অসম

assam

ETV Bharat / sukhibhava

দৃষ্টিশক্তি বৃদ্ধি কৰিব বিচাৰে নেকি ? তেন্তে আজিয়েই খাওক এইসমূহ খাদ্য - মিঠা আলু

বহুসংখ্যক লোকে ভাৱে যে বয়স বৃদ্ধিৰ ফলত বা চকুত অধিক কষ্ট পোৱাৰ ফলত দৃষ্টিশক্তি কম হোৱাটো অনিবাৰ্য । কিন্তু অৱহেলা কৰা অথবা নিতৌ সলনি হৈ থকা জীৱনশৈলীৰ বাবে চকুৰ সমস্যাৰ সৃষ্টি হোৱাৰ আশংকা বৃদ্ধি পাব পাৰে । বিভিন্ন ধৰণৰ ভিটামিন, পুষ্টিকৰ উপাদান, খনিজ পদাৰ্থৰ প্ৰচুৰ পৰিমাণে থকা খাদ্য খালে চকুৰ গুৰুতৰ ৰোগৰ পৰা হাত সাৰিবলৈ সক্ষম হ’ব পাৰে । সেয়ে জানো আহক এনে কেইবিধমান পুষ্টিকৰ খাদ্যৰ বিষয়ে যিয়ে আমাৰ দৃষ্টিশক্তি বৃদ্ধি হোৱাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে-

Some healthy Foods To Boost your Eye vision
দৃষ্টিশক্তি বৃদ্ধি কৰিব বিচাৰে নেকি ? তেন্তে আজিয়েই খাওক এইসমূহ খাদ্য

By

Published : Sep 5, 2022, 11:02 PM IST

বহু সংখ্যক লোকে ভাৱে যে বয়স বৃদ্ধিৰ ফলত বা চকুত অধিক কষ্ট পোৱাৰ ফলত দৃষ্টিশক্তি কম হোৱাটো অনিবাৰ্য । কিন্তু অৱহেলা কৰা নিতৌ সলনি হৈ থকা জীৱনশৈলীৰ বাবে চকুৰ সমস্যাৰ সৃষ্টি হোৱাৰ আশংকা বৃদ্ধি পাব পাৰে । এই ক্ষেত্ৰত সুষম খাদ্য গ্ৰহণ কৰাটোও আমাৰ বাবে অতি প্ৰয়োজনীয়, কাৰণ ই চকুৰ সৈতে জড়িত সমস্যাসমূহৰ সম্ভাৱনা কমাব পাৰে ।

বিভিন্ন ধৰণৰ ভিটামিন, পুষ্টিকৰ উপাদান, খনিজ পদাৰ্থৰ প্ৰচুৰ পৰিমাণে থকা খাদ্য খালে চকুৰ গুৰুতৰ ৰোগৰ পৰা হাত সাৰিবলৈ সক্ষম হ’ব পাৰে(Some healthy Foods To Boost your Eye vision) । সেয়ে জানো আহক এনে কেইবিধমান পুষ্টিকৰ খাদ্যৰ বিষয়ে যিয়ে আমাৰ দৃষ্টিশক্তি বৃদ্ধি হোৱাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে-

মিঠা আলু(Sweet Potato): চকুৰ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এন্টিঅক্সিডেন্টত এবিধ বিটা কেৰটিন প্ৰচুৰ পৰিমাণে থাকে । চকুৰ ভিতৰত পোহৰ ধৰা পেলোৱা ৰিচেপ্টৰ গঠন কৰাৰ বাবে ই মানুহৰ দৃষ্টিশক্তি উন্নত কৰাৰ বাবে অতি উত্তম ।

ডালিম(Pomegranate): খাদ্যত ডালিমৰ ফুল মিহলাই প্ৰদাহজনিত প্ৰতিক্ৰিয়াৰ চিকিৎসাৰ বাবে ভাল বুলি গণ্য কৰা হয় । তদুপৰি, ই দৃষ্টিশক্তি উন্নত কৰাত সহায় কৰে ।

আম আৰু অমিতা(Mango and Papaya): আম আৰু অমিতাত ভিটামিন এ থকাৰ বাবে ই চকুৰ স্বাস্থ্য ৰক্ষাৰ বাবে উপকাৰী ।

চেৰী(Cherry): চেৰীয়ে চকুৰ গঠন প্ৰদান কৰে কাৰণ ইয়াত ভিটামিন চি’ৰ পৰিমাণ বেছি থাকে, যিটো কলাজেন উৎপাদনৰ বাবে অতি প্ৰয়োজনীয় । কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে ভিটামিন চিয়ে চকুৰ ছানি পৰা ৰোধ কৰিব পাৰে ।

আন কিছুমান খাদ্য সামগ্ৰী যিয়ে দৃষ্টিশক্তি বৃদ্ধি হোৱাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে সেইবোৰ হ’ল পীচ, তৰমুজ, মেথি (মেথিৰ পাত) আৰু কচু আদি । এই খাদ্যবোৰ আপোনাৰ খাদ্য তালিকাত যোগ দিয়ক আৰু ইয়াৰ ফলাফল নিজেই চাওক । (Disclaimer: এই প্ৰবন্ধৰ তথ্য সাধাৰণ তথ্যৰ ওপৰত আধাৰিত)

লগতে পঢ়ক :দৃষ্টিশক্তি হেৰুওৱাৰ অন্যতম কাৰণ হ'ব পাৰে কেটেৰেক্ট

ABOUT THE AUTHOR

...view details