দুৰ্বল জীৱনশৈলীৰ বাবে সম্প্ৰতি ডায়েবেটিচৰ দৰে দুৰাৰোগ্য ৰোগ তুলনামূলকভাৱে বৃদ্ধি হৈছে । জাংক ফুড আৰু চেনি ডায়েবেটিচৰ মূখ্য কাৰণ বুলি গণ্য কৰা হয় । কিন্তু আপুনি জানি আচৰিত হ'ব যে নিমখো হৈছে ডায়েবেটিছৰ অন্যতম কাৰণ । হয়, টাইপ ২ ডায়বেটিছৰ অন্যতম কাৰণ নিমখ । যিসকলে টাইপ ২ ডায়বেটিছৰ পৰা হাত সাৰি থাকিবলৈ বিচাৰে, তেওঁলোকে অতিৰিক্ত নিমখ খোৱা বাদ দিয়ক ।
নিমখ অবিহনে খাদ্যৰ সোৱাদ সদায় আধৰুৱা ৷ ই কেৱল খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয় স্বাস্থ্যৰ বাবেও অতি উপকাৰী বুলি বিবেচিত হয় । ইয়াত প্ৰচুৰ পৰিমাণে ছডিয়াম পোৱা যায় । কিন্তু, জোখতকৈ অধিক নিমখ খোৱাটোও স্বাস্থ্যৰ বাবে বিপদজনক হ’ব পাৰে । ইয়াৰ ফলত বহু ধৰণৰ ৰোগে দেখা দিব পাৰে ।
টুলেন বিশ্ববিদ্যালয়ত প্ৰকাশিত এক অধ্যয়নত পোহৰলৈ আহিছে সকলোকে আচৰিত কৰা এই তথ্য । বিগত ১১ বছৰ ধৰি চাৰি লাখতকৈও অধিক লোকৰ ক্ষেত্ৰত কৰা এই গৱেষণা কৰা হৈছিল । এই গৱেষণাত ১৩ হাজাৰৰো অধিক লোকৰ দেহত ধৰা পৰে টাইপ ২ ডায়েবেটিছ ।