অসম

assam

ETV Bharat / sukhibhava

Shardiya Navratri 2022:কোন আছিল মা শৈলপুত্ৰী ? শৈলপুত্ৰীৰ পূজাৰ বিষয়ে সমষ্ট ইয়াতে জানি লওক - নৱৰাত্ৰিৰ সময়ত মা দুৰ্গাৰ ৯টা ৰূপ

নৱৰাত্ৰিৰ সময়ত মা দুৰ্গাৰ ৯টা ৰূপক পূজা কৰা হয় । বৃষভৰ ওপৰত স্থিতা শৈলপুত্ৰী মাতৃৰ সোঁ হাতত শূল আৰু বাওঁহাতত কমল পুষ্প সুশোভিত । ন-গৰাকী দুৰ্গাৰ মাজত তেওঁ হৈছে প্ৰথম দুৰ্গা । ইয়াৰ পূৰ্ব জন্মত তেওঁ প্ৰজাপতি দক্ষৰ কন্যা ৰূপে জন্ম গ্ৰহণ কৰিছিল । তেতিয়া তেওঁৰ নাম আছিল 'সতী'।

Shardiya Navratri 2022 Puja vidhi and mantras to worship Maa Shailputri
কোন আছিল মা শৈলপুত্ৰী ? শৈলপুত্ৰীৰ পূজাৰ বিষয়ে সমষ্ট ইয়াতে জানি লওক

By

Published : Sep 26, 2022, 12:17 PM IST

Updated : Sep 26, 2022, 12:42 PM IST

নৱৰাত্ৰিৰ সময়ত মা দুৰ্গাৰ ৯টা ৰূপক পূজা কৰা হয় । এইবাৰ নৱৰাত্ৰী ২০২২ চনৰ ২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব আৰু ২০২২ চনৰ ৪ অক্টোবৰত শেষ হ’ব । বিশ্বাস কৰা হয় যে, মা দুৰ্গাৰ নটা ৰূপ অতি প্ৰভাৱশালী আৰু সকলো ইচ্ছা পূৰণ কৰে । নৱৰাত্ৰিৰ এই ৯টা দিনত দেৱীৰ ৯টা ৰূপৰ পূজা কৰা হয় ৷ শাস্ত্ৰত বৰ্ণনা কৰা মতে দেৱীৰ এই ৯টা ৰূপৰ নাম হ’ল–১.শৈলপুত্ৰী, ২.ব্ৰহ্মচাৰিণী, ৩.চন্দ্ৰঘণ্টা, ৪.কুষ্মাণ্ডা, ৫.স্কন্দমাতা, ৬.কাত্যায়নী, ৭.কালৰাত্ৰি, ৮.মহাগৌৰী, ৯.সিদ্ধিদাত্ৰী । কোৱা হয় যে, নৱৰাত্ৰিত যিয়ে মাতৃৰ এই নটা ৰূপৰ বৰ্ণনা আৰু কাহিনী শ্ৰদ্ধাৰে শুনে বা পাঠ কৰে, তেতিয়া মাতৃ তেওঁৰ ওপৰত সন্তুষ্ট হয় আৰু তেওঁৰ বিশেষ কৃপা থাকে(Shardiya Navratri 2022) ।

কোন আছিল মা শৈলপুত্ৰী ? শৈলপুত্ৰীৰ পূজাৰ বিষয়ে সমষ্ট ইয়াতে জানি লওক

মা শৈলপুত্ৰী কোন ?

মা দুৰ্গা নিজৰ প্ৰথম স্বৰূপত “শৈলপুত্ৰী” নামেৰে জনাজাত । পৰ্ব্বত ৰাজ হিমালয়ৰ তাত পুত্ৰী ৰূপে জন্ম লোৱা বাবে এই “শৈলপুত্ৰী” নাম হৈছিল । বৃষভৰ ওপৰত স্থিতা শৈলপুত্ৰী মাতৃৰ সোঁ হাতত শূল আৰু বাওঁহাতত কমল পুষ্প সুশোভিত । ন-গৰাকী দুৰ্গাৰ মাজত তেওঁ হৈছে প্ৰথম দুৰ্গা । ইয়াৰ পূৰ্ব জন্মত তেওঁ প্ৰজাপতি দক্ষৰ কন্যা ৰূপে জন্ম গ্ৰহণ কৰিছিল । তেতিয়া তেওঁৰ নাম আছিল 'সতী'। ভগৱান শংকৰৰ সৈতে সতীৰ বিবাহ হৈছিল ।

কিন্তু প্ৰজাপতি এই বিবাহৰ সম্পূৰ্ণ বিৰোধী আছিল । এবাৰ প্ৰজাপতি দক্ষই বৰ ডাঙৰকৈ এটি যজ্ঞ অনুষ্ঠিত কৰিছিল । কিন্তু ভগৱান শংকৰক তেওঁ নিমন্ত্ৰিত নকৰিলে । পিছে সতীৰ প্ৰবল আগ্ৰহ দেখি ভগৱান শংকৰে তেওঁক পিতৃ-গৃহলৈ যোৱাৰ বাবে অনুমতি প্ৰদান কৰিলে । পিতৃ-গৃহলৈ গৈ দেখিলে যে তাত প্ৰতিটো ক্ষেত্ৰত, চাৰিওপিনে ভগৱান শংকৰৰ প্ৰতি তিৰস্কাৰৰ ভাবহে পৰিপূৰ্ণ ।

