আমাৰ শৰীৰে নিতৌ এটা যন্ত্ৰৰ দৰে কাম কৰে । অবিৰতভাৱে কাম কৰিবৰ বাবে আমি আমাৰ শৰীৰটোক কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বি আদি খাদ্যৰ ৰূপত যোগান ধৰিব লাগে । কিন্তু এইবোৰৰ উপৰিও Six Flavorsয়ে আমাৰ স্বাস্থ্যৰ বাবেও বহু উপকাৰী(Six Flavors and their Healthy Aspects) । আয়ুৰ্বেদত কোৱা হৈছে যে, দৈনন্দিন খাদ্যৰ তালিকাত এই ছটা সোৱাদ থকাটো বৰ লাভদায়ক । এই সোৱাদবোৰৰ স্বাস্থ্য উপকাৰীতা অমূল্য । আয়ুৰ্বেদিক চিকিৎসক ডাঃ গায়ত্ৰী দেৱীয়ে এই ছটা ফ্লেভাৰৰ উপকাৰিতাৰ বিষয়ে এনেদৰে ব্যাখ্যা কৰে..
মিঠা(Sweet) : প্ৰকৃতিয়ে যোগান ধৰা মিঠা খাদ্য আমাৰ স্বাস্থ্যৰ বাবে অতি লাভদায়ক । যদি আপুনি এটা সুস্থ শৰীৰৰ অধিকাৰী হ'ব বিচাৰিছে তেন্তে কুঁহিয়াৰ, গুড়, চাউল, মাহজাতীয় শস্য, বীটৰ তৰকাৰী আদি মিঠা খাদ্য আপোনাৰ খাদ্যৰ অংশ হোৱাটো খুবেই জৰুৰী । এয়া গ্ৰহণ কৰিলে আপোনাৰ মনটো সন্তুষ্ট হ'ব । শিশুৰ বৃদ্ধিত ই যথেষ্ট সহায় কৰে । প্ৰতিটো কোষ সুস্থ হৈ বাঢ়ে ।
টেঙা(Sour) : আমাৰ স্বাস্থ্যৰ বাবে টেঙা খাদ্য অতি প্ৰয়োজনীয় । কিন্তু, মিঠা বস্তু খোৱা পৰ্যায়লৈকে টেঙা খাদ্য কেতিয়াও গ্ৰহণ নকৰিব । ই ভোক আৰু হজম শক্তি বৃদ্ধি কৰে, লগতে কোষ্ঠকাঠিন্য ৰোধ কৰাত সহায় কৰে । টেঙা খাদ্যই ডিহাইড্ৰেচন ৰোধ কৰে আৰু প্ৰস্ৰাৱ মসৃণভাৱে হোৱাত সহায় কৰে ।
নিমখীয়া(Salty) : নিমখ অতি প্ৰয়োজনীয় কাৰণ ই ভোক আৰু হজম শক্তি বৃদ্ধি কৰে । ই পেটত গেছ ৰোধ কৰাত সহায় কৰে । কিন্তু অত্যধিক নিমখ খালে ছালত বলিৰেখা, চুলি বগা হোৱা, চুলি সৰি বৃক্কৰ ক্ষতিও হ'ব পাৰে ।