ব্লাইণ্ডবোৰ (Blind) বন্ধ কৰক, পৰ্দাবোৰ টানি লওক আৰু শোৱাৰ পূৰ্বে সকলো লাইট বন্ধ কৰক । সাধাৰণ পোহৰত নিশা টোপনি যোৱা বা ক্ষীণ পোহৰৰ কোঠাত শোৱাটো আপোনাৰ কাৰ্ডিওভাস্কুলাৰ কাৰ্যক্ষমতা ক্ষতিগ্ৰস্ত কৰে আৰু পিছদিনা পুৱা আপোনাৰ ইনচুলিন প্ৰতিৰোধ বৃদ্ধি কৰে । নৰ্থৱেষ্টাৰ্ণ মেডিচিন অধ্যয়নৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে ।
নৰ্থৱেষ্টাৰ্ণ ইউনিভাৰ্চিটি ফেইনবাৰ্গ স্কুল অফ মেডিচিনৰ নিদ্ৰা ঔষধৰ (Sleep medicine) মুখ্য আৰু নৰ্থৱেষ্টাৰ্ণ মেডিচিন চিকিৎসক ড০ ফিলিছ জিয়ে কয় যে এই অধ্যয়নত দেখা গৈছে যে টোপনিৰ সময়ত কোঠাত সাধাৰণ পোহৰ থাকিলেও মাত্ৰ এটা নিশাতে গ্লুক'জ আৰু কাৰ্ডিওভাস্কুলাৰ প্ৰভাৱান্বিত হয় । যি হৃদৰোগ, ডায়েবেটিচ আৰু মেটাবলিক চিণ্ড্ৰোমৰ দৰে জটিল সমস্যাৰ কাৰক (Sleeping in a lit room can affect health)। তেওঁৰ মতে পোহৰৰ কোনো উৎস নোহোৱাকৈ টোপনি যোৱাৰ অভ্যাস গঢ়ি তোলাটো সকলোৰে বাবে গুৰুত্বপূৰ্ণ ।
ইতিমধ্যে প্ৰমাণ হৈছে যে দিনৰ ভাগত পোহৰৰ সংস্পৰ্শলৈ আহিলে সহানুভূতিশীল স্নায়ুতন্ত্ৰ সক্ৰিয়কৰণৰ জৰিয়তে হৃদস্পন্দন বৃদ্ধি হয় আৰু দিনটোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সতৰ্কতা বৃদ্ধি কৰে ।চিকিৎসকগৰাকীয়ে কয় যে অধ্যয়নটোত স্পষ্ট হৈছে যে নিশা পোহৰৰ মাজত টোপনি যোৱাৰ সময়তো একে ধৰণৰ প্ৰভাৱ পৰে । এই অধ্যয়নটো প্ৰচিডিংছ অৱ দ্য নেচনেল একাডেমী অফ চাইন্সেছ (PNAS) আলোচনীত প্ৰকাশ পাইছে ।
পোহৰ থকা কোঠাত হৃদস্পন্দন বৃদ্ধি হয় আৰু শৰীৰে সঠিকভাৱে জিৰণি ল'ব নোৱাৰে
নৰ্থৱেষ্টাৰ্ণৰ নিউৰোলজীৰ গৱেষণক অধ্যাপক ড. ডেনিয়েলা গ্ৰিমল্ডীয়ে কয় যে মানুহে যেতিয়া কম পোহৰৰ কোঠাত শোৱে তেতিয়া হৃদস্পন্দনৰ হাৰ বৃদ্ধি হোৱা দেখা পাইছিলো । যদিও মানুহজনে শুই থাকে, কিন্তু অট'ন'মিক স্নায়ুতন্ত্ৰ সক্ৰিয় হৈ থাকে । সেয়া স্বাস্থ্যৰ বাবে বেয়া । সাধাৰণতে, মানুহৰ হৃদস্পন্দনৰ হাৰ অন্যান্য কাৰ্ডিওভাস্কুলাৰৰ তুলনাত নিশা কম আৰু দিনত অধিক হয় ।
দিন আৰু ৰাতি আমাৰ শৰীৰটোক নিয়ন্ত্ৰণ কৰিবলৈ 'sympathetic' আৰু 'parasympathetic' স্নায়ুতন্ত্ৰ আছে । 'Sympathetic' স্নায়ুতন্ত্ৰই দিনত কাম কৰে আৰু 'Parasympathetic' ৰাতি কাম কৰে ।
নিশা পোহৰত টোপনি যোৱাৰ ফলত ডায়েবেটিচ আৰু মেদবহুলতা কেনেদৰে হ'ব পাৰে
গৱেষকসকলে দেখিছে যে পোহৰ কোঠাত শুই থকাৰ পিছদিনা পুৱা মানুহৰ ইনচুলিন প্ৰতিৰোধ বৃদ্ধি হয় । ইনচুলিন প্ৰতিৰোধ হৈছে যেতিয়া আপোনাৰ পেশী, চৰ্বি আৰু যকৃতৰ কোষবোৰে ইনচুলিনৰ প্ৰতি ভাল দৰে সঁহাৰি নিদিয়ে আৰু শক্তিৰ বাবে আপোনাৰ তেজৰ পৰা গ্লুকোজ ব্যৱহাৰ কৰিব নোৱাৰে । ইয়াক পূৰণ কৰিবলৈ, আপোনাৰ অগ্ন্যাশয়ে অধিক ইনচুলিন প্ৰস্তুত কৰে । সময়ৰ লগে লগে, আপোনাৰ ৰক্ত শৰ্কৰা বৃদ্ধি হয় ।
'JAMA Internal Medicine'ত প্ৰকাশিত এক পূৰ্বৰ অধ্যয়ন অনুসৰি পোহৰ কোঠাত টোপনি যোৱা একাংশ লোকৰ ওপৰত অধ্যয়ন কৰা হৈছিল । নৰ্থৱেষ্টাৰ্ণ মেডিচিন চিকিৎসক ড০ ফিলিছ জিয়ে কোৱা মতে সেইসকল লোকৰ ওজন অধিক আছিল আৰু মেদবহুলতাৰ সমস্যা আছিল ।