কোন আছিল মা শৈলপুত্ৰী ? শৈলপুত্ৰীৰ পূজাৰ বিষয়ে সমষ্ট ইয়াতে জানি লওক

নিজৰ স্বামী ভগৱান শংকৰৰ প্ৰতি এনে ঘোৰ অপমান তেওঁৰ অসহ্য হৈ উঠিল । তেওঁ তৎক্ষণাত তাত যোগাগ্নি প্ৰজ্বলিত কৰি নিজৰ সেই ৰূপটোকে ভস্মীভূত কৰি পেলালে । যোগাগ্নিৰে নিজ শৰীৰক ভস্মীভূত কৰাৰ পিছত সতী শৈলৰাজ হিমালয়ৰ পুত্ৰীৰূপে পৰৱৰ্তী জন্মগ্ৰহণ কৰিলে । তেওঁ তেতিয়া “শৈলপুত্ৰী”নামেৰে জনাজাত হ’ল । ‘পাৰ্বতী’, ‘হৈমৱতী’ও তেওঁৰ অন্য নাম ।

উপনিষদৰ এটি আখ্যান অনুসৰি ‘হৈমৱতী’ স্বৰূপ ধাৰণ কৰি দেৱতাসকলৰ দৰ্প চূৰ্ণ কৰিছিল । ‘শৈলপুত্ৰী’ৰ বিবাহো ভগৱান শংকৰৰ সৈতেহে হৈছিল । ন-গৰাকী দুৰ্গাৰ মাজত প্ৰথম ‘শৈলপুত্ৰী’ দুৰ্গাৰ মহিমা আৰু শক্তি অনন্ত । নৱৰাত্ৰি পূজনৰ প্ৰথম দিনা এই শৈলপুত্ৰীৰ পূজা আৰু উপাসনা কৰা হয় ।

কোন আছিল মা শৈলপুত্ৰী ? শৈলপুত্ৰীৰ পূজাৰ বিষয়ে সমষ্ট ইয়াতে জানি লওক

মা শৈলপুত্ৰীৰ পূজা পদ্ধতি আৰু সময়:

নৱৰাত্ৰিৰ প্ৰথম দিনা সূৰ্য উদয়ৰ আগতেই উঠি গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে । ইয়াৰ পিছত গংগাজলৰ সৈতে মন্দিৰৰ থাপনা পৰিষ্কাৰ কৰি মা দুৰ্গাৰ মূৰ্তি বা ফটো স্থাপন কৰক । ধূপ জ্বলোৱা, মাতৃৰ সন্মুখত প্ৰদীপ জ্বলোৱা আৰু মাতৃৰ ঘিউৰ দীপৰ পৰা আৰতি কৰা হয় । শৈলপুত্ৰী মাতা, দুৰ্গা চালিছা, দুৰ্গা স্তুতি বা দুৰ্গা সপ্তশতিৰ কাহিনী আবৃত্তি কৰক।

দ্ৰিক পঞ্চাঙৰ মতে ঘটস্থাপন মুহুৰ্ত প্ৰতিপদ তিথিত পৰে । ঘটস্থাপন মুহুৰাট পুৱা ০৬:১১ বজাত আৰম্ভ হৈ ০৭:৫১ বজাত শেষ হ’ব, আৰু ঘটস্থাপন অভিজিৎ মুহুৰ্ত পুৱা ১১:৪৮ বজাত আৰম্ভ হৈ নিশা ১২:৩৬ বজাত শেষ হ’ব । ইয়াৰ উপৰিও ২৬ ছেপ্টেম্বৰৰ পুৱা ০৩:২৩ বজাত আৰম্ভ হৈ ২৭ ছেপ্টেম্বৰৰ পুৱা ০৩:০৮ বজাত প্ৰতিপদ তিথি সমাপ্ত হয়(Navratri 2022 Puja vidhi and mantras) ।

কোন আছিল মা শৈলপুত্ৰী ? শৈলপুত্ৰীৰ পূজাৰ বিষয়ে সমষ্ট ইয়াতে জানি লওক

দেৱী শৈলপুত্ৰী পূজা মন্ত্ৰ আৰু প্ৰাৰ্থনা:

ওম দেৱী শৈলপুত্ৰাই নমহঃ

বন্দে বংশিতালাভয়া চন্দ্ৰধাক্ৰিতাশেখৰামঃ

বৃষাৰুধাম শুলাধৰম শৈলপুত্ৰিম যশস্বিনিমঃ

লগতে পঢ়ক:পূজা সমাগত: জানক দূৰ্গা পূজাৰ তাৎপৰ্য আৰু মহত্ব

Last Updated : Sep 26, 2022, 12:42 PM IST

ABOUT THE AUTHOR

...view details