অসম

assam

ETV Bharat / sukhibhava

Raksha Bandhan 2023: হাতত বন্ধা ৰাখীয়ে আপোনাৰ ভাতৃ-ভগ্নীক কৰিব পাৰে অসুস্থ, এইবোৰ দিশত লওক বিশেষ যত্ন - ৰাখীবন্ধন 2023

ধৰি লওক আপুনি আপোনাৰ ভাতৃ-ভগ্নীক আটাইতকৈ ধুনীয়া আৰু বহুমূলীয়া ৰাখী দিব বিচাৰে । কিন্তু ৰাখী কিনা বা বান্ধি থাকোঁতে সদায় কিছুমান গুৰুত্বপূৰ্ণ দিশৰ যত্ন লোৱাটো উচিত । সেয়া কি জানো আহক...

Raksha Bandhan 2023:
হাতত বন্ধা ৰাখীয়ে আপোনাৰ ভাতৃ-ভগ্নীক কৰিব পাৰে অসুস্থ, এইবোৰ দিশত লওক বিশেষ যত্ন

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 8:32 PM IST

কাইলৈ ভাতৃ-ভগ্নী প্ৰেমৰ প্ৰতীক ৰখীবন্ধন উৎসৱ উৎযাপন কৰা হ’ব । এই দিনটোতে ভগ্নীয়ে ভাতৃক হাতৰ মণিবন্ধত ৰাখী বান্ধে । আনহাতে ভাইসকলে বিনিময়ত তেওঁলোকক গোটেই জীৱন ৰক্ষা কৰিবলৈ আৰু উপহাৰ দিবলৈ শপত খায় । আজিকালি অনলাইন প্লেটফৰ্মৰ পৰা আৰম্ভ কৰি ঘৰৰ আশে-পাশে থকা দোকান-পোহাৰলৈকে সকলোতে বিভিন্ন ডিজাইন আৰু ৰঙৰ ৰাখী দেখা পোৱা গৈছে । প্ৰতিগৰাকী ভগ্নীয়ে নিজৰ ভাতৃক এডাল ধুনীয়া ৰাখী বান্ধিব বিচাৰে । কিন্তু বহু সময়ত ৰাখী কিনাৰ সময়ত আমি কিছুমান এনেকুৱা ভুল কৰো, যাৰ বাবে ভাই-ভনীৰ স্বাস্থ্যৰ ওপৰত বেয়াকৈ প্ৰভাৱ পৰিব পাৰে ।

ধৰি লওক আপুনি আপোনাৰ ভাইটিক আটাইতকৈ ধুনীয়া আৰু বহুমূলীয়া ৰাখী দিব বিচাৰে । কিন্তু ৰাখী কিনা বা বান্ধি থাকোঁতে সদায় কিছুমান গুৰুত্বপূৰ্ণ দিশৰ যত্ন লোৱাটো উচিত । যাতে সেই ৰাখীৰ দ্বাৰা আপোনাৰ ভাতৃৰ স্বাস্থ্যৰ ওপৰত কোনো প্ৰভাৱ নপৰে । ৰাখীৰ বাবে কি কি স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে জানো আহক

১)ৰাখী টানকৈ বান্ধিব নালাগে: ভাইৰ লগত ৰাখী বান্ধি থাকোঁতে সদায় মনত ৰাখিব যে ৰাখী একেবাৰে টানকৈ বান্ধিব নালাগে । কাৰণ ইয়াৰ ফলত তেজৰ সোঁতত বেয়া প্ৰভাৱ পৰিব পাৰে আৰু হাতৰ মণিবন্ধত বিষ হ’ব পাৰে ।

২) হাতত বিন্ধা ডিজাইন:বহু ৰাখীৰ ডিজাইন এনেকুৱা যে হাতৰ মণিবন্ধত বিন্ধিবলৈ আৰম্ভ কৰে । ইয়াৰ ফলত ছাল চিগি ৰক্তক্ষৰণ হ’ব পাৰে । সেইবাবেই যেতিয়াই ৰাখী কিনিব তেতিয়াই সদায় কোমল সূতা আৰু ডিজাইনহে তৈয়াৰী ৰাখীহে ক্ৰয় কৰিব ।

৩) প্লাষ্টিকৰ ৰাখী বন্ধাৰ পৰা বিৰত থাকক:বহু ভগ্নীয়ে প্লাষ্টিকৰ ৰাখী কিনি ভাই-ভনীৰ ধুনীয়া ডিজাইনৰ ৰাখী পিন্ধাবলৈ বিচাৰে । আনহাতে প্লাষ্টিকৰ ৰাখী কেতিয়াও পিন্ধিব নালাগে । কাৰণ প্লাষ্টিক অশুদ্ধ বস্তুৰে তৈয়াৰ কৰা হয়, যাৰ ফলত স্বাস্থ্যৰ বাবে সমস্যাৰ সৃষ্টি হ’ব পাৰে ।

লগতে পঢ়ক:Sugar Side Effects: আপুনি জানেনে ? আপোনাৰ ছালৰ ক্ষতি কৰিব পাৰে মিঠা খাদ্যই

ABOUT THE AUTHOR

...view details