নেশ্যনেল ডেস্ক, 7 জানুৱাৰী :এটা অধ্যয়নৰ জৰিয়তে লাভ কৰা নতুন তথ্যই প্ৰমাণ কৰি দেখুৱাইছে যে যিসকল মহিলাই তেওঁলোকৰ গৰ্ভধাৰণৰ প্ৰথমাৱস্থাত ধূমপান কৰে তেওঁলোকে ধূমপান নকৰা মহিলাসকলৰ তুলনাত দ্বিতীয় গৰ্ভধাৰণৰ সময়ত অপৈণত শিশু জন্ম দিয়াৰ সম্ভাৱনা অধিক (Smoking during pregnancy linked to smaller babies) ৷
গৰ্ভধাৰণৰ সময়ত কৰা ধূমপানৰ লগত কেঁচুৱা জন্মৰ পিছত কেঁচুৱাৰ ওজনক লৈও এই ৰিচাৰ্ছত নতুন নতুন তথ্য় পোৱা গৈছে ৷ এই অধ্যয়নত গৱেষকসকলে তথ্য লাভ কৰিছে যে কোনো এটা গৰ্ভধাৰণতে ধূমপান নকৰা মহিলাসকলৰ অপৈণত শিশু জন্ম দিয়াৰ কোনো অৱকাশ নাথাকে ৷ দুটা গৰ্ভধাৰণৰ মাজৰ সময়ছোৱাত ধূমপান কৰিলেও অপৈণত শিশু (Small for gestational age) অথবা (SGA) জন্মৰ প্ৰৱণতা ধূমপান নকৰা মহিলাৰ ক্ষেত্ৰত প্ৰায় নগণ্য ৷
এগৰাকী মাতৃ যিয়ে প্ৰথম দুটা গৰ্ভধাৰণৰ প্ৰাৰম্ভিক সময়ত প্ৰতিদিনে 10 টা বা 10 টাতকৈ অধিক চিগাৰেট সেৱন কৰিছিল তেওঁলোকৰ ক্ষেত্ৰ অপৈণত শিশু জন্ম দিয়াৰ প্ৰৱণতা সৰ্বাধিক ৷ এই অধ্যয়নটোৰ নেতৃত্বত থকা University of Southampton ৰ জনস্বাস্থ্য বিভাগৰ সহযোগী অধ্যাপক Dr. Nisreen Alwan এ কৈছে, মহিলাসকলক ধূমপান ত্যাগ কৰিবলৈ উৎসাহিত কৰাৰ লগতে কেঁচুৱা জন্মৰ পিছত পুনৰাই যাতে ধূমপান নকৰে তাৰ প্ৰতি সজাগ কৰি তুলিব লাগে ৷