আধুনিক বিজ্ঞানৰ বিভিন্ন অৱদানৰ জৰিয়তে মানুহৰ জীৱন যাত্ৰা দ্ৰুততৰ আৰু উজু হৈ পৰিছে । পাছে পৰিবৰ্তিত জীৱন শৈলীৰ হেতুকে নানা ধৰণৰ ৰোগকে ধৰি জটিল ধৰণৰ সমস্যাই গা কৰি উঠিছে । এইবোৰ সমস্যাক আধুনিক সভ্যতাৰ অভিশাপ বুলি আখ্যা দিব পাৰে । এনেবোৰ ৰোগৰ ভিতৰত উল্লেখনীয় হৈছে উচ্চ ৰক্তচাপ, বহুমুত্ৰ, মেদবহুলতা, কলিজা আৰু লিভাৰৰ নানা ৰোগ(Stroke Paralysis treatment) । ইয়াৰে প্ৰথমবিধে (অৰ্থাৎ উচ্চ ৰক্তচাপৰ ফলত) শৰীৰৰ বিভিন্ন অংশত নানা ধৰণৰ জটিলতাৰ সৃষ্টি কৰিব পাৰে । মগজুলৈ তেজ সৰবৰাহকাৰী ধমনীৰ সুৰংগত তেজ গোট মাৰি তেজ চলাচলত বাধাৰ সৃষ্টি কৰে ।
ইয়াৰ ফলত মগজুৰ কেতবোৰ বিশেষ অংশ শুকাই যাব পাৰে । সেই বিশেষ অংশটিয়ে শৰীৰৰ যিবোৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰে তেনেবোৰ কাম-কাজ ব্যাহত হয় । উদাহৰণস্বৰুপে শৰীৰৰ একোটা পিনৰ হাত-ভৰি জঠৰ বা অকামিলা হৈ যাব পাৰে । চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক Hemiplegia (আংশিকভাৱে অকামিলা হ’লে Hemiparesis বোলে ।
আনহাতে সৰ্বসাধাৰণৰ ভাষাত ইয়াক পেৰালাইছিছ বোলে । আনুষংগিকভাৱে বাকশক্তি টুটিব বা ক্ষয় যাব পাৰে । (Impairment of Speech) । আজিৰ তাৰিখত চিকিৎসা বিজ্ঞানৰ অভাৱনীয় অগ্ৰগতি হোৱা সত্ত্বেও এইবিধ জটিলতাৰ সম্পূৰ্ণ আৰোগ্য লাভ যেন সম্ভাৱপৰ হোৱা নাই । অৱধাৰিতভাৱেই এনে ৰুগ্নাৱস্থাৰ বাবে এক পাৰিবাৰিক তথা সামাজিক সমস্যাৰ সৃষ্টি হোৱা বুলিব লাগিব । কাৰণ এইসকল ব্যক্তি নিজৰ জীৱনৰ প্ৰতিটো কামৰ বাবেই পৰমুখাপেক্ষী হ’বলগীয়া হয় ।
অৱশ্যে বিজ্ঞানীসকলৰ শেহতীয়া গৱেষণাৰ ফলত এইক্ষেত্ৰত আশাৰ সঞ্চাৰ হোৱা বুলিব লাগিব । এইক্ষেত্ৰত উল্লিখিব লাগিব বান্দৰৰ মস্তিষ্কৰ ওপৰত চলা গৱেষণাৰ বিষয়ে । বায়াৰ (তাঁৰ) আৰু ইলেকট্ৰডৰ জৰিয়তে মগজুৰ মগজুলৈ তথ্য ‘আপলোড’ কৰিব পৰা ইতিমধ্যে হৈ গৈছে । স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে এই পৰিঘটনা সংঘটিত হৈছে ।
