ক্ষেত্ৰত দেখিবলৈ পোৱা নাযায় ।