অসম

assam

ETV Bharat / sukhibhava

Heart Attack: এইবিধ ৰঙা মিঠা ফলৰ আছে আচৰিত উপকাৰিতা, দূৰ কৰে হাৰ্ট এটেকৰ আশংকা - হাৰ্ট এটেকক আঁতৰাই ৰখাৰ কেইটামান সহজ উপায়

Food For Heart: হৃদযন্ত্ৰ আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ, ইয়াৰ অবিহনে জীৱন কল্পনা কৰিব নোৱাৰি । যদি আমি চিকিৎসকে কোৱা এইবিধ বিশেষ ফল খাওঁ তেতিয়া হ’লে হাৰ্ট এটেকৰ সম্ভাৱনা বহু পৰিমাণে কম কৰিব পৰা যাব ।

Strawberries for Healthy Heart
এইবিধ ৰঙা মিঠা ফলৰ আছে আচৰিত উপকাৰিতা, দূৰ কৰে হাৰ্ট এটেকৰ আশংকা

By

Published : Jul 3, 2023, 11:51 AM IST

বৰ্তমান সময়ত হৃদৰোগীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে, ইয়াৰ মূল কাৰণ হৈছে দৈনন্দিন খাদ্যাভ্যাস আৰু অনিয়মিত জীৱনশৈলী বহু পৰিমাণে দায়ী । আমি প্ৰায়ে তেলীয়া, জাংক আৰু ফাষ্ট ফুড খাই ভাল পাওঁ, যিবোৰ সোৱাদৰ ক্ষেত্ৰত অতি ভাল, কিন্তু স্বাস্থ্যৰ বাবে অতি বেয়া। ইয়াৰ ফলত আমাৰ তেজৰ শিৰাত থকা বেয়া কলেষ্টেৰল বৃদ্ধি পায়, যাৰ ফলত ক্ৰমান্বয়ে ৰক্তচাপ বৃদ্ধি পায়, যাৰ ফলত হাৰ্ট এটেক, ক’ৰ’নাৰী আৰ্টাৰী ডিজিজ আৰু ট্ৰিপল ভেছেল ডিজিজৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি পায় । এনে পৰিস্থিতিত এবিধ বিশেষ ফল খালে এই চিন্তাবোৰ দূৰ কৰিব পাৰি ।

হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ষ্ট্ৰবেৰীৰ লাভালাভ

চিকিৎসকে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে, ষ্ট্ৰবেৰী খাবলৈ যিমানেই সুস্বাদু, হৃদযন্ত্ৰৰ বাবেও সমানেই উপকাৰী । এই ৰঙা ফলবিধত ইমানবোৰ পুষ্টিকৰ উপাদান পোৱা যায় যে ইয়াক আওকাণ কৰিলে ডাঙৰ ভুল হ’ব । আজিৰ যুগত হাৰ্ট এটেক এটা ডাঙৰ ৰোগত পৰিণত হৈছে, এনে পৰিস্থিতিত হৃদযন্ত্ৰৰ সুস্বাস্থ্যৰ বাবে প্ৰতিদিনে ষ্ট্ৰবেৰী খাব লাগে, ই আপোনাক ষ্ট্ৰোকৰ আশংকাৰ পৰাও ৰক্ষা কৰিব ।

এইবিধ ৰঙা মিঠা ফলৰ আছে আচৰিত উপকাৰিতা, দূৰ কৰে হাৰ্ট এটেকৰ আশংকা

হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ষ্ট্ৰবেৰী কিয় গুৰুত্বপূৰ্ণ ?

ষ্ট্ৰবেৰীক পলিফিনলৰ সমৃদ্ধ উৎস বুলি গণ্য কৰা হয়, যিটো যৌগ স্বাস্থ্যৰ বাবে অতি উপকাৰী । ইয়াৰ লগতে ষ্ট্ৰবেৰীত প্ৰচুৰ পৰিমাণে পলিফিনল পোৱা যায়, যাৰ বাবে হাৰ্ট এটেকৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায় ।

বেয়া কলেষ্টেৰল হ্ৰাস পাব

যদি আপুনি হাৰ্ট এটেকৰ পৰা হাত সাৰিব বিচাৰে তেন্তে যিকোনো মূল্যতে তেজত থকা বেয়া কলেষ্টেৰল কম কৰাটো অতি লাগতিয়াল । বিশ্বজুৰি কৰা সকলো গৱেষণাই এইটো প্ৰমাণ কৰিছে যে ষ্ট্ৰবেৰী খালে বেয়া কলেষ্টেৰল হ্ৰাস পায়, যাৰ ফলত হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত হয় ।

এইবিধ ৰঙা মিঠা ফলৰ আছে আচৰিত উপকাৰিতা, দূৰ কৰে হাৰ্ট এটেকৰ আশংকা

লগতে পঢ়ক:How to get back lended money: টকা ধাৰে দিছিল কিন্তু এতিয়াও ঘূৰাই পোৱা নাই ? তেন্তে আপোনাৰ কামত আহিব এই তথ্য

লগতে পঢ়ক:Banana Combination: কলৰ সৈতে তথা কল খোৱাৰ পিছত ভুলতেও গ্ৰহণ নকৰিব এইসমূহ খাদ্য, এই সন্দৰ্ভত আয়ুৰ্বেদে কি কয় জানো আহক

ABOUT THE AUTHOR

...view details