অসম

assam

ETV Bharat / sukhibhava

Mental health tips: সামান্য পৰিমাণে দ্ৰুত গতিত খোজ কঢ়াই হতাশাৰ সৈতে যুঁজ দিয়াত সহায় কৰে - হতাশাৰ সৈতে যুঁজাৰ উপায়

হতাশাৰ পৰা বাচিবলৈ আপুনি জিমলৈ ন’গলেও হ’ব বা গধুৰ ওজন হাতত তুলি ন’ললেও হ’ব ৷ সামান্য পৰিমাণে দ্ৰুত গতিত খোজ কাঢ়িয়েই মানসিক অশান্তি দূৰ কৰিব পাৰব আপুনি (Mental health tips), এটা অধ্যয়নত প্ৰকাশ পাইছে এই কথা ৷

Simple brisk walk
দ্ৰুত গতিত খোজ কঢ়াই হতাশাৰ সৈতে যুঁজ দিয়াত সহায় কৰে

By

Published : Apr 16, 2022, 5:44 PM IST

বৰ্তমান প্ৰজন্মৰ মাজত হতাশাগ্ৰস্তাতাই বাৰুকৈয়ে শিপাইছে (depression in youths) ৷ এই হতাশাৰ স্বীকাৰ হৈ বহুতে বহু সময়ত নানা ধৰণৰ সিদ্ধান্তৰে নিজৰ জীৱন ধ্বংস কৰি পেলাইছে ৷ আজিকালি হতাশা, মানসিক অশান্তি এইবোৰৰ ওপৰত সকলোৱে মুকলিকৈ আলোচনা কৰিবলৈ লৈছে (Awareness program on depression) ৷ অলপতে কেমব্ৰিজ আৰু চিডনী বিশ্ববিদ্যালয়কে ধৰি আন্তৰ্জাতিক গৱেষকৰ এটা দলে হতাশা দবৰ কৰাৰ ওপৰত এক অধ্যয়ন চলাইছিল ৷

দলটোৰ নেতৃত্বত কৰা অধ্যয়নটোত দেখুওৱা হৈছে যে সপ্তাহত প্ৰায় 1.25 ঘণ্টা দ্ৰুতগতিত খোজ কাঢ়িলে ব্যায়াম নকৰাকৈয়ে হতাশাৰ আশংকা 18 শতাংশ হ্ৰাস হ'ব পাৰে (how to fight with depression) । জে.এ.এম.এ. মনোৰোগ বিজ্ঞান আলোচনীত প্ৰকাশিত কাকতখনত, অধ্যয়নটোৰ লেখক সকলে প্ৰকাশ কৰিছিল, "বেছিভাগ লাভালাভ তেতিয়া অনুভৱ কৰা হয় যেতিয়া কোনো কাৰ্যকলাপ নকৰাকৈ থকাৰ পিছত যিকোনো এটা কাৰ্যকলাপ নিয়মীয়াকৈ কৰিবলৈ লোৱা হয়" ।

দলটোৱে হতাশা হ্ৰাস কৰিবলৈ কিমান ব্যায়ামৰ প্ৰয়োজন সেইয়া নিৰ্ধাৰণ কৰিব বিচাৰিছিল ৷ তাৰ বাবে তেওঁলোকে 15 টা অধ্যয়নৰ মেটা-বিশ্লেষণ কৰিবলৈ 190,000 ৰো অধিক লোকক অন্তৰ্ভুক্ত কৰিছিল ৷ তেওঁলোকে লাভ কৰা ফলাফলবোৰে দেখুৱাইছিল যে "নিয়মীয়াকৈ হাতত লোৱা এটা কাম যি প্ৰতি সপ্তাহত 2.5 ঘণ্টাত দ্ৰুত খোজ কঢ়াৰ সৈতে সমান হয় ই হতাশাৰ আশংকা 25 শতাংশলৈ কম কৰে" ৷

ইয়েল বিশ্ববিদ্যালয়ৰ মনোৰোগ বিজ্ঞানৰ সহকাৰী অধ্যাপক লেখক এডাম চেক্ৰাউডে চি.এন.এনক কৈছিল, " সপ্তাহত মাত্ৰ তিনিবাৰকৈ খোজ কাঢ়িলেও সেইসকল লোকৰ ব্যায়াম নকৰা মানুহতকৈ মানসিক স্বাস্থ্য উন্নত হৈ থাকে । 2018 চনৰ এক অধ্যয়নত দেখা গৈছে যে সপ্তাহত তিনিৰ পৰা পাঁচবাৰ 45 মিনিটৰ সময়ৰ বাবে ব্যায়াম কৰাটো মানসিক স্বাস্থ্য উন্নত কৰাৰ বাবে আটাইতকৈ লাভজনক (Benefits of walking) । আনকি ঘৰুৱা কাম কৰিলেও মানসিক অশান্তি প্ৰায় 10 শতাংশলৈ হ্ৰাস হয় বুলি অধ্যয়নটোত প্ৰকাশ পাইছিল ।

২০২০ চনত প্ৰকাশিত আন এটা অধ্যয়নত দেখা গৈছিল যে আনকি মৃদু ব্যায়ামেও শিশুসকলক হতাশাত আক্ৰান্ত হোৱাৰ পৰা সুৰক্ষিত কৰি ৰাখিছিল । 2020 চনৰ এক অধ্যয়নত দেখুওৱা হৈছিল যে 12 বছৰ বয়সত প্ৰতিদিনে কৰা 60 মিনিটৰ সৰল কাৰ্যকলাপে 18 বছৰ বয়সত হ’ব পৰা হতাশাৰ পৰিমাণ 10 শতাংশলৈ হ্ৰাস কৰাৰ সৈতে সম্পৰ্কিত । CNN এ প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি এনেধৰণৰ কাৰ্য কলাপ বোৰৰ ভিতৰত আছিল দৌৰা, বাইক চলোৱা আৰু খোজ কঢ়া ৷ তাৰ সমান্তৰালকৈ ঘৰুৱা কাম কৰা, পেইণ্টিং কৰা, বাদ্যযন্ত্ৰ বজোৱা ইত্যাদি ৷

লগতে পঢ়ক:মানসিক ৰোগীৰ ক্ষেত্ৰত ক'ভিড সংক্ৰমণৰ আশংকা বেছি

ABOUT THE AUTHOR

...view details