কেতিয়াবা আপুনি হঠাতে হাঁচিবলৈ আৰম্ভ কৰে আৰু তাৰ পাচত চকুৰে পানী বৈ আহে, আপোনাৰ লগতো হয়নে এনেকুৱা ? যদি হয়, তেন্তে আপোনাৰো আছে ঋতুভিত্তিক এলাৰ্জীৰ সমস্যা । ঋতুভিত্তিক এলাৰ্জী হৈছে এক বিশেষ ধৰণৰ এলাৰ্জী, যিটো কেৱল এটা বিশেষ ঋতুতহে হয় । কিন্তু কিয় এনেকুৱা হয় জানেনে ? দৰাচলতে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই কোনো বিশেষ পদাৰ্থৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া কৰাৰ বাবেই এনে হ’ব পাৰে । সাধাৰণতে পলিনৰ বাবে এনেকুৱা হয়, কিন্তু ইয়াৰ আন কাৰণো থাকিব পাৰে । শৰীৰত এলাৰ্জেনৰ প্ৰৱেশৰ বাবে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই এন্টিবডি উৎপন্ন কৰে, যাৰ বাবে আমাৰ এলাৰ্জী হয় ।
ঋতুভিত্তিক এলাৰ্জীৰ লক্ষণ
ঋতুভিত্তিক এলাৰ্জীৰ কিছুমান লক্ষণৰ সহায়ত আপুনি ইয়াক চিনাক্ত কৰিব পাৰে । সেই লক্ষণসমূহ হ’ল- চকুৰে পানী ওলোৱা, নাকেৰে পানী ওলোৱা, নাক বন্ধ হৈ যোৱা, হাঁচি অহা, চকুত খজুৱতি হোৱা, শৰীৰত খজুৱতি, মুখৰ চাৰিওফালে ফুলি যোৱা আদি । যদি এই লক্ষণসমূহ দেখা দিয়ে, তেন্তে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক । তেওঁলোকে আপোনাক এন্টি এলাৰ্জি ঔষধ দি আপোনাৰ এলাৰ্জী নিৰাময় কৰাত সহায় কৰিব পাৰে । যদিও এলাৰ্জী যথেষ্ট সাধাৰণ, কিছুমান খাদ্য সামগ্ৰীয়ে আপোনাৰ ঋতু অনুসৰি হোৱা এলাৰ্জীৰ পৰা সকাহ পোৱাত সহায় কৰিব পাৰে । জানো আহক, কোনবোৰ খাদ্য সামগ্ৰীৰ সহায়ত আপুনি এলাৰ্জীৰ পৰা সকাহ পাব পাৰে ।
আদা
আদাত প্ৰদাহ নিবাৰণকাৰী গুণ পোৱা যায়, যিয়ে এলাৰ্জীৰ ফলত হোৱা লক্ষণসমূহৰ পৰা উপশম পোৱাত সহায় কৰে । গতিকে আদা খোৱাৰ সহায়ত এলাৰ্জীৰ পৰা সকাহ পাব পাৰি । আদা খোৱাৰ উপৰিও আদাৰ চাহ বনাই পান কৰিব পাৰে ।
টেঙা ফল