অসম

assam

By

Published : Nov 4, 2022, 7:28 PM IST

Updated : Nov 4, 2022, 10:30 PM IST

ETV Bharat / sukhibhava

Foreign countries tour: এতিয়াৰে পৰা হাতত ধন কম হ'লেও কৰিব পাৰিব বিদেশ ভ্ৰমণ

যিসকল লোকে বিদেশ ভ্ৰমণ কৰি ভাল পায় বা জীৱনত এবাৰলৈ হ'লেও বিদেশ ভ্ৰমণৰ প্ৰৱল ইচ্ছা তেনে লোকসকল এতিয়া ডলাৰৰ বিপৰীতে ভাৰতীয় মূল্যৰ পুনৰ অৱনমন ঘটাৰ ফলত চিন্তিত হৈ পৰিছে । পাছে বৰ বিশেষ চিন্তাৰ কাৰণ নাই । যদিহে বিদেশ ভ্ৰমণৰ মন, ইফালে হাতত ধনৰ পৰিমানো কম তথাপি বিদেশৰ সুন্দৰ সুন্দৰ ঠাই ভ্ৰমণ কৰিব পাৰিব আপুনি । বিশ্বৰ কেইখনমান এনে দেশ আছে যাৰ মূল্য ভাৰতীয় টকা হিচাপত কম ।

Some of the countries in the world that are worth less in terms of Indian rupees
এতিয়াৰ পৰা হাতত ধন কম হ'লেও কৰিব পাৰিব বিদেশ ভ্ৰমণ

যিসকল লোকে বিদেশ ভ্ৰমণ কৰি ভাল পায় বা জীৱনত এবাৰলৈ হ'লেও বিদেশ ভ্ৰমণৰ প্ৰৱল ইচ্ছা তেনে লোকসকল এতিয়া ডলাৰৰ বিপৰীতে ভাৰতীয় মূল্যৰ পুনৰ অৱনমন ঘটাৰ ফলত চিন্তিত হৈ পৰিছে । পাছে বৰ বিশেষ চিন্তাৰ কাৰণ নাই । যদিহে বিদেশ ভ্ৰমণৰ মন, ইফালে হাতত ধনৰ পৰিমানো কম তথাপি বিদেশৰ সুন্দৰ সুন্দৰ ঠাই ভ্ৰমণ কৰিব পাৰিব আপুনি । বিশ্বৰ কেইখনমান এনে দেশ আছে যাৰ মূল্য ভাৰতীয় টকা হিচাপত কম(budget friendly countries where you can spend your holidays) ।

ভিয়েটনাম(Vietnam)– বিশ্বৰ সুন্দৰ সুন্দৰ দেশ সমুহৰ ভিতৰত এখন হৈছে ভিয়েটনাম । দক্ষিণ এছিয়াৰ এই দেশ খন বিশ্বতেই পৰ্যটকৰ বাবে আকৰ্ষণ। এইখন দেশত ভাৰতীয় ১ টকাৰ বিনিময়ত ২৯৪.২১ ভিয়েটনামী ডোংগ (Vietnamese dong) লাভ কৰিব । যাৰ অৰ্থ যদি আপোনাৰ হাতত ১০০ টকা আছে তেন্তে আপুনি পাব ২৯.৪২১ ডংগ ।

এতিয়াৰ পৰা হাতত ধন কম হ'লেও কৰিব পাৰিব বিদেশ ভ্ৰমণ

ইণ্ডোনেছিয়া(Indonesia)– বহুতো বৌদ্ধ আৰু হিন্দু মন্দিৰৰ সমাহাৰ এই দেশত শান্তি বিচাৰি প্ৰতি বছৰি বহু পৰ্যটকৰ আগমণ ঘটে । ইণ্ডোনেছিয়াত ১ টকাৰ বিনিময়ত পাব ১৮৮.১১ ইণ্ডোনেছিয়ান ৰুপিয়া (Indonesian rupiah), ১০০ টকাত পাব ১৮,৮৮১ ৰুপিয়া ।

এতিয়াৰ পৰা হাতত ধন কম হ'লেও কৰিব পাৰিব বিদেশ ভ্ৰমণ

পাৰাগুৱে(Paraguay)– দক্ষিণ আমেৰিকাৰ হৃদয় খ্যাত এই সুন্দৰ দেশখনৰো টকাৰ মূল্য ভাৰতীয় টকাতকৈ কম । দেশখনৰ টকাক পাৰাগুয়ান গুৱাৰানী (Paraguayan guaraní) কয়। ভাৰতীয় ১ টকাৰ বিনিময়ত ৮৬.০৮ গুৱাৰানী পোৱা যায় । ১০০ টকাৰ সলনি পাব ৮৬০৭ গুৱাৰানী ।

এতিয়াৰ পৰা হাতত ধন কম হ'লেও কৰিব পাৰিব বিদেশ ভ্ৰমণ

কোম্বোডিয়া(Cambodia)– বহুতো পুৰণি ঘৰ, পুৰণি সামগ্ৰী আদিৰে ভৰপুৰ এই কোম্বোডিয়াত প্ৰতিবছৰে লাখৰ ঘৰত লোকে ইয়াৰ মিউজিয়াম চাবলৈ যায় । ভাৰতীয় ১ টকাৰ বিনিময়ত ইয়াত লাভ কৰিব ৫১ কোম্বোডিয়ান ৰিয়েল (Cambodian riel) ৷

এতিয়াৰ পৰা হাতত ধন কম হ'লেও কৰিব পাৰিব বিদেশ ভ্ৰমণ

দক্ষিণ কোৰিয়া(South Korea)– ফেশ্বন, টেকন’লজি, কছমেটিক চাৰ্জাৰিৰ বাবে বিখ্যাত এই দেশখনৰো টকাৰ মূল্য ভাৰতীয় টকাতকৈ কম। ভাৰতীয় ১ টকাৰ সলনি এই দেশত পোৱা যাব ১৬ ছাউথ কোৰিয়ান ৱন (South Korean won)। ১০০ টকাৰ সলনি লাভ কৰিব ১৬০০ ৱন । কেৱল এই কেইখনেই দেশ নহয়, ইয়াৰ উপৰিও আছে কেইখনমান দেশ য’ত ভাৰতীয় মূল্য অধিক শক্তিশালী সেই দেশতকৈ । যাৰ ফলত কম খৰচতে আপুনি সেই দেশ ভ্ৰমণ কৰিব পাৰিব ।

এতিয়াৰ পৰা হাতত ধন কম হ'লেও কৰিব পাৰিব বিদেশ ভ্ৰমণ

তেনে কেইখনমান দেশ হৈছে- শ্ৰীলংকা (Sri Lanka) ১ টকা= ২.৫৬, নেপাল (Nepal) ১ টকা= ১.৬০, আইচলেণ্ড (Iceland) ১ টকা= ১.৭৩, হাংগেৰী (Hungary) ১ টকা= ৪.১৭, জাপান (Japan) ১ টকা= ১.৫৫, মোংগোলিয়া (Mongolia)১ টকা= ৩৮.৪০, কোষ্টাৰিকা (Costa Rica)১ টকা= ৮.০০, পাকিস্তান (Pakistan) ১ টকা= ২.১৯ আদি ।

লগতে পঢ়ক:Lung Cancer Awareness Month: হাঁওফাঁওৰ কৰ্কট ৰোগৰ বাবে কেৱল সজাগতাই নহয়, প্ৰতিৰোধ প্ৰচেষ্টাও প্ৰয়োজনীয়

Last Updated : Nov 4, 2022, 10:30 PM IST

ABOUT THE AUTHOR

...view details