অসম

assam

ETV Bharat / sukhibhava

Raveena Tandon: ৫০ বছৰ বয়সৰ পিছতো ছালক কম বয়সীয়া কৰি ৰাখিবলৈ ব্যৱহাৰ কৰক ৰবীনাৰ এই ফেচ পেক - ৰবীনা টেণ্ডনে তেওঁৰ 49 বছৰীয়া জন্মদিন উদযাপন কৰে

শেহতীয়াকৈ মোহময়ী অভিনেত্ৰী ৰবীনা টেণ্ডনে তেওঁৰ 49 বছৰীয়া জন্মদিন উদযাপন কৰে ৷ তেওঁৰ জন্মদিন উদযাপনৰ ফটো ভাইৰেল হোৱাৰ পাছতে অনুৰাগীসকলে তেওঁ সৌন্দৰ্য দেখি আচৰিত হৈ পৰে ৷ কিয়নো এতিয়াও সেই পূৰ্বৰ দৰেই তেওঁ ধুনীয়া তথা আকৰ্ষণীয় হৈ আছে ৷ অভিনেত্ৰীগৰাকীয়ে ছালৰ যত্নৰ বাবে এক প্ৰাকৃতিক ফেচ পেক ব্যৱহাৰ কৰে, যিয়ে তেওঁৰ ছাল নিখুঁত আৰু উজ্জ্বল কৰি তোলে ৷ আজি এই বিষয়ে জানো আহক-

Raveena Tandon is still looking younger with a special face pack
৫০ বছৰ বয়সৰ পিছতো ছালক কম বয়সীয়া কৰি ৰাখিবলৈ ব্যৱহাৰ কৰক ৰবীনাৰ এই ফেচ পেক

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 6:12 PM IST

নব্বৈ দশকৰ পৰা বৰ্তমানলৈ দৰ্শকৰ মনত ৰাজত্ব কৰা অভিনেত্ৰী ৰবীনা টেণ্ডনৰ সৌন্দৰ্যৰ বিষয়ে হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই ৷ যাৰ বাবে প্ৰতিগৰাকী অনুৰাগীয়েই তেওঁৰ সৌন্দৰ্যৰ ৰহস্য জানিবলৈ উন্মাদ হৈ থাকে ৷ ৰবীনাই শেহতীয়াকৈ তেওঁৰ 49 বছৰীয়া জন্মদিন উদযাপন কৰে ৷ তেওঁৰ জন্মদিন উদযাপনৰ ফটো ভাইৰেল হোৱাৰ পাছতে অনুৰাগীসকলে তেওঁ সৌন্দৰ্যতা দেখি আচৰিত হৈ পৰে ৷ কিয়নো এতিয়াও সেই আগৰ দৰেই ধুনীয়া তথা আকৰ্ষণীয় হৈ আছে ৰবীনা টেণ্ডন ৷

কিন্তু আপুনি জানি আচৰিত হ'ব যে অভিনেত্ৰীগৰাকীয়ে ব্যয়বহুল সামগ্ৰীৰ পৰিৱৰ্তে ঘৰুৱা প্ৰতিকাৰৰ দ্বাৰা নিজৰ ছালৰ যত্ন লয় ৷ হয়, এক অনুষ্ঠানত ৰবীনাই নিজেই এই বিষয়ে মুকলিকৈ প্ৰকাশ কৰে ৷ অভিনেত্ৰীগৰাকীয়ে ছালৰ যত্নৰ বাবে এক প্ৰাকৃতিক ফেচ পেক ব্যৱহাৰ কৰে, যিয়ে তেওঁৰ ছাল নিখুঁত আৰু উজ্জ্বল কৰি তোলে ৷ আজি এই বিষয়ে জানো আহক-

আটা-ক্ৰীমৰে তৈয়াৰী ফেচ পেক

অভিনেত্ৰীগৰাকীয়ে ছালখন ধুনীয়া কৰি ৰাখিবলৈ ঘেঁহুৰ আটা আৰু ক্ৰীমেৰে তৈয়াৰ কৰা ফেচ পেক ব্যৱহাৰ কৰে ৷ এই ফেচ পেকটো প্ৰস্তুত কৰিবলৈ আপুনি এটা বাটিত অলপ ঘেঁহুৰ আটা ল'ব ৷ এতিয়া এই আটাত অকনমান সতেজ ক্ৰীম আৰু হালধি ভালদৰে মিহলি কৰি মুখত প্ৰয়োগ কৰিব ৷ ইয়াক কমেও ২০ৰ পৰা ২৫মিনিটৰ বাবে মুখত লগাই ৰাখিব ৷ ইয়াৰ পিছত পৰিস্কাৰ পানীৰে মুখখন ভালদৰে ধুই পেলাব ৷

অভিনেত্ৰীগৰাকীৰ মতে, আটাই ছালক ভিতৰৰ পৰা পৰিস্কাৰ কৰে আৰু ইয়াৰ উজ্জ্বলতা বৃদ্ধি কৰে ৷ আনহাতে, সতেজ ক্ৰীমে ছালৰ আৰ্দ্ৰতা বজাই ৰখাৰ লগতে এক চিকুট এন্টি ইনফ্লেমেটৰী গুণাগুণেৰে সমৃদ্ধ হালধিয়ে ছালৰ ৰং আৰু অধিক উন্নত কৰে ৷ সেয়েহে, যদিহে আপুনি ৰবীনা টেণ্ডনৰ দৰে বয়স বৃদ্ধি হোৱাৰ পাছতো কম বয়সীয়াৰ দৰে ছাল উজ্জ্বল তথা সতেজ হোৱাটো বিচাৰে, তেন্তে আপুনি এই ফেচ পেক এবাৰ ব্যৱহাৰ কৰি চাব পাৰে ৷

লগতে পঢ়ক:Skin Care Tips: ছালত বয়সৰ চাপ পৰাৰ পৰা পৰিত্ৰাণ পাবলৈ আজিৰে পৰাই খাবলৈ আৰম্ভ কৰক এইসমূহ খাদ্য

ABOUT THE AUTHOR

...view details