অসম

assam

ETV Bharat / sukhibhava

Sawan 3rd Somwar 2023: এইবাৰ শাওন মাহত কৰক এইসমূহ মন্ত্ৰৰ জপ, প্ৰসন্ন হ'ব ভগৱান বিষ্ণু, পাব সকলো পাপৰ পৰা মুক্তি

এই মাহতে যদি ভগৱান বিষ্ণুৰ কিছুমান বিশেষ মন্ত্ৰ জপ কৰা হয়, তেন্তে ভগৱান বিষ্ণু অতি সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয় । আহকচোন জানো এই মন্ত্ৰসমূহ নো কি ?

Chant these mantras in Malmas, Lord Vishnu will be pleased
এইবাৰ শাওন মাহত কৰক এইসমূহ মন্ত্ৰৰ জপ

By

Published : Jul 24, 2023, 1:53 PM IST

ইতিমধ্যে আৰম্ভ হৈছে মলমাহ শাওণ । আজি শাওন মাহৰ ৭ তাৰিখ ৷ ধৰ্মীয় বিশ্বাস অনুসৰি এই মলমাহ ভগৱান বিষ্ণুৰ নামত উচৰ্গা কৰা হয় । এই মাহত যদি ভক্তই সঁচা অন্তৰেৰে বিষ্ণুক পূজা কৰে তেন্তে তেওঁৰ সকলো মনোবাঞ্চা পূৰ্ণ হয় । এই মাহটোক পুৰুষোত্তম মাহ নামেৰেও জনা যায় । এই মাহত যদি ভগৱান বিষ্ণুৰ কিছুমান অমোঘ মন্ত্ৰ জপ কৰা হয়, তেন্তে ভগৱান বিষ্ণু অতি সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয় ।

জ্যোতিষীয়ে কয় যে, প্ৰায় ১৯ বছৰৰ পাছত এই শাওণ মাহত মল মাহ পৰিছে । ভগৱান শংকৰ আৰু বিষ্ণু ভগৱানক সন্তুষ্ট কৰিবলৈ জাতক-জাতিকাৰ বাবে আটাইতকৈ শুভ মাহ বুলি বিবেচিত কৰা হয় । এই মাহত যদি ভক্তই ভগৱান বিষ্ণুৰ কিছুমান বিশেষ মন্ত্ৰ জপ কৰে, তেন্তে তেওঁৰ সকলো পাপ দূৰ হয় আৰু মা লক্ষ্মীয়ে আশীৰ্বাদ প্ৰদান কৰে ।

এই মন্ত্ৰসমূহ জপ কৰক

ওমঃ নমো ভগৱতে বাসুদেৱায়:এইটো জগতপতি শ্ৰী হৰি বিষ্ণুৰ দ্বাদশক্ষৰী মন্ত্ৰ । যদি এই মন্ত্ৰটো শাওন মাহত নিয়ম-নীতি অনুসৰি প্ৰতিদিনে জপ কৰা হয়, তেন্তে অতি সোনকালে ভগৱান বিষ্ণুৱে সন্তুষ্ট হৈ নিজৰ ভক্তসকলৰ সকলো কামনা পূৰ্ণ কৰে বুলি বিশ্বাস কৰা হয় ।

গোবৰ্ধনধৰম বন্দে গোপালম গোপাৰুপিনামগোকুলোৎসৱমিষণ গোবিন্দম গোপীকাপ্ৰিয়ম: শাওন মাহত এই মন্ত্ৰ জপ কৰিলে আপুনি সকলো পাপৰ পৰা মুক্তি পাব পাৰে, ইয়াৰ উপৰিও ব্যক্তিজনে মোক্ষ লাভ কৰে ।

ওমঃ নাৰায়ণ বিদ্মহে বাসুদেৱে ধীমাহী তন্নো বিষ্ণু প্ৰচোদয়ত: যদি শাওন মাহত ভগৱান বিষ্ণুৰ এই মন্ত্ৰ জপ কৰা হয়, তেন্তে ভক্তই বহু উপকাৰিতা লাভ কৰে ।

শান্ত কৰম ভুজংগ শায়নম পদ্ম নভম সুৰশম বিশ্বধৰম গগনসদৃশ্যাম মেঘবৰ্ণম শুভংগমলক্ষ্মীকান্ত কমল নয়নাম যোগিভীৰ্ধন নাগম্যমবন্দে বিষ্ণুম ভাৱভয়াহৰম সৰ্ব লোকায়কান্তম: শাওন মাহত এই মন্ত্ৰ জপ কৰিলে জীৱনৰ সকলো সমস্যা দূৰ হয় । এই মন্ত্ৰ ভগৱান বিষ্ণু পূজাৰ বাবে অতি ফলপ্ৰসূ বুলি গণ্য কৰা হয় ।

লগতে পঢ়ক:Sawan 2023: শাওন মাহত ব্ৰত ৰাখিবলৈ গৈ আছে নেকি ? তাৰ পূৰ্বে প্ৰথমে এই গুৰুত্বপূৰ্ণ টিপছবোৰ জানি লওক

ABOUT THE AUTHOR

...view details