ষ্ট্ৰোকৰ ফলত অসাৰতাত বা পেৰালাইছিছত ভোগা ৰোগীসকলক পুনৰ খোজ কাঢ়িবলৈ সক্ষমতা প্ৰদানৰ উদ্দেশ্যে গতিবিধি (Movement) ছেন্সৰৰ সহায়ত মগজুৰ সংযোগ স্থাপন কৰা হয় । খোজকঢ়াৰ ভংগিমা আৰু গতিবেগৰ ওপৰত ইয়াৰ নিয়ন্ত্ৰণ থাকে । বিজ্ঞানীসকলৰ মতে ইয়াৰ জৰিয়তে ভৱিষ্যতে মানৱ সমাজৰ কল্যাণাৰ্থে কেতবোৰ কাম কৰিব পৰা যাব । আমেৰিকাৰ নৰ্থ কেৰ’লিনাৰ ডিউক বিশ্ববিদ্যালয়ৰ স্নায়ুবিজ্ঞান বিভাগৰ অধ্যাপক ড° মিগুৱেল নিকোলিছৰ মতে বান্দৰৰ মগজুৰ চেৰিব্ৰেল ক’ৰ্টেক্স নামৰ অংশটিলৈ এনে সংকেত প্ৰেৰণ কৰে যাৰ জৰিয়তে ভিন্ন ধৰণৰ খাদ্য-সম্ভাৰৰ জুতিৰ ভিন্নতাৰ উমান জন্তুটিয়ে লভিবলৈ সক্ষম হয় ।
অৱশ্যে ইয়াত ব্যৱহাৰ হোৱা প্ৰযুক্তিৰ প্ৰচলনৰ পূৰ্বৰে পৰাই আছিল যদিও মগজু আৰু যন্ত্ৰৰ মাজত কোনো সুসমন্বয় নথকা বাবে ব্যৱহাৰকাৰীয়ে ভবা ধাৰণাৰ দ্বাৰা দৈহিক গতিবিধি নিয়ন্ত্ৰণ কৰিব পৰা নাছিল । পাছে আমেৰিকা, ছুইজাৰলেণ্ড আৰু ব্ৰাজিলৰ বিজ্ঞানীসকলে অংশগ্ৰহণ কৰা ‘ৱাক এগেইন’ প্ৰজেক্টৰৰ জৰিয়তে এয়া সম্ভৱপৰ হৈ উঠিছিল ।
অসাৰতাত ভোগা হাত-ভৰি যুগল এক কৃত্ৰিম তথা বাহ্যিক জঁকাৰ (Exoskeleton) জৰিয়তে চালিত হৈ লৰচৰ কৰা সম্ভৱপৰ হৈ উঠিছিল । ডা: নিকোলিছ আৰু তেওঁৰ সহযোগীসকলৰ মতে লক্ষ্যস্থলত উপনীত হ’বলৈ তেওঁলোকৰ এতিয়াও বহুদূৰ বাকী যদিও এয়া যেন সফলতাৰ প্ৰথমটো মাইলৰ খুঁটি । ইয়াৰে এটা সম্পৰীক্ষাত আৰোৰা নামৰ এটা বান্দৰে তাইৰ মগজুত স্থাপন কৰা ইলেকট্ৰ’ডৰ মাধ্যমেদি কম্পিউটাৰৰ কাৰ্ছৰ (Cursor) ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছিল । অনুৰুপ ধৰণৰ কাম কৰিবলৈ সমৰ্থ হৈছিল পাৰ্কিনছন ৰোগীসকলো ।
আশ্চৰ্যকৰ বিষয়টি হৈছে যে মগজুত ইলেকট্ৰ’ডযুক্ত এনে এটা বান্দৰে হেজাৰ যোজন দূৰৈত অৱস্থিত জাপানত থকা এটা ৰ’বটৰ সৈতে ইণ্টাৰনেটৰ জৰিয়তে যোগাযোগ কৰিবলৈ সক্ষম হৈছিল । অৱশ্যে এনেবোৰ ক্ষেত্ৰত বাহ্যিক সংকেতহে পঠিওৱা হৈছিল । মানুহে খোজ কঢ়াৰ সময়ত মাথোঁ দৃষ্টিশক্তিৰ জৰিয়তে দৈহিক গতিবিধি নিয়ন্ত্ৰণ নকৰে-গতিবেগ আৰু স্থিতি অটুট ৰখাৰ বাবে সংজ্ঞাবাহী তথ্যৰো (Sensory Data) দৰকাৰ হয় । গতিকে অসাৰতাত ভোগা ৰোগীসকলে বাহ্যিক জঁকা নিয়ন্ত্ৰণ কৰাৰ বাবে মগজুৰ পৰা তথা মগজুলৈ সংকেত পৰিবাহিত হ’ব লাগিব ।
গৱেষণাৰ সময়ত বান্দৰৰ লাওখোলাত বিজ্ঞানীসকলে ৰন্ধ্ৰৰ মাজেদি এনে এক মাইক্ৰ’চিপ সুমুৱাই দিয়া হৈছিল যিটো নেকি সাত শতাধিক চুলিৰ লেখীয়া ইলেকট্ৰ’ডৰ দ্বাৰা গঠিত । মগজুৰ উপৰিভাগৰ কিছু তললৈকে এনে ইলেকট্ৰ’ড সুমুৱাই দিয়া হয় । ইয়াৰে কিছু অংশই সংকেত ৰেকৰ্ডিং কৰে আৰু আন কিছুমান অংশই বাহ্যিক পৰিৱেশৰ তথ্য সংগ্ৰহ কৰে ।