ক’ৰণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত সলনি হৈ পৰিছিল সকলোৰে দৈনন্দিন জীৱন যাত্ৰা ৷ মহামাৰীৰ ঢৌৱে কোবাই গ’ল সমগ্ৰ পৃথিৱীক ৷ স্তব্ধ হৈ পৰিছিল দৈনন্দিন কৰি থকা সকলো কৰ্মৰাজি ৷ সকলোৱে ঘৰৰ ভিতৰতে পাৰ কৰিবলগীয়া হৈছিল সময় ৷ শিশুৰ পৰা বুঢ়ালৈকে সকলোৰে বাবে ম’বাইল, টেলিভিছন, ৰেডিঅ’ই হৈ পৰিছিল একমাত্ৰ যোগাযোগৰ মাধ্যম ৷ বাহিৰা ক্ৰিয়া কলাপ বন্ধ হৈ পৰাত বেছি সংখ্যক মানুহৰে দৈনন্দিন ৰুটিনখন সলনি হৈ পৰিছিল ৷ বিশেষকৈ শিশু সকলৰ ক্ষেত্ৰত এই মহামাৰীৰ ফলত বিৰূপ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে ৷ অনলাইন জগত খনৰ সৈতে পৰিচিত হৈ পৰাৰ পিছত বেছিভাগৰেই ইয়াৰ প্ৰতি আসক্তি বৃদ্ধি পালে লগতে খোৱা বোৱাৰ ক্ষেত্ৰতো অনিয়মীয়া অভ্যাস গঢ় লৈ উঠিল ৷ সময় আগবঢ়াৰ লগে লগে সকলোবোৰ হৈ পৰিছে ডিজিটেল ৷ ক’ৰণা মহামাৰীৰ ফলত মানুহৰ ঘৰৰ বাহিৰলৈ যোৱা বন্ধ হৈ পৰিল যদিও নিয়মীয়াকৈ চলি থাকিল সংযোগ ৷ প্ৰথমবাৰৰ বাবে অনলাইন শিক্ষা তথা অফিচিয়েল কাম-কাজে ঠাই ল’লে বহু স্থানত ৷
শিক্ষাৰ ক্ষেত্ৰত ক’বলৈ গ’লে বিদ্যাৰ্থীসকল আৱদ্ধ হৈ পৰিল ভাৰ্চুৱেল শ্ৰেণীকোঠাত ৷ ম’বাইল, কম্পিউটাৰ ন’হলে লেপটপৰ সন্মুখত বহি শিক্ষা আহৰণ কৰিবলৈ শিকিলে ছাত্ৰ-ছাত্ৰীয়ে ৷ ইয়াৰ ফলস্বৰূপে শাৰিৰীক ব্যায়ামৰ পৰা একেবাৰে আঁতৰি আহিল শিক্ষাৰ্থী ৷ স্ক্ৰীণতে আৱদ্ধ হৈ থাকি গঢ় লৈ উঠিল অস্বাস্থ্যকৰ খাদ্যাভ্যাস ৷ ই শিশুৰ শাৰীৰিক, মানসিক আৰু সামাজিক বিকাশত যথেষ্ট প্ৰভাৱ পেলাইছে । এতিয়া পৰিস্থিতি শাম কটাত পুনৰ মুকলি হৈছে শিক্ষানুষ্ঠান সমূহ ৷ ইয়াৰ বাবে প্ৰয়োজন আহি পৰিছে শিক্ষাৰ্থী সকলক শাৰিৰীক আৰু মানসিকভাৱে প্ৰস্তুত কৰি তোলাৰ ৷ তাৰ লগতে বেছিকৈ মন দিবলগীয়া কথাটো হৈছে, শিশুসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কেনেদৰে বৰ্তাই ৰাখি পাৰি ৷
পুষ্টিকৰ আহাৰৰ অভাৱৰ ফলত শিশুৰ জ্ঞানগত বিকাশ বাধাগ্ৰস্ত হ'ব পাৰে ৷ শিক্ষা আহৰণত বাধা আহিব পাৰে আৰু শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ'ব পাৰে । সেয়ে পুষ্টিকৰ খাদ্য যোগান ধৰি পিতৃ-মাতৃয়ে শিশুসকলক ভৱিষ্যতৰ বাবে সাজু কৰা উচিত (Build children immune system) ৷ এনে বহুতো পুষ্টিগত খাদ্য আছে যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা নিয়ন্ত্ৰণ, গঠন আৰু শক্তিশালী কৰাত সহায় কৰে আৰু শিশুৰ স্বাস্থ্য বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । ফল, পাচলি, দুগ্ধজাত সামগ্ৰী, মাহজাতীয় শস্য, বাদাম আৰু খাদ্যশস্যত এই পুষ্টি পোৱা যায় (Immune system food) । অভিভাৱকসকলে ৰাতিপুৱা নতুবা দুপৰীয়াৰ আহাৰত নিয়মীয়াকৈ এই ধৰণৰ খাদ্য অন্তৰ্ভূক্ত কৰিব লাগে ৷
ভিটামিন চি:
শৰীৰত উৎপন্ন হোৱা এক অত্যাৱশ্যকীয় ভিটামিন ৷ বহুতো খাদ্য গোটত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায় । কমলা আৰু নেমুৰ দৰে ফল বোৰ ভিটামিন চি ৰ এক উৎকৃষ্ট উৎস ৷ পাচলৰ ক্ষেত্ৰত ব্ৰকলি, ফুলকবি আৰু জলকীয়া ভিটামিন চি সমৃদ্ধ ৷
ভিটামিন ই:
এক মুখ্য এণ্টিঅক্সিডেণ্ট যি স্নায়ুতন্ত্ৰ স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে ৷ শৰীৰৰ বাবে এক গুৰুত্বপূৰ্ণ পুষ্টি যিয়ে কোষৰ বিকাশত সহায় কৰে । শিশুৰ ক্ষেত্ৰত মজলীয়াভাৱে আৱশ্যক ভিটামিন ই ৷ বনস্পতি তেল, বাদাম, বীজ, শাক আৰু সেউজীয়া পাচলিত ভিটামিন ই পোৱা যায় ।
চেলেনিয়াম:
শৰীৰৰ সক্ৰিয় কাৰ্যকলাপৰ বাবে এক গুৰুত্বপূৰ্ণ খনিজ যিয়ে দেহত স্বাস্থ্যৱান কোষবোৰৰ অৱস্থিতিৰ ইংগিত দিয়ে । ই এক উৎকৃষ্ট এণ্টিঅক্সিডেণ্ট আৰু শাক-পাচলিত প্ৰচুৰ পৰিমাণে পোৱা যায় । এই খনিজ পদাৰ্থৰ উৎকৃষ্ট উৎস হ’ল বীন, কাঠফুলা আৰু সূৰ্যমুখী ফুলৰ বীজ । কুকুৰা আৰু কিছুমান সাগৰীয় খাদ্যতো খনিজ পোৱা যায় ।
আৰ্জিনাইন: