এটা নতুন অধ্যয়ন অনুসৰি দ্বিতীয় প্ৰকাৰৰ ডায়বেটিছ থকা লোকসকল যাৰ জ্ঞানগত বিকাৰ আছে তেওঁলোকৰ কেৱল ডায়েবেটিছত আক্ৰান্ত ব্যক্তিসকলৰ তুলনাত ষ্ট্ৰোক, হৃদআক্ৰমণ বা মৃত্যুৰ আশংকা অধিক হ'ব পাৰে (Individuals with diabetes cognitive decline should keep in mind of heart attack) । ফলাফলবোৰ এণ্ডোক্ৰাইন চ’ছাইটিৰ জাৰ্নেল অফ ক্লিনিকেল এণ্ডোক্ৰিন’লজি এণ্ড মেটাব’লিজমত প্ৰকাশ হৈছিল ।
যেতিয়া এজন ব্যক্তিয়ে তেওঁৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলোৱা নতুন বস্তু মনত ৰখাত অসুবিধা পাই, শিকাত কষ্ট অনুভৱ কৰে, মনোযোগ দিয়া বা সিদ্ধান্ত লোৱাত সমস্যাৰ সন্মুখীন হয় তেতিয়া তাক জ্ঞানগত বিকাৰ বুলি কোৱা হয় (Cognitive decline) । আমেৰিকা যুক্তৰাষ্ট্ৰত 16 নিযুতৰো অধিক লোক জ্ঞানগত বিকাৰৰ সৈতে জীয়াই আছে ৷ বয়স হৈছে আটাইতকৈ ডাঙৰ বিপদাশংকাৰ কাৰক, কিয়নো এই ৰোগৰ ফলত পিছলৈ এলঝেইমাৰ, ডায়েবেটিচ, হৃদৰোগ, ষ্ট্ৰোক বা মৃত্যু হ'ব পাৰে ।