জলাতংক বা ৰেবিজ ৰোগ হৈছে এক প্ৰকাৰৰ জুনোটিক ৰোগ ৷ যাৰ কাৰণ সাধাৰণতে মানুহে কেৱল কুকুৰে কামোৰাৰ ফলত হোৱা বুলি গণ্য কৰে ৷ কিন্তু বেছিভাগ মানুহেই নাজানে যে কেৱল কুকুৰেই নহয় কেতিয়াবা আন কিছুমান জন্তুৱে কামোৰাৰ ফলতো জলাতংক ৰোগ হ’ব পাৰে ৷ সেয়ে জলাতংক ৰোগৰ সৈতে জড়িত তথ্যসমূহৰ বিষয়ে সাধাৰণ জনতাক সজাগ কৰাৰ লগতে এই ৰোগৰ কাৰণ আৰু নিদানৰ বিষয়ে তথ্য বিয়পোৱাৰ উদ্দেশ্যেৰে প্ৰতি বছৰে ২৮ ছেপ্টেম্বৰৰ দিনা বিশ্ব জলাতংক দিৱস পালন কৰা হয় ৷ এইবাৰ এই বিশেষ দিৱস ‘এজনৰ বাবে সকলো বাবে, সকলোৰে বাবে এক স্বাস্থ্য’ (One for all, All for one) শীৰ্ষক বিষয়বস্তুৰ সৈতে উদযাপন কৰা হৈছে ৷
জলাতংক কি ? তথা ইয়াৰ পৰিসংখ্যা
বিভিন্ন স্বাস্থ্য সম্পৰ্কীয় ৱেবছাইটত উপলব্ধ তথ্য অনুসৰি বিশ্বজুৰি প্ৰতি বছৰে জলাতংক ৰোগত প্ৰায় ৫৫,০০০ৰ পৰা ৬০,০০০ মানুহৰ মৃত্যু ঘটে ৷ যদি আমি জলাতংক ৰোগত হোৱা মৃত্যুৰ পৰিসংখ্যা বিবেচনা কৰোঁ তেন্তে ভাৰতত প্ৰতি বছৰে এই কাৰণতে প্ৰায় ২০ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে ৷ আনহাতে দক্ষিণ-পূব এছিয়াৰ আন দেশসমূহত এই সংখ্যা ৬৫% পৰ্যন্ত ৷
জলাতংক আচলতে এটা জুনোটিক ৰোগ যিটো ৰেবিজ নামৰ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত জীৱ-জন্তুৱে কামোৰাৰ ফলত মানুহলৈ সংক্ৰমিত হয় ৷ কেৱল কুকুৰে কামোৰাৰ বাবেই যে এই বেমাৰ হয় তেনে নহয় ৷ মেকুৰী, বান্দৰ, ফেৰেট (মেকুৰী প্ৰকৃতিৰ এটি বিৰল বন্যপ্ৰাণী), ছাগলী, বাদুলি, বিভাৰ, শিয়াল, ৰেকুন আদি আন কিছুমান প্ৰাণীৰ কামোৰৰ ফলতো ইয়াৰ সৃষ্টি হ’ব পাৰে ৷ কিন্তু বেছিভাগ ক্ষেত্ৰতে আক্ৰান্ত কুকুৰে কামোৰাৰ ফলত হয় ৷
ৰেবিজ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত প্ৰাণীৰ লেলাউটিত পোৱা যায় ৷ কোনো আক্ৰান্ত জন্তুৱে যেতিয়া কাৰোবাক কামোৰে বা তাৰ লেলাউটি, আঁচোৰ বা আন কোনো মাধ্যমেৰে ব্যক্তিজনৰ ছালত ভাইৰাছ প্ৰৱেশ কৰে ৷ তেতিয়া সেই ভাইৰাছ ব্যক্তিজনৰ দেহত বিয়পিবলৈ আৰম্ভ কৰে ৷
এইটো এটা মাৰাত্মক ভাইৰাছ ৷ বিশ্বাস কৰা হয় যে এই ভাইৰাছৰ প্ৰভাৱ এবাৰ মগজুলৈ গ’লে ইয়াৰ চিকিৎসা আৰু সম্ভৱ নহয় ৷ এই অৱস্থাত ভুক্তভোগীৰ জীয়াই থকাটোও সম্ভৱ নহয় ৷ চিকিৎসকৰ মতে, যদি কোনো আক্ৰান্ত জন্তুৱে কামোৰাৰ ৮ৰ পৰা ১০ দিনৰ ভিতৰত এন্টি ৰেবিজ ভেকচিনকে ধৰি প্ৰয়োজনীয় চিকিৎসা প্ৰদান নকৰে, তেতিয়া ইয়াৰ প্ৰভাৱ মগজুলৈ যায় আৰু কামোৰা জন্তু আৰু ভুক্তভোগী দুয়োৰে মৃত্যু হ’ব পাৰে ৷ গতিকে ইয়াক গুৰুতৰ আৰু মাৰাত্মক ৰোগৰ শ্ৰেণীত ৰখা হয় ৷