ক'ভিড-19 সন্দৰ্ভত কৰা অধ্যয়নত এক চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে বিজ্ঞানীসকলে । গৱেষণাৰ মতে, ক’ৰ’না ভাইৰাছে পাৰ্কিনছন ৰোগৰ (Parkinson's disease) দৰেই মগজুৰ অংশ ফুলি উঠাৰ দৰে প্ৰতিক্ৰিয়াক সক্ৰিয় কৰি তোলে(Corona virus causing swelling in the brain) ।
‘ইউনিভাৰ্চিটি অৱ কুইন্সলেণ্ড’ৰ নেতৃত্বত এই গৱেষণাৰ সৈতে জড়িত দলটোৱে ক’ৰ’নাত আক্ৰান্ত লোকৰ নিউৰ’ডিজেনেৰেটিভ অৱস্থাৰ ভৱিষ্যতৰ সম্ভাৱ্য বিপদ চিনাক্ত কৰিছে । নেচাৰছ মলিকুলাৰ চাইকিয়াট্ৰিত প্ৰকাশ পাইছে এই অধ্যয়নৰ প্ৰতিবেদন ।
ভাইৰাছৰ দ্বাৰা আক্ৰান্ত কোষ: মুখ্য লেখক অধ্যাপক উড্ৰাফে কয় যে, আমি মগজুৰ ইমিউন কোষ মাইক্ৰ’গ্লিয়াত ভাইৰাছৰ প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰিলোঁ, যিবোৰ পাৰ্কিনছন আৰু আলঝেইমাৰৰ দৰে মগজুৰ ৰোগৰ বৃদ্ধিৰ সৈতে জড়িত মূল কোষ(Virus-infected cells) ।
তেওঁ কয় যে, আমাৰ দলটোৱে পৰীক্ষাগাৰত মানৱ মাইক্ৰ’গ্লিয়াৰ ওপৰত অধ্যয়ন কৰিছিল আৰু আৰু এই তথ্যত পোহৰলৈ আহিছিল যে, কোষবোৰক ক'ভিড-১৯ৰ কাৰণ হোৱা ভাইৰাছ SARS-Cov-2 দ্বাৰা সংক্ৰমিত কৰিছিল । গৱেষকসকলে বিচাৰি উলিয়াইছে, ইয়াৰ ফলত মগজুৰ অংশ ফুলি উঠে, যিটো পাৰ্কিনছন আৰু আলঝেইমাৰৰ দৰেই হয় ।
লগতে পঢ়ক:Malaria antidote: ছমাহলৈ মেলেৰিয়াৰ পৰা সুৰক্ষা দিব পৰা প্ৰতিষেধক প্ৰস্তুত কৰি উলিয়ালে গৱেষকে