বয়সস্থ লোকৰ মাজত টোপনিৰ সমস্যাৰ বিষয়ে হয়তো আপুনি বহুবাৰ বহু কথা শুনি আহিছে । কিন্তু আপুনি জানেনে যে অনিদ্ৰাৰ সমস্যা কেৱল বয়োজ্যেষ্ঠ লোককেই নহয়, শিশুকো আমনি কৰে(Sleep Disorder Symptoms In Kids) ।
এক গৱেষণাত এই তথ্য প্ৰকাশ পাইছে যে, ৬ মাহৰ পৰা কৈশোৰ কাললৈ শিশুৰ টোপনিৰ সমস্যা দেখা দিব পাৰে । কিন্তু শিশুৰ মাজত এই সমস্যা ধৰা পেলোৱাটো অলপ কঠিন হৈ পৰে । টোপনিৰ অভাৱৰ বাবে শিশুৰ মাজত খিংখিঙীয়া, খং, ভালদৰে খাদ্য গ্ৰহণ নকৰা, পেটৰ সৈতে জড়িত সমস্যা, এলেহুৱা ভাৱ আদি সমস্যাবোৰ সাধাৰণ হৈ পৰে(Signs of Sleep Problems in Children) । শিশুৰ টোপনিৰ বিসংগতি হ’লে ইয়াৰ লক্ষণসমূহ কি কি আৰু ইয়াক প্ৰতিৰোধৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰা উচিত বিতংভাৱে জানো আহক(Sleep Disorders in Children Symptoms and Treatments) ৷
শিশুৰ টোপনিৰ বিসংগতি হ’লে এই লক্ষণবোৰ দেখা দিয়ে-
- ৰাতি দেৰিকৈ শুই পুৱা সোনকালে সাৰ পোৱা ।
- ৰাতি বাৰে বাৰে সাৰ পোৱা আৰু তাৰ পিছত আকৌ টোপনি অহাত অসুবিধা অনুভৱ কৰা ।
- দিনটোত ১০ৰ পৰা ১৫ মিনিটৰ কেইবাবাৰো টোপনি মাৰা ।
- খেলাৰ সলনি নিৰৱে বহি থকা । নিয়মীয়া খাদ্য গ্ৰহণ হ্ৰাস কৰা ।
- সকলো সময়তে এলেহুৱা অনুভৱ কৰা ।
- সৰু সৰু কথাবোৰত খং আৰু খিংখিঙীয়া অনুভৱ কৰা ।