নিউজ ডেস্ক,৮আগষ্ট: বিশ্বৰ বিভিন্ন দেশৰ সমান্তৰালকৈ পেৰুৰ গৱেষক সকলেওঁ ক'ৰণাৰ ৰোগ প্ৰতিৰোধক উদ্ভাৱনৰ বাবে চলাই গৈছে গৱেষণা । পেৰুৰ গৱেষক সকলে লামা নামৰ প্ৰাণীবিধৰ তেজৰ পৰা উৎপন্ন হোৱা ৰোগ প্ৰতিৰোধক Tito ৰ ওপৰত ব্যাপক ভাৱে আৰম্ভ কৰিছে গৱেষণা ।
ইতিমধ্যে বিশ্বৰ গৱেষক সকলেওঁ এইবিধ ৰোগ প্ৰতিৰোধকক মান্যতা দি স্বীকাৰ কৰিছে যে, ই ক'ৰণাৰ ভাইৰাছৰ বিৰুদ্ধে নিশ্চয়কৈ কাম কৰিব পাৰিব । গৱেষকসকলে প্ৰকাশ কৰা অনুসৰি, যেতিয়া দেহত ভাইৰাছৰ সংক্ৰমণ ঘটে তেতিয়া এইবিধ ৰোগ প্ৰতিৰোধক প্ৰটিনলৈ ৰূপান্তৰিত হয় । এইসমূহ প্ৰটিনে ভাইৰাছৰ লগত যুদ্ধ কৰি সিহঁতক ধ্বংস কৰাত সহায় কৰে ।
গৱেষক সকলৰ ধাৰণা, লামাৰ তেজৰ পৰাই প্ৰয়োজনীয় প্ৰতিৰোধক সৃষ্টি কৰিব পৰা যাব । অৱশ্যে এই সমূহ ৰোগ প্ৰতিৰোধক মানৱ দেহত থকা ৰোগ প্ৰতিৰোধকতকৈ যথেষ্ট ক্ষুদ্ৰ । কিন্তু ইয়াৰ পৰা সম্ভাব্য ৰোগ প্ৰতিৰোধকক পৃথক কৰাৰ লগতে নতুন ঔষধ উদ্ভাৱন কৰিবলৈ এক দীঘলীয়া পৰিক্ৰমা অতিক্ৰম কৰিব লাগিব ।