অসম

assam

ETV Bharat / sukhibhava

Stomach pain: পেটৰ বিষৰ বাবে অতিষ্ট হৈ পৰিছে নেকি ? পাকঘৰত ৰখা এই সামগ্ৰীবিধে দিব সকাহ - পেটৰ বিষৰ পৰা কেনেকৈ সকাহ পাব পাৰি

আমি পেটৰ বিষ হোৱাৰ লগে লগে বিচলিত হৈ পৰো আৰু এই অবাঞ্চিত বিষৰ পৰা যিমান পাৰি সোনকালে পৰিত্ৰাণ পাব বিচাৰো, কিন্তু ইয়াৰ বাবে আৰু চিন্তাৰ কোনো কাৰণ নাই, কাৰণ আপোনাৰ ঘৰত ৰখা এই মছলা বিধে সকাহ দিয়াত সহায় কৰিব ।

Stomach pain
পেটৰ বিষৰ বাবে অতিষ্ট হৈ পৰিছে নেকি ? পাকঘৰত ৰখা এই সামগ্ৰীবিধে দিব সকাহ

By

Published : Aug 7, 2023, 1:41 PM IST

পেটৰ বিষ এটা সাধাৰণ সমস্যা যিটো ভুল খাদ্য খোৱাৰ পৰা আৰম্ভ কৰি পেটৰ সংক্ৰমণলৈকে বহু কাৰণত হ’ব পাৰে । এই কাৰণেই আমাৰ হজম শক্তি শুদ্ধ হ’ব লাগে অন্যথা পেটৰ বিষত ভুগিবলগীয়া হয় । যেতিয়া পেটৰ বিষ আৰম্ভ হয়, তেতিয়া দৈনন্দিন জীৱনৰ স্বাভাৱিক কাম-কাজত অসুবিধাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে । যদি আপুনি ইয়াৰ চিকিৎসা তৎক্ষণাত লাভ কৰিব নোৱাৰে, তেন্তে আপোনাৰ পাকঘৰতে ৰখা এবিধ মছলাই আপোনাৰ এই সমাধান দিবলৈ সক্ষম ।

পেটৰ বিষত হিঙে দিব সকাহ

আমি হিঙৰ কথাকেই কৈছো, যিটো সাধাৰণতে খাদ্যৰ সোৱাদ বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰা হয়, কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে ই পেটৰ বিষতো উপশম দিয়াত আপোনাক সহায় কৰিব পাৰে । দৰাচলতে ই হজম শক্তিৰ বাবে সৰ্বোত্তম এবিধ ঔষধৰ দৰে, যিয়ে কেৱল পেটৰ বিষতেই নহয়, গেছ আৰু কোষ্ঠকাঠিন্যৰ পৰাও মুক্তি দিয়াত সহায় কৰে । আমি ইয়াক কেনেকৈ গ্ৰহণ কৰিব পাৰো জানো আহক ।

এইদৰে হিং ব্যৱহাৰ কৰক

হিং চাহ

আপুনি নিশ্চয় সুস্বাস্থ্যৰ বাবে বহুবাৰ বনৌষধি চাহ খাইছে, এতিয়াৰ পৰাই আপুনি যেতিয়া পেটৰ বিষৰ সন্মুখীন হ’বলগীয়া হয়, তেতিয়া হিঙৰ চাহ এবাৰ খাই চাওক, ই পেট ফুলা আৰু এচিডিটিও আঁতৰাই পেলায় । ইয়াৰ বাবে একাপ পানী গৰম কৰি হিং, আদাৰ গুড়ি আৰু ক’লা নিমখ মিহলাই খাব লাগে ।

গৰম পানীৰে পান কৰক

যেতিয়াই পেটত বিষ হয়, তেতিয়াই ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ হিংগৰম পানীত ঘূলি একাপ চাহৰ দৰে খাব লাগে । ইয়াৰ লগে লগে আপোনাৰ হজম শক্তি উন্নত হ’ব আৰু বিপাকীয় ক্ৰিয়াও বৃদ্ধি পাব ।

হিং আৰু আদা একেলগে খাব

আদা আৰু আদাৰ সংমিশ্ৰণ স্বাস্থ্যৰ বাবে অতি উপকাৰী, ই বদহজমৰ সমস্যা দূৰ কৰে আৰু পেটৰ বিষৰ পৰাও সকাহ দিয়াত সহায় কৰে কাৰণ আদাত পাচন এনজাইম থাকে । ইয়াৰ উপৰিও হিং খালে পেট আৰু কঁকালৰ চৰ্বিও গলাবলৈ আৰম্ভ কৰে ।

লগতে পঢ়ক:Potato benifits: আলু খোৱাটো স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী ? প্ৰতিদিনে খালে কি হ’ব ? জানি লওক সকলো

ABOUT THE AUTHOR

...view details